ETV Bharat / bharat

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত মজুত আছে প্ৰতিষেধক: কেন্দ্ৰ

author img

By

Published : Apr 28, 2021, 1:02 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অপচয় হোৱা প্ৰতিষেধকসহ এতিয়ালৈকে কৰ'ণা মহামাৰীৰ প্ৰতিষেধকৰ মুঠ ১৪,৬৪,৭৮,৯৮৩টা পালি ব্যৱহাৰ কৰা হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়াও মজুত আছে প্ৰতিষেধকৰ ১ কোটিৰো অধিক পালি । অনাগত তিনি দিনত প্ৰতিষেধকৰ ৮০ লাখৰো অধিক পালি যোগান ধৰা হ'ব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ।

প্ৰতিষেধকৰ ৮০ লাখৰো অধিক পালি যোগান ধৰা হ'ব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক
প্ৰতিষেধকৰ ৮০ লাখৰো অধিক পালি যোগান ধৰা হ'ব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: মহাৰাষ্ট্ৰ চৰকাৰৰ বিষয়াই ৰাজ্যখনত ক'ভিড-১৯ৰ প্ৰতিষেধকৰ অভাৱৰ বাবে টীকাকৰণ অভিযানত বিৰূপ প্ৰভাৱ পৰিছে বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । মঙলবাৰে মন্ত্ৰালয়ে জনাই যে, দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়াও প্ৰতিষেধকৰ ১ কোটিৰো অধিক পালি মজুত আছে । অহা তিনি দিনৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৮০ লাখৰো অধিক পালি যোগান ধৰা হ'ব বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।

মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰতিষেধকৰ মুঠ ১৫,৬৫,২৬,১৪০টা পালি প্ৰদান কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, ২৭ এপ্ৰিলৰ পুৱা ৮ বজালৈকে মহাৰাষ্ট্ৰই প্ৰতিষেধকৰ ১,৫৮,৬২,৪৭০টা পালি লাভ কৰিছে । ইয়াৰ ভিতৰত, 0.22 শতাংশ অপচয় হৈছে আৰু অপচয় হোৱা পালিসহ মুঠ ৰাজ্যখনত ১,৪৯,৩৯,৪১০টা ব্যৱহাৰ কৰা হৈছে । ৰাজ্যখনত এতিয়াও ৯,২৩,০৬০টা পালিৰ উপলব্ধ আছে ।

ইয়াৰ উপৰিও, অহা তিনি দিনত ক'ভিড-১৯ৰ প্ৰতিষেধকৰ ৩,০০,০০০ পালিৰ প্ৰদান কৰা হ'ব বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে । ইফালে, দিল্লীক কেন্দ্ৰই প্ৰতিষেধকৰ ৩৪,৯০,৭১০টা পালি লাভ কৰিছে আৰু মুঠ ৩১,৮৭,৭৯১টা পালি ব্যৱহাৰ কৰা হৈছে । বৰ্তমান দিল্লীত ৩,০২,৯১৯টা পালি মজুত আছে আৰু শীঘ্ৰেই ৩,৫০,০০০ৰো অধিক পালি দিল্লীক প্ৰদান কৰা হ'ব । ৰাজস্থানত এতিয়ালৈকে ১,৩৪,১২,৩৬০ টা পালি যোগান ধৰা হৈছে আৰু অপচয় মুঠ ১,৩০,৯৮,৬০২ টা পালি ব্যৱহাৰ হৈছে ৰাজ্যখনত ।

এতিয়াও ৰাজস্থানত ৩,১৩,৭৫৮টা পালি মজুত আছে আৰু ৪,০০,০০০ পালি যোগান ধৰা হ'ব । উত্তৰ প্ৰদেশত ১,৩৩,৯৬,৭৮০ টা পালি প্ৰদান কৰা হৈছে আৰু অপচয়কে ধৰি মুঠ ১,২৩,৮৬,১৯৯টা পালি ব্যৱহাৰ হৈছে । ৰাজ্যখনত বৰ্তমান ১০,১০,৫৮১ টা পালি মজুত আছে । আনহাতে, গুজৰাটে লাভ কৰা প্ৰতিষেধকৰ পালিৰ সংখ্যা হৈছে ১,২৭,৬৯,৩৩০ টা আৰু মুঠ ব্যৱহাৰ হৈছে ১,২১,৬০,২৫৪টা পালি । ৰাজ্যখনত এতিয়াও ৬,০৯,০৭৬টা পালি আছে আৰু শীঘ্ৰেই কেন্দ্ৰৰ পৰা ৫ লাখ পালি লাভ কৰিব গুজৰাটে ।

পশ্চিমবংগক ১,০৯,৮৩,৩৪০টা পালি প্ৰদান কৰা হৈছে আৰু মুঠ ব্যৱহাৰ হৈছে ১,০৫,৮৬,১৯৪টা । এতিয়াও ৰাজ্যখনত ব্যৱহাৰ নোহোৱাকৈ জমা আছে ৩,৯৭,১৪৬টা পালি আৰু ৪ লাখ পালি শেহতীয়াকৈ ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছে । কৰ্ণাটকক প্ৰদান কৰা ৯৪,৪৭,৯০০টা পালিৰ ভিতৰত মুঠ ব্যৱহাৰ হৈছে ৮৯,০৫,১৭৫ টা পালি । ৰাজ্যখনত ৫,৪২,৭২৫টা পালি মজুত আছে । মধ্য প্ৰদেশত এতিয়ালৈকে ৮৭,২৪,৭২০টা পালি প্ৰদান কৰা হৈছে । ইয়াৰে মুঠ ব্যৱহাৰ হৈছে ৮২,৫৬,৭৫৯টা ।

ৰাজ্যখনত ৪,৬৭,৯৬১টা পালি মজুত আছে আৰু অহা তিনি দিনত ৪,৮০,০০০টাৰো অধিক পালি যোগান ধৰা হ'ব । বিহাৰে ৭৬,৫০,৯৭০টা পালি লাভ কৰিছে আৰু মুঠ ব্যৱহাৰ হৈছে ৬৯,০০,৩৮৩টা পালি । বিহাৰত বৰ্তমান মজুত আছে ৭,৫০,৫৮৭টা পালি আৰু ৰাজ্যখনক প্ৰতিষেধকৰ ৭ লাখৰো অধিক পালি প্ৰদান কৰিব কেন্দ্ৰই । ছত্তিশগড়ত প্ৰতিষেধকৰ ৫৯,১৬,৫৫০টা পালি প্ৰদান কৰা হৈছে আৰু ইয়াৰে ৫৫,৪৪,৪০৩টা পালি ব্যৱহাৰ কৰা হৈছে ।

ৰাজ্যখনত এতিয়াও ৩,৭২,১৪৭ টা পালি মজুত আছে আৰু ২ লাখৰো অধিক পালি যোগান ধৰা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে । লক্ষদ্বীপত প্ৰতিষেধক আটাইতকৈ বেছি নষ্ট হৈছে । প্ৰতিষেধকৰ ৯.৭৬ শতাংশ পালি অপচয় হৈছে লক্ষদ্বীপত । তামিলনাডুত ৮.৮৩ শতাংশ, অসমত ৭.৭০ শতাংশ, মণিপুৰত ৭.৪৪ শতাংশ, হাৰিয়ানাত ৫.৭২ শতাংশ, পঞ্জাৱত ৪.৯৮ শতাংশ, বিহাৰত ৪.৯৫ শতাংশ আৰু ৰাজস্থানত ৪.২৪ শতাংশ অপচয় হৈছে ।

লগতে পঢ়ক:টিপ্ৰা মথাৰ বিপক্ষে ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.