ETV Bharat / bharat

PM Modi on Diplomacy : বিগত এটা মাহত দেশৰ কূটনীতিয়ে নতুন উচ্চতা অৰ্জন কৰিছে; প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:12 PM IST

PM Modi on Diplomacy
PM Modi on Diplomacy

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, তেওঁৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ'বিচিসকলক শক্তিশালী কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে আৰু 'প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা' হৈছে ইয়াৰ এক উদাহৰণ ।

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কয় যে বিগত ৩০ দিনত ভাৰতৰ কূটনীতিয়ে এক নতুন উচ্চতা অৰ্জন কৰিছে । এই সময়ছোৱাত তেওঁ ৮৫ জন বিশ্ব নেতাৰ সৈতে বাৰ্তালাপ কৰা বুলিও উল্লেখ কৰে ।

"বিগত ৩০ দিনত ভাৰতৰ কূটনীতিয়ে এক নতুন উচ্চতা অৰ্জন কৰিছে । ভাৰতৰ প্ৰচেষ্টাৰ ফলত ব্ৰিকছত ছয়খন নতুন ৰাষ্ট্ৰই যোগ হৈছে । দক্ষিণ আফ্ৰিকাৰ পিছত মই গ্ৰীচলৈ গৈছিলোঁ । জি-২০ সন্মিলনৰ পূৰ্বে মই বিশ্বৰ বহুতো নেতাৰ সৈতে বাৰ্তালাপ কৰিছিলোঁ । আজিৰ মেৰুকৰণ কৰা বিশ্বত সকলো দেশকে একেলগে অনাটো এক সৰু সাফল্য নহয় । নতুন দিল্লী ঘোষণা-পত্ৰৰ ওপৰত ১০০ শতাংশৰ সহমত আছিল । জি-২০ৰ কিছুমান সিদ্ধান্তই একবিংশ শতিকাৰ দিশ সলনি কৰাৰ সম্ভাৱনা আছে । ভাৰতৰ প্ৰচেষ্টাৰ বাবে আফ্ৰিকান ইউনিয়নক জি-২০ত অন্তৰ্ভুক্ত কৰা হয় ।" প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত জি-২০ ৰ ফিনালিত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় ।

"চৌডি আৰবে ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে । বিগত ৩০ দিনত প্ৰধানমন্ত্ৰী হিচাপে মই বিশ্বৰ ৮৫ জন নেতাৰ সৈতে বাৰ্তালাপ কৰিছোঁ । এয়া হৈছে অৰ্ধ বিশ্ব । আপোনালোকে হয়তো ভাবিব যে ই আপোনালোকক কেনেদৰে লাভান্বিত কৰিব । ইয়াৰ ফলত দেশৰ যুৱক-যুৱতীসকল উপকৃত হ'ব ।" তেওঁ লগতে কয় ।

আনহাতে, মোদীৰ মতে তেওঁৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ'বিচিসকলক শক্তিশালী কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা হৈছে ইয়াৰ এক উদাহৰণ । "কেন্দ্ৰই প্ৰায় ১ লাখ যুৱক-যুৱতীকো নিযুক্তি প্ৰদান কৰিছে । বিগত ৩০ দিনত নতুন সংসদে নাৰী সংৰক্ষণ বিধেয়ক গৃহীত কৰিছে ।" মোদীয়ে কয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে তেওঁ বাৰাণসীত এখন আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰো আধাৰশিলা স্থাপন কৰে । তেওঁ আৰু কয়, "মই নখন 'বন্দে' ভাৰত ৰে'লৰ শুভাৰম্ভ কৰিছোঁ, যিয়ে আমাৰ শাসনৰ গতি প্ৰদৰ্শন কৰে ।" ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক ডাঙৰ চিন্তা কৰিবলৈ পৰামৰ্শ দিয়ে আৰু কয় যে দেশে যুৱসকলক সমৰ্থন কৰিব ।

"আমি জি-২০-ৰ সভাপতিত্বক দিল্লীকেন্দ্ৰিক দৃষ্টিভংগী হিচাপে ৰাখিব পাৰিলোহেঁতেন । কিন্তু ভাৰতে ইয়াক মানুহকেন্দ্ৰিক কৰি তুলিলে । দ্বিতীয় স্তৰ আৰু তৃতীয় স্তৰৰ ৬০ খন ভাৰতীয় চহৰত প্ৰায় ২০০ খন জি-২০ বৈঠক অনুষ্ঠিত হৈছিল ।" প্ৰধানমন্ত্ৰীয়ে লগতে কয় ।

লগতে পঢ়ক :PM at Rozgar Mela : প্ৰযুক্তিয়ে চৰকাৰী আঁচনিৰ দুৰ্নীতি নিয়ন্ত্ৰণ কৰিছে; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.