ETV Bharat / bharat

মেক্সিকোত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

author img

By

Published : Sep 3, 2022, 1:50 PM IST

Vivekananda
Vivekananda

ওম বিৰলাই শনিবাৰে মেক্সিকোত স্বামী বিবেকানন্দৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে (Om Birla unveiled Vivekananda statue in Mexico) ।

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ : লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শনিবাৰে মেক্সিকোত স্বামী বিবেকানন্দৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে (Om Birla unveiled Vivekananda statue in Mexico) । মূৰ্তি উন্মোচন কৰি তেওঁ কয় যে মানৱতাৰ প্ৰতি বিবেকানন্দৰ শিক্ষাই ভৌগোলিক সীমা আৰু সময় অতিক্ৰম কৰি গৈছে ।

"মেক্সিকোত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সন্মানবোধ কৰিছোঁ (Swami Vivekananda first statue in Mexico)। এইটো লেটিন আমেৰিকাত স্বামীজীৰ প্ৰথম মূৰ্তি (first statue of Vivekananda in Latin America) । এই প্ৰতিমূৰ্তিটো মানুহৰ বাবে, বিশেষকৈ অঞ্চলটোৰ যুৱ প্ৰজন্মৰ বাবে । ই তেওঁলোকৰ দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'ব ।" ওম বিৰলাই টুইট এনেদৰে কয় (Lok Sabha Speaker Om Birla Mexico visit) ।

উল্লেখ্য, ওম বিৰলাই মেক্সিকোলৈ যোৱা ভাৰতীয় সংসদীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে (Indian Parliamentary delegation to Mexico) । "স্বামীজীৰ বাৰ্তা আৰু মানৱতাৰ প্ৰতি শিক্ষাই ভৌগোলিক সীমা আৰু সময় অতিক্ৰম কৰিছে । তেওঁৰ বাৰ্তা সমগ্ৰ মানৱতাৰ বাবে । আজি মেক্সিকোত তেওঁৰ আৱক্ষ মূৰ্তি উন্মোচন কৰি আমি তেওঁলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ (Om Birla humble Tributes to Vivekananda)।" তেওঁ আন এটা টুইটত কয় ।

শুকুৰবাৰে ওম বিৰলাই মেক্সিকোৰ চাপিঙ্গো বিশ্ববিদ্যালয়ত স্বাধীনতা সংগ্ৰামী ড০ পাণ্ডুৰাং খানখোজেৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে । আনহাতে, তেওঁ লেটিন আমেৰিকাৰ আটাইতকৈ পুৰণি কৃষি বিশ্ববিদ্যালয় চাপিঙ্গো বিশ্ববিদ্যালয়ো পৰিদৰ্শন কৰে ৷ তেওঁ মেক্সিকোৰ চেম্বাৰ অব ডেপুটিজৰ সভাপতি ছান্টিয়াগো ক্ৰিলক সাক্ষাৎ কৰে ৷

উক্ত বৈঠকত দুয়োগৰাকী নেতাই পাৰস্পৰিক গুৰুত্বপূৰ্ণ কেইবাটাও বিষয়ত আলোচনা কৰে । তাত তেওঁ লক্ষ্য কৰে যে ভাৰত আৰু মেক্সিকোৰ ঐতিহাসিকভাৱে ঘনিষ্ঠ সম্পৰ্ক আছে আৰু ১৯৪৭ চনত ভাৰতক এখন স্বাধীন দেশ হিচাপে স্বীকৃতি দিয়া মেক্সিকো হৈছে প্ৰথম দেশ । আধুনিক বিশ্বলৈ মেক্সিকোৰ আৱিষ্কাৰ ভাৰত অন্বেষণৰ বাবে আৰম্ভ কৰা এক অভিযানৰ ফল বুলি স্মৰণ কৰি বিৰলাই উল্লেখ কৰে যে বাণিজ্য, অৰ্থনীতি আৰু সংস্কৃতিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী হৈছে ।

দুয়োখন দেশে বিশ্বত সংসদীয় গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ পদ্ধতিও শ্বেয়াৰ কৰি থকা বুলি বিৰলাই উল্লেখ কৰে । ইয়াৰ পূৰ্বে লোকসভাৰ অধ্যক্ষগৰাকীয়ে মেক্সিকো সংসদ কমপ্লেক্সত ভাৰত-মেক্সিকো বন্ধুত্ব উদ্যান উদ্বোধন কৰে (India Mexico friendship garden) । উক্ত উদ্বোধনী অনুষ্ঠানত তেওঁ আশা প্ৰকাশ কৰে যে দুয়োখন দেশৰ মাজত সম্পৰ্কৰ জীপাল প্ৰতীক ভাৰত-মেক্সিকো বন্ধুত্ব উদ্যানে সমগ্ৰ বিশ্বলৈ গণতন্ত্ৰৰ শক্তি আৰু সুবাস বিয়পাই দিব । তেওঁ মেক্সিকান সংসদ আৰু চৰকাৰক ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ধন্যবাদ আৰু প্ৰশংসা কৰে ।

"মেক্সিকো ভ্ৰমণৰ পিছত যেতিয়া মই ইয়াৰ পৰা উভতি যাম, ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে মেক্সিকান সংসদ আৰু চৰকাৰক মোৰ ধন্যবাদ আৰু প্ৰশংসা ব্যক্ত কৰিব বিচাৰোঁ । মই আশাবাদী যে এই ভ্ৰমণে দুয়োখন দেশৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ সুৰ স্থাপন কৰিব ।" তেওঁ টুইটক কয় ।

তেওঁ লগতে বিশ্বাস ব্যক্ত কৰে যে ভাৰত আৰু মেক্সিকোৰ মাজৰ সম্পৰ্ক 'উক্ত উদ্যানৰ ফুলৰ দৰে' বিকশিত হৈ থাকিব ।

লগতে পঢ়ক :বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশৰ তালিকাত ভাৰত পঞ্চম স্থানত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.