ETV Bharat / bharat

Odisha Train Tragedy : জেৰাৰ বাবে চিবিআইৰ জিম্মাত ৩ ৰে'ল কৰ্মচাৰী

author img

By

Published : Jun 12, 2023, 7:31 PM IST

Odisha Train Tragedy
Odisha Train Tragedy

বাহানাগাত সংঘটিত শোকাৱহ তিনিখন ৰে'ল দুৰ্ঘটনাৰ তদন্ত কৰি থকা চিবিআইৰ দলটোৱে সোমবাৰে ভাৰতীয় ৰে'লৱেৰ তিনিজন কৰ্মচাৰীক নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে ।

নিউজ ডেস্ক, ১২ জুন : যোৱা ২ জুনৰ সন্ধিয়া ওড়িশাৰ বালাছোৰৰ বাহানাগা ৰে'ল ষ্টেচনৰ ওচৰত সংঘটিত হয় ভয়ংকৰ ৰে'ল দুৰ্ঘটনা । তিনিখন ৰে'লৰ মাজত সংঘটিত এই দুৰ্ঘটনাত ২৭৫ জনৰো অধিক লোকৰ মৃত্যু হয় । লগত আহত হয় প্ৰায় হাজাৰোধিক যাত্ৰী । দুখন যাত্ৰীবাহী আৰু এখন মালবাহী ৰে'লৰ মাজত সংঘটিত এই দুৰ্ঘটনাটোৰ তদন্তৰ দায়িত্ব ইতিমধ্যে চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে ।

প্ৰতিবেদন অনুসৰি, বাহানাগাত সংঘটিত শোকাৱহ ৰে'ল দুৰ্ঘটনাৰ তদন্তৰ বাবে চিবিআয়ে সোমবাৰে ভাৰতীয় ৰে'লৱেৰ তিনিজন কৰ্মচাৰীক নিজৰ জিম্মাত লৈছে । কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাটোৱে এজন ষ্টেচন মাষ্টাৰ, এজন টেকনিচিয়ান আৰু ভাৰতীয় ৰে'লৱেৰ আন এজন কৰ্মচাৰী নিজৰ জিম্মাত লৈছে । খবৰ অনুসৰি, তিনিওজনকে এক অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে, য'ত তেওঁলোকৰ জেৰা চলি আছে ।

উল্লেখ্য, গোচৰটোৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছত চিবিআইৰ বিষয়াসকলে এই শোকাৱহ দুৰ্ঘটনাটোৰ কাৰণ বিচাৰি পৰিস্থিতিৰ গভীৰতালৈ আগবাঢ়িছে । কিয়নো এই দুৰ্ঘটনাৰ আঁৰত সম্ভাৱ্য ষড়যন্ত্ৰ আৰু কাৰিকৰী বিজুতিৰ দৰে কেইবাটাও প্ৰশ্ন এতিয়াও উত্তৰবিহীন হৈ আছে ।

ইয়াৰ পূৰ্বে চিবিআয়ে তেওঁলোকৰ কল ৰেকৰ্ড, হোৱাটছএপ মেছেজ আৰু ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ পৰীক্ষা কৰিবলৈ কেইগৰাকীমান ৰে'ল কৰ্মচাৰীৰ মোবাইল ফোন জব্দ কৰিছিল । তদুপৰি চিবিআয়ে তদন্তৰ অংশ হিচাপে লোকো পাইলটসকলকো সোধা-পোছা কৰে ।

আনহাতে, ফৰেনচিক আৰু কাৰিকৰী দলৰ সহায়ত চিবিআয়ে ইতিমধ্যে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পুংখানুপুংখ তদন্ত চলাইছে । চিবিআইৰ ১০ জনীয়া দলটোৱে বাহানাগা ৰে'ল ষ্টেচন পৰিদৰ্শন কৰাৰ লগতে তদন্ত আৰম্ভ কৰে । চিবিআইৰ চোৰাংচোৱাসকলৰ লগত এটা ফৰেনচিক দলো আছে । দলটোৱে অনুসন্ধানৰ অংশ হিচাপে মূল লাইন আৰু লুপ লাইনো পৰিদৰ্শন কৰে । দলটোৰ কেইগৰাকীমান সদস্যই ছিগনেল কোঠা পৰিদৰ্শন কৰে আৰু তাত থকা বিষয়াসকলক সোধা-পোছা কৰে । উল্লেখ্য যে ৰে'লৱে ব'ৰ্ডেও যোৱা ৪ জুনত এই শোকাৱহ দুৰ্ঘটনাটোৰ চিবিআই তদন্তৰ পৰামৰ্শ দিয়ে ।

ইয়াৰ পূৰ্বে, ৰে'ল সুৰক্ষা বিভাগৰ মুখ্য আয়ুক্ত শৈলেশ কুমাৰ পাঠকে ৫ জুনত দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে । তেওঁ বাহানাগা ৰে'ল ষ্টেচনৰ নিয়ন্ত্ৰণ কক্ষ, ছিগনেল ৰুম আৰু ছিগনেল পইণ্ট পৰিদৰ্শন কৰে । দক্ষিণ-পূব ৰে'লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া আদিত্য কুমাৰ চৌধুৰীয়ে জনোৱা মতে, চিবিআইৰ দলটোৱে দুৰ্ঘটনাটোৰ তদন্তৰ বাবে বালাছোৰত উপস্থিত হৈছে । তেওঁলোকৰ অনুসন্ধান চলি আছে । কিন্তু তেওঁ জনোৱা মতে, চিবিআইৰ অনুসন্ধানৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰিব নোৱাৰে । চিবিআয়ে ঘটনাস্থলীৰ পৰা সকলো প্ৰমাণ আৰু বিৱৰণ সংগ্ৰহ কৰা বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Cyclone Biparjoy : বিপৰ্যয় ঘূৰ্ণীৰ পৰিস্থিতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.