ETV Bharat / bharat

বাইজুছৰ ব্ৰেণ্ড এম্বেছেডৰ শ্বাহৰুখ খান আৰু লিঅনেল মেছিলৈ জাননী

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 2:33 PM IST

Notice to Shah Rukh Messi
বাইজুছৰ ব্ৰেণ্ড এম্বেছেডৰ শ্বাহৰুখ খান আৰু লিঅনেল মেছিলৈ জাননী

অভিনেতা শ্বাহৰুখ খান, ফুটবলাৰ লিঅনেল মেছি আৰু প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালককে ধৰি মুঠ সাতটা পক্ষক জাননী জাৰি কৰাৰ নিৰ্দেশ দিয়া হয় । লগতে সকলো পক্ষকে ১২ জানুৱাৰীত আয়োগৰ সন্মুখত হাজিৰ হ'বলৈও নিৰ্দেশ দিয়া হৈছে ।

নিউজ ডেস্ক, ২৩ নৱেম্বৰ : আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ লিঅনেল মেছি আৰু বলীউড তাৰকা শ্বাহৰুখ খানৰ বিৰুদ্ধে বিহাৰত এখন জাননী জাৰি কৰা হৈছে । এটা গোচৰ সন্দৰ্ভত এই জননী জাৰি কৰা হৈছে দুয়োগৰাকী তাৰকাৰ বিৰুদ্ধে । উল্লেখ্য যে এই গোচৰটোৰ শুনানি মুজাফ্ফৰপুৰৰ জিলা উপভোক্তা আয়োগত চলি আছে । আনহাতে, গোচৰটোৰ বাবে শুনানিৰ পৰৱৰ্তী তাৰিখ ১২ জানুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে ।

জিলাখনৰ চান্দৱাৰা মহল্লাৰ বাসিন্দা মহম্মদ শমশাদ আহমেদে তেওঁৰ পুত্ৰক শিক্ষা প্ৰতিষ্ঠান আকাশ বাইজুছৰ মুজাফ্ফৰপুৰ শাখাত নামভৰ্তি কৰাই দিছিল । নামভৰ্তিৰ সময়ত তেওঁ নামভৰ্তিৰ সম্পূৰ্ণ মাচুল পৰিশোধ কৰিছিল আৰু ছাত্ৰগৰাকীয়ে প্ৰতিষ্ঠানখনত অধ্যয়ন কৰি থকা দিনৰ বাবেও দৈনিক মাচুল সম্পূৰ্ণভাৱে পৰিশোধ কৰিছিল ।

কিন্তু প্ৰতিষ্ঠানখনৰ শৈক্ষিক ব্যৱস্থাত অসন্তুষ্ট হৈ অভিযোগকাৰীৰ দুই পুত্ৰই প্ৰতিষ্ঠানখন এৰি যোৱাৰ সিদ্ধান্ত লয়। তাৰ পিছতে অভিযোগকাৰীয়ে প্ৰতিষ্ঠানখনক এখন লিখিত জাননী দিয়ে আৰু তাৰ পিছত তেওঁৰ সন্তানে প্ৰতিষ্ঠানখনলৈ যোৱাটো বন্ধ কৰি দিয়ে। কিন্তু কেইদিনমানৰ পিছত অভিযোগকাৰীয়ে জানিব পাৰে যে তেওঁৰ দুয়োটা সন্তানৰ শৈক্ষিক মাচুলৰ বাবে উক্ত প্ৰতিষ্ঠানখনে দুটা পৃথক ঋণ দিছে ।

অভিযোগকাৰীয়ে প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে এই অভিযোগ কৰে । কিন্তু অভিযোগকাৰীৰ গোচৰটো প্ৰতিষ্ঠানখনে নিষ্পত্তি কৰা নাছিল । অভিযোগকাৰীয়ে মানৱ অধিকাৰ অধিবক্তা এছ কে ঝাৰ জৰিয়তে ৩০ অক্টোবৰত জিলা উপভোক্তা আয়োগৰ সন্মুখত এক অভিযোগ দাখিল কৰে । ইয়াৰ ওপৰত আয়োগৰ অধ্যক্ষ পীয়ুষ কমল দীক্ষিত, সদস্য সুনীল কুমাৰ তিৱাৰী আৰু অনুসূয়াৰ সম্পূৰ্ণ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰে ।

ইয়াৰ পিছতে চলচ্চিত্ৰ অভিনেতা শ্বাহৰুখ খান, ফুটবলাৰ লিঅনেল মেছি আৰু প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালককে ধৰি মুঠ সাতটা পক্ষক জাননী জাৰি কৰাৰ নিৰ্দেশ দিয়া হয় । লগতে সকলো পক্ষকে ১২ জানুৱাৰীত আয়োগৰ সন্মুখত হাজিৰ হ'বলৈও নিৰ্দেশ দিয়া হৈছে ।

অধিবক্তা এছ কে ঝায়ে প্ৰকাশ কৰা অনুসৰি, এই সমগ্ৰ গোচৰটো গ্ৰাহক সুৰক্ষা আইনৰ অধীনত সেৱাৰ অভাৱ আৰু ভুৱা বিজ্ঞাপনৰ সৈতে সম্পৰ্কিত, যিটো গ্ৰাহক সুৰক্ষা আইনৰ বিৰোধী । যিহেতু চলচ্চিত্ৰ অভিনেতা শ্বাহৰুখ খান আৰু ফুটবলাৰ লিঅনেল মেছি ইয়াৰ ব্ৰেণ্ড এম্বেছেডৰ, সেয়ে তেওঁলোককো পক্ষ হিচাপে লোৱা হৈছে । আনহাতে, যদি তেওঁলোকে আয়োগে নিৰ্ধাৰণ কৰা তাৰিখত উপস্থিত নহয়, তেন্তে আয়োগে তেওঁলোক সকলোৰে বিৰুদ্ধে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব ।

লগতে পঢ়ক :ৰাজৌৰীত সন্ত্ৰাসবাদ বিৰোধী অভিযান, পুনৰ দুগৰাকী সেনা জোৱান আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.