ETV Bharat / bharat

AIADMK leader D Jayakumar: বিজেপিৰে মিত্ৰতা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে এআইএডিএমকেয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 9:05 PM IST

AIADMK leader D Jayakumar
বিজেপিৰে মিত্ৰতা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে এআইএডিএমকেয়ে

‘বিজেপিৰে মিত্ৰতা সন্দৰ্ভত কেৱল নিৰ্বাচনৰ সময়তহে সিদ্ধান্ত লোৱা হ’ব ।’ এই মন্তব্য এ আই এ ডি এম কেৰ নেতা ডি জয়কুমাৰৰ ৷ তেওঁ লগতে কয় যে, বিজেপিয়ে এ আই এ ডি এম কেৰ সৈতে মিত্ৰতা বিচাৰে কিন্তু তামিলনাডু বিজেপিৰ সভাপতি কে অন্নমলাইয়ে এই মিত্ৰতা বিচৰা নাই ৷

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ: ‘এ আই এ ডি এম কেৰ সৈতে বিজেপিৰ মিত্ৰতা নাই । আমি কেৱল নিৰ্বাচনৰ সময়তহে মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত লম ।’ এই মন্তব্য অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুনাত্ৰ কাঝাগম চমুকৈ এ আই এ ডি এম কেৰ নেতা ডি জয়কুমাৰৰ ৷ তেওঁ লগতে এয়া দলৰ স্থিতিহে, তেওঁৰ ব্যক্তিগত মতামত নহয় বুলি স্পষ্ট কৰি দিয়ে ৷

এ আই এ ডি এম কেৰ নেতা ডি জয়কুমাৰৰ লগতে কয় যে, এ আই এ ডি এম কেৰ সৈতে বিজেপিয়ে মিত্ৰতা বিচাৰে যদিও তামিলনাডু বিজেপিৰ সভাপতি কে আন্নামলাইও এই মিত্ৰতা বিচৰা নাই ৷ তেওঁ আৰু কয় যে, আমি আমাৰ নেতাসকলক ধাৰাবাহিকভাৱে সমালোচনা কৰাটো আমি মানি ল’ব নোৱাৰো । অন্নমলাই ইতিমধ্যে আমাৰ নেত্ৰী জয়ললিতাক সমালোচনা কৰিছে । সেই সময়ত আমি অন্নমলাইৰ বিৰুদ্ধে এটা প্ৰস্তাৱ গৃহীত কৰিছিলো ৷ তেওঁৰ এই কাৰ্য বন্ধ কৰিব লাগিছিল ৷

এ আই এ ডি এম কেৰ নেতাগৰাকীয়ে লগতে কয় যে, কে আন্নামলাইয়ে আন্না, পেৰিয়াৰ আৰু সাধাৰণ সম্পাদকক সমালোচনা কৰিছে । কোনো সদস্যই এই কথা মানি ল’ব নোৱাৰে । কাইলৈ আমি তৃণমূল পৰ্যায়ত একেলগে কাম কৰিব লাগিব । গতিকে কোনো বিকল্প নোহোৱাকৈ আমি এই কথা ঘোষণা কৰিলোঁ ।

তেওঁ আৰু কয় যে, এই সিদ্ধান্তই আমাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় । আমি আমাৰ জয়ক লৈ আত্মবিশ্বাসী ।’ ইয়াৰ পূৰ্বে অন্নমলায়ে প্ৰয়াত মুখ্যমন্ত্ৰী চি এন আন্নাদুৰাইৰ ওপৰতো বিতৰ্কিত মন্তব্য কৰিছিল ৷ যাৰ ফলত বিজেপি আৰু এ আই এ ডি এম কেৰ মাজত বাকযুদ্ধৰ সূত্ৰপাত হৈছিল আৰু এই বাকযুদ্ধ চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল ।

চেন্নাইত ডি এম কে মন্ত্ৰী শেখৰ বাবুৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদৰ সময়ত বল্লুবৰ কোট্টমত অন্নমলাইয়ে অতীতৰ এটা ঘটনাৰ কথা উল্লেখ কৰি কয় যে মুথুৰামলিংগ দেৱাৰে নাস্তিকতাৰ বিৰুদ্ধে কথা কওঁতে অন্নদুৰাইয়ে ভয় খাইছিল আৰু ক্ষমা খুজিছিল । যিহেতু আন্নাদুৰাই ডি এম কে আৰু এ আই এ ডি এম কেৰ স্তম্ভ, সেয়েহে এ আই এ ডি এম কেৰ নেতাসকলেও আন্নাদুৰাইৰ সন্দৰ্ভত আন্নামলাইয়ে কৰা মন্তব্যৰ ওপৰত আক্ৰমণাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়ক: Telangana Election 2023 : তেলেংগানাৰ ১১৯ সমষ্টিত ঘৰে ঘৰে প্ৰচাৰ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.