ETV Bharat / bharat

Ultras Surrender in Tripura: ত্ৰিপুৰাত বিদ্ৰোহী সংগঠন NLFT(BM)ৰ কেডাৰৰ আত্মসমৰ্পণ

author img

By

Published : Dec 8, 2021, 5:51 PM IST

Insurgent surrender in Tripura
ত্ৰিপুৰাত বিদ্ৰোহী সংগঠন NLFT BMৰ কেডাৰৰ আত্মসমৰ্পণ

ত্ৰিপুৰাত বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে NLFT(BM)ৰ তিনিগৰাকীকৈ কুখ্যাত কেডাৰে আত্মসমৰ্পণ কৰে (NLFT members surrendered in Tripura)। বিএছএফৰ হাতত মণিপুৰৰ বিদ্ৰোহী সংগঠন KYKLৰ এগৰাকী সক্ৰিয় সদস্যইও আত্মসমৰ্পণ কৰে ।

আগৰতলা,৮ ডিচেম্বৰ : ত্ৰিপুৰাৰ বিদ্ৰোহী সংগঠনসমূহক নিস্ক্ৰিয় কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে (BSF) । বিভিন্ন কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্যিক নিৰাপত্তা বাহিনীৰ সহযোগত সীমান্ত সুৰক্ষা বাহিনীয়ে বহু স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বিদ্ৰোহী সংগঠনৰ সদস্যসকলক । যাৰ বাবে বিভ্ৰান্ত হৈ পৰিছে সংগঠনসমূহ । বহু বিদ্ৰোহী সংগঠনৰ নেতাই আত্মসমৰ্পণ কৰাৰ লগতে একাংশ সংগঠনে ইতিমধ্যে মূলসূঁতিলৈ আহিবলৈ আৰম্ভ কৰিছে ।

ইয়াৰ মাজতে বুধবাৰে সক্ৰিয় NLFT(BM) বিদ্ৰোহী সংগঠনৰ তিনিজনকৈ সদস্যই বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰে (NLFT members surrendered in Tripura) । আত্মসমৰ্পণকাৰী কেইজন ক্ৰমে NLFT(BM)ৰ সদস্য চুকু চন্দ্ৰ দেৱবৰ্মা, NLFT(BM)ৰ কেডাৰ দেৱা মোহন ত্ৰিপুৰা আৰু পাংখিচান । ইয়াৰোপৰি মণিপুৰৰ বিদ্ৰোহী সংগঠন KYKLৰ বিদ্যানন্দা নামৰ এজন সক্ৰিয় সদস্যও আত্মসমৰ্পণ কৰে (One KYKL active member surrendered in Tripura)।

উত্তৰ ত্ৰিপুৰা জিলাৰ পানীসাগৰস্থিত বিএছএফৰ চেক্টৰ মুখ্য কাৰ্যালয়ৰ উপ-মহাপৰিদৰ্শক ৰাজীৱ কুমাৰ দুৱা আৰু বিএছএফৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত বিদ্ৰোহী সংগঠনৰ কেডাৰ কেইজনে আত্মসমৰ্পণ কৰে । লক্ষণীয়ভাৱে প্ৰাথমিক জেৰাৰ সময়ত আত্মসমৰ্পণ কৰা চুকু চন্দ্ৰ দেববৰ্মাই স্বীকাৰ কৰিছে যে ৩ আগষ্টৰ বিএছএফ জোৱানৰ হত্যাৰ লগত তেওঁ জড়িত আছিল ।

NLFT(BM)ৰ আন এগৰাকী কেডাৰ সৰুজ দেববৰ্মাৰ সৈতে তেওঁ বিএছএফ জোৱান ভুৰু সিং আৰু কনিষ্টবল ৰাজ কুমাৰক হত্যা কৰিছিল । বিএছএফ জোৱানক হত্যা কৰি তেওঁলোকে এটা ৭.৬২ mm একে-৪৭ আৰু এটা এছএমজি বিএছএফ বিৰেটৰ লৈ পলোৱাৰ কথাও স্বীকাৰ কৰিছে । ইফালে উক্ত গোচৰটো সন্দৰ্ভত অধিক তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে চুকু চন্দ্ৰ দেববৰ্মাক আত্মসমৰ্পণৰ পাছতে ধলাই জিলাৰ অন্তৰ্গত মনাইকপুৰ আৰক্ষী থানাক হস্তান্তৰ কৰা হৈছে ।

লগতে পঢ়ক :TSR jawan in Police Remand : 5 দিনৰ বাবে ত্ৰিপুৰা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ সুকান্ত দাসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.