ETV Bharat / bharat

এনএলএফটি প্ৰধান পৰিমল দেৱবাৰ্মাক ত্ৰিপুৰালৈ প্ৰেৰণ

author img

By

Published : Mar 15, 2021, 3:11 PM IST

এনএলএফটি প্ৰধান পৰিমল দেৱবাৰ্মাক ত্ৰিপুৰালৈ প্ৰেৰণ
এনএলএফটি প্ৰধান পৰিমল দেৱবাৰ্মাক ত্ৰিপুৰালৈ প্ৰেৰণ

সোমবাৰে ত্ৰিপুৰালৈ অনা হয় এনএলএফটি প্ৰধান পৰিমল দেৱবাৰ্মাক ৷ মিজোৰাম আদালতে উগ্ৰপন্থীজনক ৰিমাণ্ড প্ৰদান কৰাৰ পাছত দেৱবাৰ্মাক ত্ৰিপুৰাৰ কাঞ্চনপুৰ থানালৈ প্ৰেৰণ কৰা হয় ৷

আগৰতলা,15 মাৰ্চ: সোমবাৰে ত্ৰিপুৰালৈ অনা হয় এনএলএফটি প্ৰধান পৰিমল দেৱবাৰ্মাক ৷ মিজোৰাম আদালতে উগ্ৰপন্থীজনক ৰিমাণ্ড প্ৰদান কৰাৰ পাছত দেৱবাৰ্মাক ত্ৰিপুৰাৰ কাঞ্চনপুৰ থানালৈ প্ৰেৰণ কৰা হয় ৷ আৰক্ষীৰ তথ্য় অনুসৰি উগ্ৰপন্থীজনক ক’ভিড টেষ্টৰ পাছত পৰৱৰ্তী সময়ত ত্ৰিপুৰা আদালতত হাজিৰ কৰা হ’ব ৷ "দেৱবাৰ্মা এনএলএফটি বিশ্বমোহন গোটৰ এটা অংশীদাৰী দল এনএলএফটি গোটৰ নেতৃত্বত আছিল ৷

উল্লেখযোগ্য যে, গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ পৰা কেইবাখনো মুক্তিপণ বিচৰা টোকা উদ্ধাৰ কৰা হৈছিল । এই গোটটোৱে টিটিএএডিচি নিৰ্বাচনত একাংশ ৰাজনৈতিক দলক সমৰ্থন কৰি কোনো কোনো অঞ্চলত অশান্তিৰ সৃষ্টি কৰি আহিছিল । গুৰুত্বপূৰ্ণ জিলা পৰিষদৰ নিৰ্বাচনৰ আগতে তেওঁৰ গ্ৰেপ্তাৰ আৰক্ষীৰ বাবে এক ডাঙৰ সফলতা ৷ ১১ মাৰ্চত আৰক্ষীয়ে মিজোৰামৰ ৰাজধানী আইজলত পৰিমল দেৱবাৰ্মাৰ উপস্থিতি সম্পৰ্কে তথ্য লাভ কৰাৰ পাছতেই মিজোৰাম আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰা হয় ৷

লগতে পঢ়কঃ ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত বৃহৎ পৰিমাণৰ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.