ETV Bharat / bharat

New parliament building inauguration: দেওবাৰে নতুন দিল্লীত নিৰাপত্তা বাহিনীৰ অভেদ্য দুৰ্গ

author img

By

Published : May 28, 2023, 1:17 PM IST

New parliament building inauguration
New parliament building inauguration

নতুন সংসদ ভৱন উদ্বোধনৰ বাবে দেওবাৰে নতুন দিল্লীত কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা ৷ দিল্লী মেট্ৰ’ৰ কেন্দ্ৰীয় সচিবালয় আৰু উদ্যোগ ভৱন ষ্টেচনৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হয় (New parliament building inauguration) ৷ এই সন্দৰ্ভত পঢ়ক বিতং খবৰ...

নিউজ ডেস্ক, 28 মে’: নতুন দিল্লী আৰু ইয়াৰ আশে-পাশে এক বিশাল নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হয় দেওবাৰে ৷ কাৰণ দেওবাৰে পুৱাই নতুন দিল্লীত নতুন সংসদ ভৱন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই অনুষ্ঠানত নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায়, তাৰবাবে বিশেষভাৱে সজাগ হৈ পৰে কৰ্তৃপক্ষ । নতুন সংসদ ভৱন উদ্বোধনৰ বাবে দিল্লী মেট্ৰ’ৰ কেন্দ্ৰীয় সচিবালয় আৰু উদ্যোগ ভৱন ষ্টেচনৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে বুলি দেওবাৰে বিষয়াসকলে প্ৰকাশ কৰে (New Parliament building ) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে বৃহৎ সংখ্যক বিশিষ্ট ব্যক্তি আৰু পুৰোহিতৰ উপস্থিতিত নতুন সংসদ ভৱন উদ্বোধন কৰে । পুৱা ৮.৩০ বজাত দিল্লী মেট্ৰ’ ৰে’লৱে নিগমে টুইট কৰি কয় যে, “দিল্লী মেট্ৰ’ ৰে’ল আৰক্ষীৰ পৰা পোৱা নিৰ্দেশনা অনুসৰি কেন্দ্ৰীয় সচিবালয় আৰু উদ্যোগ ভৱন ষ্টেচনৰ সকলো প্ৰৱেশ আৰু প্ৰস্থান গেট যাত্ৰী আহ-যাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ।” (Security in New Delhi)

এজন জ্যেষ্ঠ বিষয়াই কয় যে, দেওবাৰে মেট্ৰ’ সেৱা আৰম্ভ হোৱাৰ পিছৰে পৰা এই দুটা ষ্টেচনৰ গেট বন্ধ হৈ আছে আৰু কেন্দ্ৰীয় সচিবালয়ত আন্তঃবিনিময়ৰ সুবিধা উপলব্ধ। তেওঁ আৰু কয় যে, মানুহৰ জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি এই দুটা ষ্টেচনত পুৱাৰে পৰা বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে (New Delhi security management)।

ইফালে আই টি অ’ পথ, টিকৰি সীমান্ত, বদৰপুৰ সীমান্ত আৰু সিংহু সীমান্ত এলেকাৰ সমীপত বেৰিকেড স্থাপন কৰা হৈছে । ইয়াৰ পূৰ্বে খাপ পঞ্চায়তৰ নেতা-কৃষকসকলে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সৈতে সংহতিৰে নতুন সংসদ ভৱনলৈ যাত্ৰাত যোগদান কৰাৰ সিদ্ধান্ত ঘোষণা কৰে (New Parliament House inauguration)।

নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত মন্তব্য কৰি দিল্লী আৰক্ষীৰ বিশেষ চিপি দীপেন্দৰ পাঠকে কয় যে, সংসদৰ চৌহদত হোৱা মূল অনুষ্ঠানটোৰ নিৰাপত্তাৰ দিশ বিবেচনা কৰি আইন-শৃংখলাৰ পৰিস্থিতি অটুট ৰাখিবলৈ পৰ্যাপ্ত আৰক্ষী নিয়োগ কৰা হৈছে । "আমাৰ গুৰুত্ব হৈছে আইন-শৃংখলাৰ পৰিস্থিতি বজাই ৰখাতো যাতে নিশ্চিত হয় ।" তেওঁ কয় (New parliament building inauguration) ৷

লগতে পঢ়ক: Story of Sengol: ছেংগোলক লৈ ৰাজনৈতিক মহলত চলিছে টনা-আঁজোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.