ETV Bharat / bharat

New covid guidelines for tourists: ত্ৰিপুৰাৰ পৰ্যটকসকলৰ বাবে ক'ভিডৰ নতুন নিৰ্দেশনা

author img

By

Published : Feb 4, 2022, 10:46 AM IST

New covid guidelines for tourists
ত্ৰিপুৰাৰ পৰ্যটকসকলৰ বাবে ক'ভিডৰ নতুন নিৰ্দেশনা

ত্ৰিপুৰা ভ্ৰমণলৈ যোৱা সকলৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা (Tripura govt released covid guidelines for tourists)। এতিয়াৰে পৰা ত্ৰিপুৰাৰ প্ৰৱেশ পথত ক'ভিড পৰীক্ষা বাধ্যতামূলক নহয় । অৱশ্যে তাৰ পৰিৱৰ্তে পৰ্যটক অথবা যাত্ৰীয়ে ৭২ ঘণ্টাৰ ভিৰতৰ কৰা ক'ভিড পৰীক্ষাৰ নিগেটিভ ৰিপৰ্ট অথবা দুই পালি প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব ।

আগৰতলা,৪ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত ক'ভিডৰ সংক্ৰমণ হ্ৰাস হৈছে । যাৰ বাবে কিছু কিছু ক্ষেত্ৰত শিথিলতা জাৰি কৰিছে চৰকাৰে । অৱশ্যে ত্ৰিপুৰালৈ অহা পৰ্যটক অথবা যাত্ৰীসকলৰ বাবে এক নতুন নিৰ্দেশনা জাৰি কৰিছে ত্ৰিপুৰা চৰকাৰে (Tripura govt released covid guidelines for tourists)। ত্ৰিপুৰাত উপস্থিত হোৱাৰ লগে লগে পৰ্যটক অথবা ভ্ৰমণকাৰীয়ে এতিয়াৰে পৰা ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক নহয় ।

কিন্তু সেইগৰাকী ব্যক্তিয়ে ৭২ ঘণ্টাৰ ভিতৰত কৰা ক'ভিড পৰীক্ষাৰ নিগেটিভ ৰিপৰ্ট অথবা দুই পালি প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব । ৩১ জানুৱাৰীত চৰকাৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনা অনুসৰি ২ জানুৱাৰীৰ পৰা সকলো ঘৰুৱা যাত্ৰীয়ে এমবিবি বিমানবন্দৰ, চুৰাইবাৰী চেকপোষ্ট আৰু ৰে'ল ষ্টেচনত তেওঁলোকৰ ক'ভিড পৰীক্ষাৰ নিগেটিভ ৰিপৰ্ট অথবা প্ৰতিষেধকৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব । তেতিয়াহে তেওঁলোকক ত্ৰিপুৰাত প্ৰৱেশৰ অনুমতি দিয়া হ'ব ।

যদি কোনো যাত্ৰীয়ে উক্ত নথিপত্ৰ দেখুৱাব নোৱাৰে তেনেহ'লে প্ৰৱেশ পথত ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক । ইফালে, ৰাজ্যখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা (Covid cases in Tripura ) হ্ৰাস হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে ৩১ জানুৱাৰীৰ পৰা বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ দিছে । চৰকাৰে নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰতো শিথিলতা আনিছে । পূৰ্বে সন্ধিয়া ৮ বজাৰ নৈশ সান্ধ্য আইন আৰম্ভ হৈছিল যদিও এতিয়াৰে পৰা এই সময় নিশা ১০ বজালৈ পিছুৱাই দিয়া হৈছে ।

লগতে পঢ়ক :Union Budget 2022 reactions : কেন্দ্ৰীয় বাজেটৰ প্ৰশংসাত পঞ্চমুখ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.