ETV Bharat / bharat

Union Budget 2022 reactions : কেন্দ্ৰীয় বাজেটৰ প্ৰশংসাত পঞ্চমুখ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

author img

By

Published : Feb 2, 2022, 2:21 PM IST

সদনত বিত্তমন্ত্ৰীয়ে দাখিল কৰা কেন্দ্ৰীয় বাজেট ২০২২-২৩ ক প্ৰশংসা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ (CM Biplab Kumar Dev praises Union Budget)। কেন্দ্ৰীয় বাজেটখন জনসাধাৰণ আৰু কৃষকৰ কল্যাণৰ বাবে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ কথা মনত ৰাখিয়ে এই বাজেট দাখিল কৰা হৈছে বুলি উল্লেখ বিপ্লৱ কুমাৰ দেৱৰ ।

Biplab Kumar Dev
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

আগৰতলা,২ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে সদনত দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট । ইয়াৰ পাছতে বাজেট সম্পৰ্কে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী পক্ষই এই বাজেটক সমালোচনা কৰাৰ সময়তে শাসকীয় পক্ষই আকৌ যথেষ্ট প্ৰশংসা কৰিছে এই বাজেটক । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও এই বাজেটক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ ৰাইজ আৰু কৃষক পন্থী বাজেট দাখিল কৰিছে (CM Biplab Kumar Dev praises Union Budget)। এই বাজেটক ঐতিহাসিক আখ্যা মুখ্যমন্ত্ৰীৰ কিয়নো ই আছিল ডিজিটেল বাজেট । বিপ্লৱ কুমাৰ দেৱ আশাবাদী যে প্ৰধানমন্ত্ৰী মোডীৰ সপোনৰ নতুন ভাৰতৰ নিৰ্মাণৰ বাবে এই বাজেটে কাম কৰিব । অহা ২৫ বছৰত ভাৰতবৰ্ষ কেনে হ'ব এই বাজেটৰ জৰিয়তে তাৰ পৰিকল্পনা কৰা হৈছে ।

বুধবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ মতে কৃষকসকলৰ সুবিধাৰ্থে এই বাজেটত বিভিন্ন ধৰণৰ ঘোষণা কৰা হৈছে । তেওঁৰ মতে এই বাজেট কৃষক আৰু দৰিদ্ৰৰ কল্যাণৰ বাবে প্ৰস্তুত কৰা হৈছে । অৰ্থনীতিৰ সকলো ক্ষেত্ৰকে এই বাজেটে লাভান্বিত কৰিব বুলিও আশাবাদী মুখ্যমন্ত্ৰীগৰাকী ।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে, গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ কথা মনত ৰাখিয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এই বাজেট দাখিল কৰিছে । ইয়াত সবকা সাথ সবকা বিকাশৰ কথা আছে আৰু ই এক আত্মনিৰ্ভৰ ভাৰতৰ বাবে আগবাঢ়ি যোৱাৰ পথ প্ৰশস্ত কৰিব । পি এম গতি শক্তি মাষ্টাৰ প্লেনে (PM Gati Shakti Master Plan) ক'ভিডৰ ফলত প্ৰভাৱিত অৰ্থনীতিক পুনৰ শক্তিশালী কৰিব আৰু দেশৰ উন্নয়নৰ গতি ত্বৰাম্বিত কৰিব বুলি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে ।

এই বাজেটত উত্তৰ-পূৱক বিশেষ গুৰুত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোডী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিপ্লৱ কুমাৰ দেৱে । তেওঁৰ মতে উত্তৰ-পূবৰ সামাজিক উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে পুঁজি যোগান ধৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গতি শক্তি আঁচনিয়ে বিশেষ মাত্ৰা বহন কৰিব । ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ হোৱাৰ লগতে দেশৰ অৰ্থনীতিত উত্তৰ পূৱক অষ্টলক্ষ্মী কৰি তুলিব । ২৫,০০০ কিলোমিটাৰতকৈ অধিক সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে ই উত্তৰ-পূব অঞ্চলক যথেষ্ট পৰিমাণে সহায় কৰিব ।

লগতে পঢ়ক :Congress On Budget: কেন্দ্ৰীয় বাজেট উত্থাপনৰ পিছত ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.