ETV Bharat / bharat

দিগ্বিজয় সিঙক কটাক্ষ মুখতাৰ আব্বাছ নকভিৰ

author img

By

Published : Jun 23, 2021, 10:01 PM IST

জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙক তালিবানৰ মুখপাত্ৰ বুলি কটাক্ষ কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিৰ ৷ সন্ত্ৰাসবাদীয়ে কৰা শয়তানৰ কাৰ্য-কলাপ কংগ্ৰেছে ঢাকিবলৈ চেষ্টা কৰে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷

তালিবানৰে বৈঠক সন্দৰ্ভত দিগ্বিজয় সিঙক কটাক্ষ মুখতাৰ আব্বাছ নকভিৰ
তালিবানৰে বৈঠক সন্দৰ্ভত দিগ্বিজয় সিঙক কটাক্ষ মুখতাৰ আব্বাছ নকভিৰ

নেশ্যনেল ডেস্ক, 23 জুন : কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছ নকভি (Union Minister for Minority Affairs Mukhtar Abbas Naqvi)য়ে বুধবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিং (Congress leader Digvijaya Singh)ক তালিবানৰ মুখপাত্ৰ বুলি কটাক্ষ কৰে ৷ তালিবানী (Talibani)নেতাসকলৰ সৈতে ভাৰতীয় বিষয়াসকলৰ বৈঠক সন্দৰ্ভত সংবাদ মাধ্যমৰ এক প্ৰতিবেদন উদ্ধৃতি দি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে এখন বিবৃতিৰ দাবী কৰাৰ পাছত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়ে এনেদৰে নেতাগৰাকীক কটাক্ষ কৰে ৷ সংবাদ মাধ্যমৰ সংস্থাসমূহৰ সৈতে হোৱা এক বাৰ্তালাপত নকভিয়ে কেতিয়াৰ পৰা কংগ্ৰেছ নেতা (Congress)তালিবান (Taliban)ৰ মুখপাত্ৰ হ’ল বুলি কংগ্ৰেছ নেতা (Congress leader) গৰাকীক প্ৰশ্ন কৰে ।

  • 'तालिबान नेताओं से मिलने के लिए भारतीय अधिकारियों का चुपचाप दौरा'- प्रेस रिव्यू - BBC News हिंदी

    यह बहुत ही गंभीर विषय है। भारत सरकार को इस विषय पर तत्काल वक्तव्य देना चाहिए। क्या BJP IT Cell इसको संज्ञान में ले कर राष्ट्र द्रोह की श्रेणी में लेगा? https://t.co/haa3awYZ4N

    — digvijaya singh (@digvijaya_28) June 23, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই মুহুৰ্তত যদি এজন তালিবানী (Talibani) নিহত হয়, তেন্তে তেওঁলোকে ইয়াৰ বাবে শোক প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিব । তেওঁলোকে আনকি সন্ত্ৰাসবাদীয়ে কৰা চয়তানৰ কাৰ্য-কলাপ ঢাকিবলৈ চেষ্টা কৰে ৷ কেতিয়াবা তেওঁলোকক তালিবানৰ অপকৰ্মৰ মুখপাত্ৰ হিচাপেও দেখা যায় । মই ভাবো তেওঁলোকে কেৱল কংগ্ৰেছ (Congress)ক বিভক্ত কৰিছে আৰু একো নহয় ।

উল্লেখ্য যে, এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত ভাৰতীয় বিষয়াসকলে দোহাত তালিবান প্ৰতিনিধি (Taliban representatives) সকলক "নিঃশব্দে" লগ কৰিছিল বুলি প্ৰকাশ পাইছিল ৷ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে (Congress leader Digvijaya Singh) প্ৰতিবেদনখন শ্বেয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত তাৎক্ষণিক বিবৃতি দিয়াৰ দাবী জনাইছিল । তেওঁ লগতে " বিজেপিৰ তথ্য প্ৰযুক্তি কোষে(BJP IT cell) ৰাজদ্ৰোহৰ ওপৰত গুৰুত্ব দিব নেকি" বুলি প্ৰশ্নও কৰিছিল ।

লগতে পঢ়ক : বিহাৰৰ দাৰভাংগা ৰে’ল ষ্টেচনত সংঘটিত বিস্ফোৰণৰ আঁৰত ISI !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.