ETV Bharat / bharat

US President election: আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত একাধিক ভাৰতীয় মূলৰ প্ৰাৰ্থী

author img

By

Published : Jul 30, 2023, 5:32 PM IST

US President election
আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত একাধিক ভাৰতীয় মূলৰ প্ৰাৰ্থী

নিকি হেলি, বিবেক ৰামাস্বামীৰ পাচত এইবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে আন এগৰাকী ভাৰতীয়ই নিজৰ নাম ঘোষণা কৰিছে । হৰ্ষবৰ্ধন সিং নামৰ এগৰাকী ভাৰতীয় মূলৰ এৰোস্পেচ অভিযন্তাই ৰাষ্ট্ৰপতি পদৰ বাবে দাবী উত্থাপন কৰিছে ।

নেশ্যনেল ডেস্ক, ৩০ জুলাই : আমেৰিকাত ভাৰতীয় মূলৰ লোকৰ আধিপত্য বৃদ্ধি পাইছে । ভাৰতীয় মূলৰ কমলা হেৰিছ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি । দুগৰাকী ভাৰতীয় মূলৰ লোকে ইতিমধ্যে অহা বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দাবী উত্থাপন কৰিছে । এইবাৰ আন এগৰাকী ভাৰতীয় মূলৰ নাম পোহৰলৈ আহিছে যিয়ে ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ বাবে নিজৰ যোগ্যতাৰ দাবী কৰিছে ।

প্ৰথমে নিকি হেলি, তাৰ পাচত বিবেক ৰামাস্বামী আৰু এইবাৰ হৰ্ষবৰ্ধন সিঙে প্ৰাৰ্থিত্বৰ দাবী জনাইছে । তিনিওগৰাকীৰ মাজত এটাই মিল আছে, সেয়া হৈছে তিনিও ভাৰতীয় মূলৰ নেতা আৰু তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ।

নিকি হেলি দক্ষিণ কেৰোলিনাৰ প্ৰাক্তন গভৰ্ণৰ । বিবেক ৰামাস্বামী এগৰাকী উদ্যোগপতি, আনহাতে হৰ্ষবৰ্ধন সিং এগৰাকী এৰোস্পেচ অভিযন্তা । হৰ্ষ বৰ্ধন সিং ৰিপাব্লিকান পাৰ্টীৰ নেতা । তেওঁ কয় যে তেওঁ আমেৰিকান ৰাষ্ট্ৰপতিৰ যোগ্য প্ৰাৰ্থী । হৰ্ষবৰ্ধনে ২০০৯ চনত নিউ জাৰ্চি ইনষ্টিটিউট অৱ টেকনলজীৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল ।

ৰিপাব্লিকান পাৰ্টীৰ হৈ ডনাল্ড ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । অৱশ্যে, সাম্প্ৰতিক সময়ত তেওঁ সন্মুখীন হৈ থকা আইনী প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত, পৰৱৰ্তী সময়ত কি হ'ব সেয়া এক জটিল প্ৰশ্ন । মাইক পেন্স, ৰন ডেচেণ্টিছ, ক্ৰিছ ক্ৰিষ্টি, ৰিয়ান বিঙ্কলেও ৰিপাব্লিকান পাৰ্টীৰ হৈ টিকট প্ৰদানৰ দাবী জনাইছে । বিঙ্কলে এগৰাকী খ্ৰীষ্টান পুৰোহিত । পেন্স উপ ৰাষ্ট্ৰপতি আছিল । ৰন ডেচেণ্টিছ ফ্লৰিডাৰ গভৰ্ণৰ আছিল । একেদৰে, ক্ৰিছ ক্ৰিষ্টি নিউ জাৰ্চীৰ প্ৰাক্তন গভৰ্ণৰ আছিল । এই সকলো সম্ভাৱ্য প্ৰাৰ্থীৰ মাজত ভাৰতীয় মূলৰ প্ৰাৰ্থীসকলৰ শক্তি হৈছে আমেৰিকাত আধিপত্য বিস্তাৰ কৰা ভাৰতীয়সকলৰ আত্মবিশ্বাস ।

এদিন পূৰ্বে, হৰ্ষ বৰ্ধন সিঙে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে । তেওঁ কয় যে তেওঁ যোৱা কেইবা বছৰ ধৰি চেষ্টা কৰি আহিছে । ২০২০ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ দৌৰত পিছ পৰি আছিল । ২০১৭ চনত, তেওঁ নিউ জাৰ্চীত তেওঁৰ দলৰ ৰক্ষণশীল শাখা পুনৰুদ্ধাৰ কৰাত সহায় কৰিছিল । তেওঁৰ বয়স ৩৮ বছৰ ।

হৰ্ষ বৰ্ধন সিঙে আমেৰিকান মূল্যবোধৰ ওপৰত হোৱা আক্ৰমণৰ মুকলি কৈ সঁহাৰি দিছে । হৰ্ষবৰ্ধনৰ মতে পাৰিবাৰিক মূল্যবোধ আৰু পূৰ্বপুৰুষৰ অধিকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাক প্ৰতিহত কৰা প্ৰয়োজন । সিঙে লগতে কয় যে আমেৰিকাক বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ফাৰ্মা প্ৰতিষ্ঠানৰ দ্বাৰা ভাবুকি দিয়া হৈছে । তেওঁৰ মতে সেইবোৰৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজন আছে ।

ক'ভিডৰ সময়ত বৃহৎ ফাৰ্মা খণ্ডবোৰে সমগ্ৰ আমেৰিকাক যিদৰে বাধ্য কৰিছিল সেই সন্দৰ্ভত হৰ্ষ বৰ্ধন সিঙৰ সম্পূৰ্ণ বিপৰীত মতামত আছে । এই সন্দৰ্ভত সিঙে কয় যে এই কোম্পানীবোৰে আমেৰিকাৰ সকলো নাগৰিকক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল আৰু ইয়াৰ জৰিয়তে তেওঁলোকে বৃহৎ লাভ সংগ্ৰহ কৰিছিল । তেওঁলোকে বিগ ব্ৰাডাৰৰ ভূমিকা পালন কৰিছিল আৰু গোপনীয়তাক আক্ৰমণ কৰিছিল বুলি সিঙে অভিযোগ কৰে । সেয়েহে তেওঁ কেতিয়াও টীকাকৰণ কৰা নাছিল বুলি উল্লেখ কৰে । হৰ্ষ বৰ্ধন সিঙে কয় যে আমেৰিকাৰ মূল্যবোধ পুনৰুদ্ধাৰৰ বাবে দেশখনক শক্তিশালী নেতৃত্বৰ প্ৰয়োজন ।

হৰ্ষ বৰ্ধন সিং আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এজন অনুৰাগী । সিঙে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰক ট্ৰাম্পৰ দৰে এজন ব্যক্তিৰ প্ৰয়োজন । অৱশ্যে, তেওঁ লগতে কয় যে আমেৰিকাই পুৰণি ৰাজনীতিবিদসকলৰ ঠাইত নতুন নেতাক স্থান দিয়া প্ৰয়োজন । ইফালে সিঙে ৰাষ্ট্ৰপতি পদৰ বাবে নিজকে শ্ৰেষ্ঠ প্ৰাৰ্থী হিচাপেও বৰ্ণনা কৰে ।

অৱশ্যে, সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ৰিপাব্লিকান পাৰ্টীৰ হৈ দাবী কৰা সকলো নেতাৰ ভিতৰত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বাধিক । মৰ্ণিং কনচাল্ট পোলৰ ফলাফল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশিত হৈছে । ৰিপাব্লিকান প্ৰাৰ্থীসকলৰ ভিতৰত, ৫৯ জন ভোটাৰে ট্ৰাম্পক পুনৰ নিৰ্বাচিত হোৱা চাব বিচাৰে । ৮ শতাংশ লোকে ৰামাস্বামীক পচন্দ কৰে । একেদৰে, ৬ শতাংশই পেন্সক পচন্দ কৰে আৰু ২ শতাংশই স্কটক পচন্দ কৰে । অৱশ্যে, ট্ৰাম্পৰ পাচত ডেচেণ্টিছ দ্বিতীয় স্থানত আছে । ১৬ শতাংশ লোকে তেওঁক ভাল পাইছে । হৰ্ষ বৰ্ধনক ২০০৩ চনত আমেৰিকান ইনষ্টিটিউট অৱ এৰোনটিক্স এণ্ড এষ্ট্ৰোনটিক্সে সন্মানিত কৰিছিল ।

বিবেক ৰামাস্বামী আচলতে কোন ? তেওঁ এগৰাকী ব্যৱসায়ী । ফাৰ্মা খণ্ড আৰু প্ৰযুক্তি খণ্ডত তেওঁৰ ব্যৱসায় আছে । ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ সময়ত, ৰামাস্বামীয়ে কৈছিল যে তেওঁ সপোনত নিজকে ৰাষ্ট্ৰপতি হিচাপে দেখিছিল । তেওঁ ভাৰতৰ কেৰালাৰ । তেওঁৰ মাতৃ আৰু পিতৃয়ে কেৰালাৰ পৰা আমেৰিকালৈ গৈছিল । ৰামাস্বামীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওহাইঅ'ত শিক্ষা লাভ কৰিছিল । তেওঁ ৰিপাব্লিকান পাৰ্টিৰ নেতা । ৰামাস্বামীয়ে কয় যে যদি কোনো সমাজ আগবাঢ়িব লগা হয়, তেন্তে ই প্ৰতিভাক স্বীকৃতি দিব লাগিব আৰু ইয়াক আগুৱাই আনিব লাগিব ।

নিকি হেলি দুবাৰকৈ দক্ষিণ কেৰোলিনাৰ গভৰ্ণৰ আছিল । তেওঁ ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছে । তেওঁ তিনি বছৰ ধৰি নিৰ্বাচনত ৰাষ্ট্ৰপতি পদৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়াই আহিছে । হেলিৰ ভাৰতৰ পাঞ্জাৱৰ সৈতে সম্পৰ্ক আছে । তেওঁৰ পিতৃ-মাতৃ শিখ । পিতৃ অজিত সিং ৰন্ধাৱা আৰু মাতৃ ৰাজ কৌৰ ৰন্ধাৱা । ৰন্ধাৱা দম্পতিয়ে ১৯৬০ ৰ দশকত পাঞ্জাৱৰ পৰা কানাডালৈ আৰু তাৰ পাছত আমেৰিকালৈ স্থানান্তৰিত হৈছিল ।

ভাৰতীয় মূলৰ কমলা হেৰিছ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি । তেওঁ ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব । বৰ্তমানৰ ৰাষ্ট্ৰপতি জ' বিডেনেও পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়াব ।

লগতে পঢ়ক : Antarctica sea ice falls: ভয়ংকৰভাৱে এণ্টাৰ্কটিকাৰ বৰফ গলিছে; পূৰ্বৰ অভিলেখ ভংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.