ETV Bharat / bharat

এনএলএফটিৰ সহযোগীৰ মুক্তিৰ দাবীৰে ত্ৰিপুৰাত থানা লণ্ড-ভণ্ড

author img

By

Published : May 17, 2021, 7:54 AM IST

mob attacks police station to release arrested nlft collaborators
এনএলএফটিৰ সহযোগীৰ মুক্তিৰ দাবীৰে ত্ৰিপুৰাত থানা লণ্ডভণ্ড কৰিলে উন্মত্ত জনতাই

শিল, ইটা নিক্ষেপ কৰি ত্ৰিপুৰাৰ গংগানগৰ থানাত আক্ৰমণ উন্মত্ত জনতাৰ ৷ এনএলএফটিৰে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি যুৱকক মুকলি কৰাৰ দাবীৰে আৰক্ষী আৰু থানা আক্ৰমণ স্থানীয় লোকৰ ৷ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰায় পাঁচ গৰাকী আৰক্ষী ৷

আগৰতলা,17 মে': আটকাধীন এনএলএফটিৰ সহযোগীক মুক্ত কৰাৰ দাবীৰে শুকুৰবাৰে উন্মত্ত জনতাৰ এটা দলে ত্ৰিপুৰাৰ গংগানগৰ থানা ঘেৰাও কৰি শিল, ইটা আদি নিক্ষেপ কৰি আক্ৰমণ চলোৱা ঘটনাত প্ৰায় পাঁচজন আৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

শুকুৰবাৰে নিশা ত্ৰিপুৰাৰ ধলাই জিলাৰ অন্তৰ্গত গংগানগৰ আৰক্ষী থানা ঘেৰাও কৰি জনতাই তিনিজন আটকাধীন এনএলএফটি সহযোগীক মুক্ত কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰে ৷ কৰ্তব্যৰত আৰক্ষীলৈ শিল, ইটা নিক্ষেপ কৰি উন্মত্ত জনতাৰ দলটোৱে এনএলএফটি সহযোগী কেইজনক মুকলি কৰি দিয়াৰ দাবী জনায় ৷

জনতাৰ দলটোৱে থানাৰ সন্মুখত ৰখাই থোৱা তিনিখনকৈ বাহনৰ লগতে থানাখনৰো কিছু অংশ লণ্ড-ভণ্ড কৰে ৷ পৰিস্থিতি অধিক ভয়াৱহ দিশলৈ গতি কৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰে ৷

ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ধলাই আৰক্ষী অধীক্ষক কিশোৰ দেৱবৰ্মাই কয় যে, "উগ্ৰপন্থী সম্বন্ধীয় এক গোচৰত তিনিজনকৈ লোকক আমি গ্ৰেপ্তাৰ কৰিছিলো ৷ গংগানগৰ আৰু মুংগিয়াকামিৰ সীমান্ত অঞ্চলত কিছুসংখ্যক সশস্ত্ৰ দল সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰাৰ পাচতে এক অভিযান চলাই আমি তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰি সোধ-পোছ আৰম্ভ কৰিছিলো ৷ কিন্তু, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পাচতে স্থানীয় লোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে"৷

স্থানীয় লোকৰ প্ৰতিবাদ আৰু আক্ৰমণৰ ফলত প্ৰায় পাঁচ গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিবলৈ দি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, যদিও স্থানীয় লোকসকলে যুৱক তিনিজনৰ মুক্তিৰ দাবী উত্থাপন কৰিছে তেওঁলোকৰ এই দাবী বৈধ নহয় ৷ যিকোনো ধৰণৰ উগ্ৰপন্থীমূলক কাৰ্য-কলাপ প্ৰতিহত কৰাৰ বাবে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাটো অতি জৰুৰী বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে ৷

জানিব পৰা মতে, স্থানীয় লোকসকলে আৰক্ষীৰ কথাত গুৰুত্ব প্ৰদান নকৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলাৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে উন্মত্ত জনতাক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে ৷ স্থানীয় লোক মুক্তিৰ দাবী জনোৱা যুৱক তিনি গৰাকীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি গংগানগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণালকান্তি ৰিয়াঙে কয় যে, শুকুৰবাৰে সন্ধিয়াৰ ভাগত এখন জংঘলৰ পৰা বিৰেঞ্জয় ৰিয়াং, থমাৰয় ৰিয়াং আৰু ধনঞ্জয় ৰিয়াং নামৰ যুৱক তিনি গৰাকীক নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠন এনএলএফটিৰ সৈতে সহযোগিতা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৷

লগতে পঢ়ক: ত্ৰিপুৰাত বিজেপি-টিপ্ৰা মোথাৰ সমৰ্থকৰ মাজত সংঘৰ্ষ: আহত 10

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.