ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী সন্ত্ৰাসবাদী

author img

By

Published : Aug 7, 2021, 11:01 AM IST

Militant killed after encounter breaks out in JK's Budgam
জম্মু কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰ(Jammu-Kashmir)ত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত । শনিবাৰে পুৱা জম্মু-কাশ্মীৰ আৰক্ষীয়ে নিশ্চিত কৰে এই তথ্য । সংঘৰ্ষ হোৱা স্থানৰ পৰা আৰক্ষীয়ে এটা এ কে ৪৭ ৰাইফল আৰু এটা পিষ্টল জব্দ কৰে ।

নেশ্যনেল ডেস্ক, ৭ আগষ্ট : জম্মু-কাশ্মীৰ(Jammu-Kashmir)ত পুনৰ সংঘটিত হ'ল সন্ত্ৰাসবাদীৰ সংঘৰ্ষ । শনিবাৰে পুৱা জম্মু-কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুদগাম জিলাৰ মোচৱা অঞ্চলত সংঘটিত হোৱা এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হয় । সংঘৰ্ষ হোৱা স্থানৰ পৰা আৰক্ষীয়ে এটা এ কে ৪৭ ৰাইফল আৰু এটা পিষ্টল জব্দ কৰে । নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে বুলি টুইটযোগে আৰক্ষীয়ে জানিবলৈ দিছে ।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰামবান জিলাৰ বানিহাল অঞ্চলত বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণত দুজন লোক আহত হয় । এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । ইয়াৰ পূৰ্বে যোৱা ২৫ জুলাইত জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সেনাৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হয় ।

যোৱা ২৪ জুলাইত মুনান্দ অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত হয় । আনহাতে, এজন সেনা জোৱান আহত হয় ।

উল্লেখ্য যে, বিগত দিনবোৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষৰ সমান্তৰালকৈ জম্মু-কাশ্মীৰত সন্দেহজনক ড্ৰোণেও সাধাৰণ লোকৰ লগতে নিৰাপত্তা বাহিনীক শংকিত কৰি তুলিছে । ইতিমধ্যে কেইবাখনো জিলাত ড্ৰোণ ঘৰত ৰখা, উৰুওৱা আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিও জম্মু-কাশ্মীৰৰ আকাশত সন্দেহজনক ড্ৰোণ দেখিবলৈ পোৱা গৈছে । কেইবাখনো ড্ৰোণ নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰি ধ্বংস কৰিছে । সেয়ে, সম্প্ৰতি জম্মু-কাশ্মীৰত নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে ।

লগতে পঢ়ক: খেলৰত্ন বঁটাৰ নাম সলনি : কেন্দ্ৰৰ সিদ্ধান্তক myopic আখ্যা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.