ETV Bharat / bharat

Sreedharan quits active politics : সক্ৰিয় ৰাজনীতিক বিদায় দিলে মেট্ৰ' মেন শ্ৰীধৰণে

author img

By

Published : Dec 17, 2021, 1:42 PM IST

সক্ৰিয় ৰাজনীতি ত্যাগ কৰিলে ভাৰতৰ মেট্ৰ' মেন ই শ্ৰীধৰণে (Metroman E Sreedharan quits from active politics)। অৱশ্যে সক্ৰিয় ৰাজনীতি ত্যাগ কৰিলেও সম্পূৰ্ণৰূপে ৰাজনীতিৰ পৰা আঁতৰি নাথাকে শ্ৰীধৰণ । পৰাজয়ৰ পৰা বহু কথা শিকিলে শ্ৰীধৰণে ।

Sreedharan quits active politics
সক্ৰিয় ৰাজনীতিক বিদায় দিলে মেট্ৰ' মেন শ্ৰীধৰণে

নেশ্যনেল ডেস্ক,১৭ ডিচেম্বৰ : সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'লে 'মেট্ৰ' মেন' খ্যাত ই শ্ৰীধৰণে (Metroman E Sreedharan quits from active politics) । কেৰালা বিধানসভা নিৰ্বাচনত (Kerala assembly election 2021) পালাক্কাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি শোচনীয়ভাৱে পৰাজয় হোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে নেতাগৰাকীেয় । বৃহস্পতিবাৰে সংবাদমেলযোগে সক্ৰিয় ৰাজনীতি ত্যাগ কৰাৰ কথা ঘোষণা কৰে ।

শ্ৰীধৰণৰ মতে এই পৰাজয়ে তেওঁক কেইবাটাও শিক্ষা দিছে সেয়েহে তেওঁ ৰাজনীতিৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে । অৱশ্যে সক্ৰিয় ৰাজনীতি ত্যাগ কৰিলেও সম্পূৰ্ণৰূপে ৰাজনীতি ত্যাগ কৰা নাই বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে । তেওঁ লগতে কয় যে ৰাজনীতিৰ পৰিৱৰ্তে আন উপায়েৰেও মানুহৰ সেৱা কৰিব পাৰি । ইফালে ৯০ বছৰীয়া এগৰাকী ব্যক্তিয়ে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাটো বিপদজনক বুলিও মন্তব্য কৰে শ্ৰীধৰণে ।

২০২১ চনৰ কেৰালা বিধানসভা নিৰ্বাচনৰ আগলৈ কেতিয়াও সক্ৰিয় ৰাজনীতিত নথকা নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ আমোলা হোৱাৰ ইচ্ছা আৰু কিছুমান নতুন কথা শিকাৰ উদ্দেশ্যে হে ৰাজনীতিত যোগদান কৰিছিল । শ্ৰীধৰণে কোৱা মতে তেওঁ সৰু কালত আৰ এছ এছৰ সদস্য আছিল যাৰ বাবে তেওঁ সদায় দলক বিশ্বাস কৰাৰ বাবে বিজেপিত যোগদান কৰিছিল ।

উল্লেখ্য যে কেৰালা বিজেপিয়ে ৰাজ্যখনৰ অন্যতম শক্তিশালী সমষ্টি পালাক্কাড ই শ্ৰীধৰণক দিবলৈ বাধ্য হৈছিল কিয়নো তেওঁ ত্ৰিচুৰ বা পালাক্কাডৰ বাহিৰে আন সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ অস্বীকাৰ কৰিছিল । কিন্তু নিৰ্বাচনত শ্ৰীধৰণে কংগ্ৰেছৰ শফি পৰম্বিলৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত পৰাজিত হয় । নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ দাবী কৰিছিল যে বিজেপিয়ে ৩৫ খনলৈকে আসনত জয়ী হ'ব ।

বিজেপি শাসনলৈ আহিলে মুখ্যমন্ত্ৰী হোৱাৰ বাবেও প্ৰস্তুত আছে বুলি ঘোষণা কৰিছিল শ্ৰীধৰণে । অৱশ্যে বিজেপিয়ে নিৰ্বাচন শোচনীয় পৰাজয়ৰ মুখ হে দেখিলে । বিজেপিৰ সদস্যসকলে নীতি পৰিৱৰ্তনৰ বাবে আগবাঢ়ি আহিলে ভাৰতত পুনৰ বিজেপিয়ে শাসনলৈ আহিব বুলি মন্তব্য কৰে ই শ্ৰীধৰণে ।

লগতে পঢ়ক:ইন্ধনৰ ওপৰত VAT হ্ৰাস কৰাৰ দাবী কেৰালা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.