ETV Bharat / bharat

Landslides in Meghalaya : মেঘালয়ৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলন

author img

By

Published : Jun 17, 2023, 12:08 PM IST

মেঘালয়ত আকৌ ভূমিস্খলন ৷ শুকুৰবাৰে মেঘালয়ৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ হোৱা ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা ৷

Landslides in Meghalaya
মেঘালয়ত ভূমিস্খলন

তেজপুৰ, 17 জুন : আকৌ অঘটন ৷ শুকুৰবাৰে মেঘালয়ৰ পূব জয়ন্তীয়া হিলছৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ দিশত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । এই ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছে শ শ যান বাহন । বিগত 19 ঘণ্টা ধৰি পথটোৰে ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা । ফলত হাহাকাৰ অৱস্থা হয় পথচাৰী আৰু যাত্ৰীৰ মাজত ৷

বিগত 11 জুন অৰ্থাৎ শনিবাৰে বিয়লি ভাগতো মুষলধাৰ বৰষুণৰ ফলত একেটা স্থানতে সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা ৷ যাৰ ফলত বহু সময় ধৰি পথটোৰে বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা ৷ অৱশ্যে মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ প্ৰশাসনৰ তৎপৰতাত এই পথটোৰে যান-বাহন চলাচলৰ উপযোগী কৰি তোলা হয় ৷

লগতে পঢ়ক : Manipur Violence : নিৰাপত্তা বাহিনী আৰু ৰাইজৰ মাজত সংঘৰ্ষ, ২ জন লোক আহত

আনহাতে, মেঘালয়ৰ আৰক্ষীয়ে পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ পৰা অহা পৰ্যটকক উক্ত পথটোৰে অতি কম স্পীডত যান বাহনৰ চলাচল কৰিবলৈ নিৰ্দেশ দিছে । আনকি কোনো বাহনকে অভাৰ টেক নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । কিয়নো মাত্ৰাধিক বৰষুণ আৰু ভূমিস্খলনৰ ফলত উক্ত অঞ্চলকেইটাত দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকা কৰিছে প্ৰশাসনে ৷ পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষীৰ তৰফৰ পৰা জনায় যে বিগত 24 ঘণ্টাত অত্যাধিক বৰষুণ হোৱাত লামচুক ষ্টাৰ চিমেণ্টৰ সম্মুখৰ পথৰ ওপৰত পানী জমা হৈ যাতায়ত ব্যাহত হৈ পৰিছে ৷

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে ৷ ফলত ব্যাহত হৈ পৰিছে জন-জীৱন ৷ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা । শুক্ৰবাৰে চুবুৰীয়া দেশ বাংলাদেশত হোৱা 4.8 প্ৰাৱল্যৰ ভূমিকম্পই উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ মেঘালয়ৰ আৰু গুৱাহাটীৰ চহৰত কিছু প্ৰভাৱ পেলাইছিল ৷ যাৰ ফলস্বৰূপেও ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলন হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Landslides in Meghalaya: শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.