ETV Bharat / bharat

Manipur Violence : নিৰাপত্তা বাহিনী আৰু ৰাইজৰ মাজত সংঘৰ্ষ, ২ জন লোক আহত

author img

By

Published : Jun 17, 2023, 10:51 AM IST

মণিপুৰৰ হিংসাই এমাহ অতিক্ৰম কৰিলে । উত্তৰ-পূবৰ ৰাজ্যখনত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকসকলৰ মাজত হোৱা জাতিগত হিংসাত ১০০ ৰো অধিক লোক নিহত হয় । বিজেপি নেতাসকলৰো বাসগৃহত একাংশ লোকে আক্ৰমণ অব্যাহত ৰাখিছে ।

Manipur Violence
নিৰাপত্তা বাহিনী আৰু ৰাইজৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক,১৭ জুন : পুনৰ জটিল হৈছে মণিপুৰৰ পৰিস্থিতি । প্ৰতিদিনে ৰাজ্যখনত নতুন নতুন হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰা নিৰাপত্তা বাহিনীৰ সৈতেও একাংশ লোকৰ সংঘাত হোৱা দেখা গৈছে । তেনে এক সংঘৰ্ষ এইবাৰ ইম্ফলত সংঘটিত হৈছে । নিৰাপত্তা বাহিনী আৰু একাংশ লোকৰ মাজত হোৱা সংঘৰ্ষত দুজন লোক আহত হয় । বিষয়াসকলৰ মতে, উত্তৰ-পূবৰ ৰাজ্যখনত বিজেপি নেতাসকলৰ ঘৰ জ্বলাই দিয়াৰো চেষ্টা চলিছে ।

নিশা বিষ্ণুপুৰ জিলাৰ কোৱাকটা আৰু চুৰাচান্দপুৰ জিলাৰ কাংভাইৰ পৰা স্বয়ংক্ৰিয় গুলীচালনাৰ খবৰ পোৱা গৈছে । বিষয়াসকলৰ মতে, ইম্ফল পশ্চিমৰ ইৰিংবাম আৰক্ষী থানা লুণ্ঠন কৰাৰ চেষ্টা কৰা হৈছিল । অৱশ্যে, কোনো অস্ত্ৰ চুৰি হোৱা নাই বুলি জানিব পৰা গৈছে ।

প্ৰশাসনৰ লোকৰ মতে প্ৰায় ১,০০০ লোকৰ এটা দল একত্ৰিত হৈ প্ৰাসাদৰ চৌহদৰ ওচৰৰ অট্টালিকাবোৰ জ্বলাই দিয়াৰ চেষ্টা কৰিছিল । অৱশ্যে, মণিপুৰ ৰেপিড একচন ফ'ৰ্চৰ (আৰএএফ) জোৱানসকলে ৰাইজক ছত্ৰভঙ্গ দিবলৈ কন্দুৱা গেছ আৰু ৰবৰ বুলেট নিক্ষেপ কৰে । অসম ৰাইফলছ, মণিপুৰ আৰএএফ আৰু সেনাই ইম্ফলৰ মাজেৰে মাজনিশালৈকে যুটীয়া ফ্লেগ মাৰ্চ কৰে ।

একাংশ লোকে বিধায়ক বিশ্বজিৎ সিঙৰ বাসগৃহত অগ্নিসংযোগৰ চেষ্টা কৰে । অৱশ্যে নিৰাপত্তা বাহিনীয়ে লোকসকলক ছত্ৰভঙ্গ দিয়াৰ চেষ্টা কৰে । একাংশ উত্তেজিত ৰাইজে আকৌ চিনজেমাইত মাজনিশা বিজেপি কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা কৰে । উত্তেজিত লোকসকলক সেনা বাহিনীয়ে ছত্ৰভঙ্গ দিবলৈ সক্ষম হয় । যাৰ বাবে লোকসকলে বিজেপি কাৰ্যালয়ৰ কোনো ক্ষতি কৰিব নোৱাৰিলে । মাজনিশা ইম্ফলৰ পোৰামপেটৰ সমীপত থকা স্থানীয় বিজেপি নেতা শাৰদা দেৱীৰ বাসগৃহতো একাংশ লোকে আক্ৰমণ কৰে ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা ইম্ফলৰ কংবাত একাংশ লোকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহ জ্বলাই দিয়ে । যোৱা ১৩ জুনৰ নিশা খামেনলোক অঞ্চলৰ পূব ইম্ফলৰ এটা গীৰ্জাৰ ভিতৰত দুৰ্বৃত্তই গুলীচালনা কৰাৰ ফলত প্ৰায় ৯ জন লোক নিহত হয় আৰু ১০ জন আহত হয় । মণিপুৰৰ পৰিস্থিতি উন্নত নোহোৱাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দল ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত আক্ৰমণ; প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দিল্লীত বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.