ETV Bharat / bharat

Shaheed Diwas 2023: এই তিনিজন বীৰৰ স্মৃতিত পালন কৰা হয় শ্বহীদ দিৱস, জানো এই দিৱসৰ গুৰুত্ব

author img

By

Published : Mar 23, 2023, 5:00 PM IST

Martyr's Day is celebrated in memory of these three heroes know what is the importance of this day
এই তিনিজন বীৰৰ স্মৃতিত পালন কৰা হয় শ্বহীদ দিৱস, জানো এই দিৱসৰ গুৰুত্ব

১৯৩১ চনৰ আজিৰ দিনটোতে ভগত সিং আৰু তেওঁৰ দুজন সহযোগী সুখদেৱ ৰাজগুৰুক মৃত্যুদণ্ড দিয়া হৈছিল সেয়ে এই দিনটোক স্মৰণ কৰি সমগ্ৰ ভাৰততে ২৩ মাৰ্চৰ দিনা শ্বহীদ দিৱস পালন কৰা হয় ।

২৩ মাৰ্চৰ দিনটোত ভাৰতত শ্বহীদ দিৱস হিচাপে পালন কৰা হয় কাৰণ ১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতীয় যুৱ বিপ্লৱী ভগত সিং, শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপাৰক ইংৰাজে ফাঁচী দিছিল(Shaheed Diwas 2023) ৷

মাত্ৰ ২৩ বছৰ বয়সতে এই যুৱকসকলে হাঁহি হাঁহি দেশৰ বাবে নিজৰ বলিদান দিছিল । এওঁলোকৰ ফাঁচী কাঠত ওলমোৱাক লৈ সমগ্ৰ দেশ শোকস্তদ্ধ হৈ পৰিছিল । ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এই দিনটো অতি বিশেষ বুলি গণ্য কৰা হয় । শ্বহীদ সকলৰ সন্মানত ভাৰতত প্ৰতি বছৰে কেৱল ২৩ মাৰ্চেই নহয় মুঠ সাতটা শ্বহীদ দিৱস পালন কৰা হয়(What is the name of 23 March Shaheed Diwas)। এই সাতদিন অৰ্থাৎ ৩০ জানুৱাৰী, ২৩ মাৰ্চ, ১৯ মে’, ২১ অক্টোবৰ, ১৭ নৱেম্বৰ, ১৯ নৱেম্বৰ আৰু ২৪ নৱেম্বৰ(Why is March 23 observed as Shaheed Diwas)।

এই কাৰণেই ভগত সিঙক মৃত্যুদণ্ড দিয়া হৈছিল

ভাৰতবৰ্ষক ইংৰাজৰ পৰা মুক্ত কৰাৰ বাবে বহু বছৰ ধৰি সংগ্ৰাম চলি আছিল । য'ত বহু দেশপ্ৰেমীয়ে হাঁহি হাঁহি নিজৰ প্ৰাণ আহুতি দিছিল । য’ত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱকো অন্তৰ্ভুক্ত কৰা হৈছিল । ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মাত মাতি এই তিনিওজনে জনসাধাৰণৰ সুৰক্ষা স্বাৰ্থত তথা বাণিজ্য বিতৰণ বিধেয়কৰ বিৰুদ্ধে কেন্দ্ৰীয় বিধানসভাত বোমা নিক্ষেপ কৰে ইয়াৰ পিছত ১৯৩১ চনৰ ২৩ মাৰ্চত তেওঁক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়া হয়(Martyrs Day) ।

এদিন পূৰ্বে ফাঁচী দিয়া হৈছিল

ইংৰাজে ১৯৩১ চনৰ ২৪ মাৰ্চৰ পুৱা ৬ বজাত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক ফাঁচী দিয়াৰ সময় নিৰ্ধাৰণ কৰিছিল । দুদিন পূৰ্বে লাহোৰ চেণ্ট্ৰেল জেলৰ বাহিৰত বিপুল জনসমাগম আৰম্ভ হৈছিল । যাৰবাবে লাহোৰত ১৪৪ ধাৰা কাৰ্যকৰী কৰাৰ প্ৰয়োজন হৈছিল যদিও এই ধাৰাটোৱেও জনসাধাৰণৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাছিল । যাৰবাবে ইংৰাজসকল অতি অস্থিৰ হৈ পৰিল আৰু নিৰ্ধাৰিত দিনৰ ১২ ঘণ্টা পূৰ্বে ফাঁচী দিয়া হ’ল । দুখৰ বিষয় যে এই তিনিওজনে শেষবাৰৰ বাবে পৰিয়ালক লগ পোৱাৰ সুযোগো লাভ নকৰিলে ।

লগতে পঢ়ক: World Water Day 2023: আজিৰ দিনটোতে বিশ্ব জল দিৱস কিয় পালন কৰা হয় জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.