ETV Bharat / bharat

ঝাৰখণ্ডত মাওবাদীয়ে বোমাৰে উৰুৱালে ৰে'লপথ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:11 AM IST

Updated : Dec 22, 2023, 10:22 AM IST

Maoists attack in Jharkhand
ঝাৰখণ্ডত মাওবাদীয়ে বোমাৰে উৰুৱালে ৰে'লপথ

Maoists attack in Jharkhand : ঝাৰখণ্ডৰ চাইবাছাত মাওবাদীৰ আক্ৰমণ । হাওৰা-মুম্বাই মুখ্য ৰে’লপথত মাওবাদীৰ বোমা বিস্ফোৰণ । ক্ষতিগ্ৰস্ত ৰে’লপথ । ৰে’লপথটোত ৰে’লৰ চলাচল স্থগিত ।

নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ : মাওবাদীয়ে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰভাৱ কিছু পৰিমাণে ঝাৰখণ্ডত দেখা গৈছে । ইয়াৰ মাজতে ঝাৰখণ্ডৰ চাইবাছাত মাওবাদীয়ে ৰে'লপথত বিস্ফোৰণ সংঘটিত কৰে । যাৰ ফলত হাওৰা-মুম্বাই মুখ্য পথত ৰে'ল সেৱা স্থবিৰ হৈ পৰিছে । জানিব পৰা মতে ঘটনাটো গোৱেলকেৰা আৰু পোচাইটা ষ্টেচনৰ মাজত সংঘটিত হৈছে ।

আৰক্ষী সূত্ৰৰ মতে মাওবাদীয়ে বৃহস্পতিবাৰে মাজনিশা প্ৰায় ১২.৩০ বজাত গোৱেলকেৰা আৰু পোচাইটা ষ্টেচনৰ মাজত বোমা বিস্ফোৰণ সংঘটিত কৰে । ফলস্বৰূপে ৰে'লপথটো ক্ষতিগ্ৰস্ত হয় । এই ঘটনাৰ পাছত মাওবাদীয়ে উক্ত স্থানত পোষ্টাৰ আৰু বেনাৰো আঁৰি দিয়ে । ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে চক্ৰধৰপুৰ ৰে'ল বিভাগত বিশৃংখলতাৰ সৃষ্টি হয় আৰু ৰে'লৰ চলাচল বন্ধ কৰি দিয়া হয় ।

উল্লেখ্য যে মাওবাদীয়ে ১৬ ৰ পৰা ২২ ডিচেম্বৰলৈ 'প্ৰতিৰোধ সপ্তাহ' পালন কৰিছে । ইয়াৰ লগত সংগতি ৰাখিয়ে এই ঘটনাটো সংঘটিত কৰা হৈছে বুলি অনুমান কৰা হৈছে । বিস্ফোৰণটোৰ পাছত ১৮০৩০ নম্বৰৰ শালিমাৰ-কুৰ্লা উজনি এক্সপ্ৰেছ ৰে'লখন মহাদেৱশাল ষ্টেচনত ৰখাই দিয়া হয় । পাছত, ৰে'লখন গোৱেলকেৰা ৰে'ল ষ্টেচনলৈ স্থানান্তৰ কৰা হয় । কেৱল এয়াই নহয়, মাওবাদীয়ে দেৰাৱা ষ্টেচনৰ ওচৰত এখন বেনাৰ লগায় । বেনাৰখন টাটা-ইতৱাৰী যাত্ৰীবাহী ৰে'লখনৰ ইঞ্জিনত লাগি আঁতৰি যায় । যাৰ বাবে কোনেও এই বিষয়ে গম নাপালে ।

উল্লেখ্য যে মাওবাদীয়ে ২২ ডিচেম্বৰত অৰ্থাৎ আজি ভাৰত বন্ধৰ আহ্বান জনাইছে । ইয়াৰ পূৰ্বেও, মাওবাদীয়ে ভাৰত বন্ধৰ আহ্বান জনাই পোষ্টাৰ আৰু বেনাৰ আদি লগাইছিল ।

লগতে পঢ়ক :গঁড়ৰ খৰ্গই নহয়, চেঙেলি মাছৰো আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত আছে ভাল দৰ

Last Updated :Dec 22, 2023, 10:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.