ETV Bharat / bharat

নতুন চৰকাৰে শপত লোৱাৰ পূৰ্বে ছত্তীশগড়ত ২০ মাওবাদীৰ আত্মসমৰ্পণ

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:50 PM IST

সুকমা জিলাত চৰকাৰৰ বিশেষ অভিযানৰ অংশ হিচাপে ২০ মাওবাদীয়ে আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত ৫ গৰাকী মহিলাও আছে । আত্মসমৰ্পণকাৰীক চৰকাৰে পুনৰ্সংস্থাপন আঁচনিৰ সুবিধা প্ৰদান কৰিব ।

Naxalites surrender in Sukma
নতুন চৰকাৰে শপত লোৱাৰ পূৰ্বে ছত্তীশগড়ত ২০ মাওবাদীৰ আত্মসমৰ্পণ

নেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ : ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযান অব্যাহত আছে । মাওবাদীৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে বহু সফলতাও অৰ্জন কৰিছে । ইফালে চৰকাৰৰ পুনৰ্সংস্থাপন নীতি আৰু বিশেষ অভিযানৰ প্ৰতি আকৰ্ষিত হৈ ইতিমধ্যে বহু মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে আৰু মূলসূঁতিলৈ ঘূৰি আহিছে । ইয়াৰ মাজতে সুকমা আৰক্ষীৰ হাতত পুনৰ আত্মসমৰ্পণ কৰে ২০ গৰাকী মাওবাদীয়ে । শনিবাৰেও ৫ গৰাকী মহিলাসহ ২০ মাওবাদীয়ে আত্মসমৰ্পণৰ জৰিয়তে মূলসূঁতি ঘূৰি আহে ।

সুকমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষ ৰজত কুমাৰে কোৱা মতে মাওবাদীৰ আদৰ্শত অতিষ্ঠ হৈ জগৰগুণ্ডা অঞ্চলত সক্ৰিয় হৈ থকা ৫ গৰাকী মহিলাসহ ২০ বিদ্ৰোহী সদস্যই শনিবাৰে আত্মসমৰ্পণ কৰে । আৰক্ষী বিষয়াগৰাকীৰ মতে এই সকলো আত্মসমৰ্পণকাৰী মাওবাদীক শীঘ্ৰেই পুনৰ্সংস্থাপন নীতিৰ অধীনত সুবিধা প্ৰদান কৰা হ'ব । সম্প্ৰতি আত্মসমৰ্পণকাৰী মাওবাদীসকলক ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে ।

আত্মসমৰ্পণকাৰীৰ ভিতৰত বহু মাওবাদী ডিএকেএমএছ আৰু বিদ্ৰোহী সদস্য আছে ।

বুধৰাম-ডিএকেএমএছ সদস্য

নৰসিংহ-ডিএকেএমএছ সদস্য

টাংৰু কুঞ্জম-ডিএকেএমএছ সদস্য

চোধি ৰাট্টি - বিদ্ৰোহী সদস্য

টেলাম অৰ্জুন - বিদ্ৰোহী সদস্য

মাড়কম সুৰেশ - বিদ্ৰোহী সদস্য

কুঞ্জম নন্দা - বিদ্ৰোহী সদস্য

চোধি সমৰ - বিদ্ৰোহী সদস্য

কাকো চিলকো - বিদ্ৰোহী সদস্য

চোধি মঙ্গো - বিদ্ৰোহী সদস্য

চোধি এঙ্কী - কেএএমএছৰ উপাধ্যক্ষ

অজয় টেলাম - চিএনএম সদস্য

কাট্টাম ফুলো - চিএনএম সদস্য

কাট্টাম অৰ্জুন – বিদ্ৰোহী সদস্য

কাট্টাম সোমে - বিদ্ৰোহী সদস্য

চোধি হাড়মা - বিদ্ৰোহী সদস্য

মাড়ৱী লাখমু - বিদ্ৰোহী সদস্য

জগতৰাম-বিদ্ৰোহী সদস্য

উল্লেখ্য যে সুকমা জিলাত সক্ৰিয় মাওবাদীসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ বাবে আৰক্ষীয়ে জিলাখনত বিশেষ অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ অধীনত, নিৰাপত্তা বাহিনীৰ কৰ্মীসকলে সকলো মাওবাদীক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই ভিতৰুৱা অঞ্চলবোৰত বেনাৰ আৰু পোষ্টাৰ লগাইছে । ইফালে ছত্তীশগড়ত বিজেপি চৰকাৰে শপত লোৱাৰ পূৰ্বে মাওবাদীৰ এই আত্মসমৰ্পণে বিশেষ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ।

লগতে পঢ়ক :ছত্তীশগড়ত পুনৰ মাওবাদীৰ আক্ৰমণত নিহত বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.