ETV Bharat / bharat

ছত্তীশগড়ত পুনৰ মাওবাদীৰ আক্ৰমণত নিহত বিজেপি নেতা

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 2:30 PM IST

Chhattisgarh Naxalites kill BJP leader
ছত্তীশগড়ত পুনৰ মাওবাদীৰ আক্ৰমণত নিহত বিজেপি নেতা

এমাহৰ ভিতৰত ছত্তীশগড়ত মাওবাদীয়ে ৩ গৰাকীকৈ বিজেপি নেতাক হত্যা কৰিছে । নাৰায়ণপুৰৰ ছোটেডংগাৰত বিজেপি নেতা কোমল মাঁঝিক মাওবাদীয়ে হত্যা কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণ অব্যাহত আছে । মাওবাদীৰ হাতত পুনৰ নিহত হ'ল বিজেপি নেতা । নাৰায়ণপুৰৰ ছোটেডংগাৰৰ এটা মন্দিৰত উপাসনাৰ বাবে যোৱাৰ সময়তে মাওবাদীয়ে বিজেপি নেতাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । জানিব পৰা মতে, নিহত বিজেপি নেতাগৰাকী কোমল মাঁঝি ।

বিজেপি নেতা কোমল মাঁঝিয়ে শীতলা মন্দিৰলৈ উপাসনাৰ বাবে গৈছিল । সূত্ৰৰ মতে ইয়াৰ পূৰ্বেও মাওবাদীয়ে বিজেপি জিলাৰ উপ-সভাপতি সাগৰ চাহু আৰু ৰতন ডুবেক হত্যা কৰিছিল । সেই সময়ত মাওবাদীয়ে বিজেপি নেতা কোমল মাঁঝিক আমদাই খনিক লৈ সকীয়াই দিছিল ।

জিলাখনৰ ছোটেডংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত দিনৰ পোহৰতে কোমল মাঁঝিক হত্যা কৰাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে জনোৱা মতে, ঘটনাটো পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছিল ।

সূত্ৰৰ মতে, মাওবাদীয়ে পূৰ্বে কেইবাবাৰো কোমল মাঁঝিক হত্যাৰ ভাবুকি দিছিল । ভাবুকিৰ পাচত কোমল মাঁঝিক আৰক্ষীয়ে নিৰাপত্তাও প্ৰদান কৰিছিল । কিন্তু কোমল মাঁঝিয়ে সুৰক্ষা গ্ৰহণৰ বাবে অস্বীকাৰ কৰিছিল । ইফালে ঘটনাটোৰ পাচতে সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । যোৱা এমাহৰ ভিতৰত দিনৰ পোহৰত মাওবাদীৰ দ্বাৰা হত্যাৰ এইটো তৃতীয় ঘটনা ।

মাওবাদীয়ে এই সন্দৰ্ভত এক বিবৃতিও প্ৰকাশ কৰিছে । বিবৃতিটোত মাওবাদীয়ে উল্লেখ কৰা মতে, মুণ্ডাতিক্ৰাৰ বাসিন্দা কোমল মাঁঝিয়ে আমদাই খনিৰ দালালি কৰি কোটি কোটি টকা লুণ্ঠন কৰিছিল । যাৰ বাবে মাওবাদীয়ে তেওঁক মৃত্যুদণ্ড দিছে ।

মাওবাদীয়ে দাবী কৰা মতে, খনিৰ দালাল কেতিয়াও চৰকাৰ আৰু শাসকসকলৰ এজেণ্ট হ'ব নোৱাৰে । বিবৃতিৰ জৰিয়তে মাওবাদীয়ে সাধাৰণ লোকক বিশ্বাসঘাত নকৰিবলৈও সকীয়াই দিয়ে ।

লগতে পঢ়ক : ৰঙাপৰাত উদ্ধাৰ মৃতদেহ,কাগজত টিপ চহী লৈ অভিযুক্তৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.