ETV Bharat / bharat

Chhattisgarh Bus accident : দলঙৰ ৰেলিঙত মাৰিলে খুন্দা, ২৬ৰো অধিক বাছৰ যাত্ৰী আহত

author img

By

Published : Jun 19, 2023, 11:53 AM IST

ৰায়গড় জিলাৰ ঘৰঘোড়াৰ সমীপত দলঙৰ ৰেলিঙত খুন্দা মাৰিলে এখন বাছে । এই দুৰ্ঘটনাত ২৬ৰো অধিক যাত্ৰী আহত হয় । আহতসকলক ৰায়গড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।

Chhattisgarh Bus accident
দলঙৰ ৰেলিঙত মাৰিলে খুন্দা ২৬ৰো অধিক বাছৰ যাত্ৰী আহত

নেশ্যনেল ডেস্ক,১৯ জুন : পুৱাই ছত্তীশগড়ৰ ৰায়গড় জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দ্ৰুতবেগী এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰে । ফলত বাছখনৰ ২৬ গৰাকী যাত্ৰী আহত হয় । তাৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে আটাইকেইজন আহতৰ চিকিৎসা চলাই থকা হৈছে । গুৰুতৰভাৱে আহতকেইজনক ৰায়গড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

মহকুমা আৰক্ষীয়ে বিষয়াই জনোৱা মতে দুৰ্ঘটনাটো ৰায়গড় জিলাৰ ঘৰঘোড়াৰ সমীপত এখন দলঙৰ ওপৰত সংঘটিত হৈছে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দলংখনত খুন্দা মৰাৰ পাছত, বাছখনৰ সন্মুখৰ অংশ আৰু বাওঁফাল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে । লক্ষণীয়ভাৱে এই দলংখন ৰেলপথৰ ওপৰেৰে আছে ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে । কিছু সময়ৰ পাছতে আৰক্ষী আৰু প্ৰশাসনৰ লোকসকল দুৰ্ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় লোকৰ সহযোগত আৰক্ষীত বাছখনৰ ভিতৰৰ পৰা লোকসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে ।

  • #WATCH | Chhattisgarh | 26 people injured, including two critically injured, after a speeding bus lost control and rammed into a bridge. The incident occurred at a bridge near Gharghoda in Raigarh district.

    SDOP Deepak Mishra says, "A total of 26 people are injured. Two… pic.twitter.com/mezuKaNW0X

    — ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) June 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শেহতীয়া দিনবোৰত দেখা গৈছে যে ছত্তীশগড়ত পথ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । দেওবাৰে, পুৰণি ভিলাই আৰক্ষী থানাৰ অন্তৰ্গত এটা স্থানত এখন দ্ৰুতবেগী ট্ৰাকে বাইকত খুন্দা মাৰে । য'ত বাইক আৰোহী দুগৰাকী লোক গুৰুতৰভাৱে আঘাত হয় । দুয়োকে ততাতৈয়াকৈ ওচৰৰ চুপেলা চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বে তেওঁলোকৰ মৃত্যু হয় । দুয়ো সম্পৰ্কত ভাই-ভনী আছিল বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে জাঞ্জগিৰ চম্পা কোৰবা ৰোডত দুখন বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয় । সংঘৰ্ষৰ পাছতে, এখন বাহনত জুই লাগিছিল য'ত চালক আৰু সহযোগী জীৱন্তে অগ্নিদগ্ধ হয় । দুৰ্ঘটনাত পতিত আনখন বাহনৰো চালকজন গুৰুতৰভাৱে অগ্নিদগ্ধ হয় । সম্প্ৰতি চালকজন চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক :Trident Hotel At Mumbai: অগ্নিকাণ্ড নহয়, নিয়মীয়া মেইণ্টেনেন্স ড্ৰিলৰ বাবে পঞ্চতাৰকাযুক্ত হোটেলৰ ছাদৰ পৰা ওলাইছিল ধোঁৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.