ETV Bharat / bharat

ED case of Delhi Liquor Scam : দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত আদালতত হাজিৰ মণীষ ছিছোডিয়া

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 5:33 PM IST

সুৰা কেলেংকাৰীৰ গোচৰত শুকুৰবাৰে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াক দিল্লীৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ বাবে ২০ অক্টোবৰৰ দিন নিৰ্ধাৰণ কৰে ।

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত আদালতত হাজিৰ মনীষ ছিছোডিয়া
ED case of Delhi Liquor Scam

নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : তথাকথিত আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ধন সৰবৰাহৰ গোচৰত অভিযুক্ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়া শুকুৰবাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ হয় । শুনানিৰ সময়ত চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে ইডিক গোচৰটোৰ সকলো অভিযুক্তৰ প্ৰয়োজনীয় নথি-পত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে গোচৰটোৰ অভিযুক্তৰ চিকিৎসা সন্দৰ্ভত আদালতে মন্তব্য কৰে যে কেৱল সেই চিকিৎসা গ্ৰহণ কৰিব লাগে, যিটো উপযুক্ত । জামিন জীৱনতকৈ অধিক গুৰুত্বপূৰ্ণ নহয় । অপ্ৰয়োজনীয় ঔষধ গ্ৰহণ কৰাৰ পাৰ্শ্বক্ৰিয়াও থাকে । কিছু অভিযুক্তই তেওঁলোকৰ দুৰ্বল স্বাস্থ্য আৰু চলিত চিকিৎসাৰ বাবে চিকিৎসাৰ ভিত্তিত আদালতৰ পৰা জামিনৰ বাবে যুক্তি দিয়ে । আদালতে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ বাবে ২০ অক্টোবৰৰ দিন ধাৰ্য কৰে ।

উল্লেখ্য যে কঠোৰ নিৰাপত্তাৰ মাজত শুকুৰবাৰে দুপৰীয়া ১২ বজাত মণীষ ছিছোডিয়াক আদালতত হাজিৰ কৰোৱা হয় । চুটি হাতৰ মেৰুণ ৰঙৰ শ্বাৰ্ট পিন্ধি ছিছোডিয়াই নিৰাপত্তাৰক্ষীৰে বেষ্টিত হৈ হাঁহি হাঁহি আদালতকক্ষত প্ৰৱেশ কৰে । আনকি আদালতৰ পৰা ওলাই যাওঁতেও তেওঁ হাঁহি হাঁহিয়ে ওলাই যায় ।

ইয়াৰ পূৰ্বে মণীষ ছিছোডিয়া ২০ ছেপ্টেম্বৰত শুনানিৰ বাবে ৰাউজ এভিনিউ আদালতত উপস্থিত হৈছিল । সেই সময়ত আদালতে গোচৰটোৰ শুনানিৰ সময়ত চিবিআইক অভিযোগনামা সম্পৰ্কীয় নথিপত্ৰ সকলো অভিযুক্তক দিবলৈ নিৰ্দেশ দিছিল । লগতে গোচৰটোৰ পৰৱৰ্তী শুনানি ১৯ অক্টোবৰলৈ স্থগিত ৰাখে ।

উল্লেখ্য যে আবকাৰী নীতি কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত সোধাপোছাৰ সময়ত ছিছোডিয়াক চিবিআয়ে ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল । চিবিআইৰ জিম্মা সমাপ্ত হোৱাৰ পিছত আদালতে ছিছোডিয়াক ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে । এক ধন সৰবৰাহৰ গোচৰত সোধাপোছা কৰাৰ পিছত ছিছোডিয়াক ৯ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: Court on Manish Sisodia Bank Withdrawal : মনীষ ছিছোদিয়াই খুলিব পাৰিব নতুন বেংক একাউণ্ট; আদালতৰ অনুমতি প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.