ETV Bharat / bharat

Manipur violence: হায়দৰাবাদত মণিপুৰীৰ প্ৰতিবাদ; 23 জুনত আমেৰিকাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী

author img

By

Published : Jun 18, 2023, 10:02 PM IST

Manipur violence
Manipur violence

মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ দাবীৰে আমেৰিকাৰ হোৱাই হাউচৰ সন্মুখত ৰূয়াপণ কৰা হ’ব অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ দেওবাৰে দক্ষিণৰ ৰাজ্য তেলেংগানাৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মণিপুৰৰ লোকসকলে ৷

তেজপুৰ, 18 জুন: বিগত 6 সপ্তাহ ধৰি জ্বলি আছে মণিপুৰ ৷ স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত তৎপৰতা অব্যাহত আছে যদিও প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে হিংসাত্মক ঘটনা ৷ সমান্তৰালভাৱে দেশৰ বিভিন্ন স্থানৰ লগতে বিদেশতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দাবীৰে মণিপুৰৰ লোকসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

দেওবাৰে হায়দৰাবাদত বাস কৰা মণিপুৰৰ লোকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ হায়দৰাবাদ মণিপুৰী চ'চাইটিৰ অধীনত তেলেংগানাৰ কেইবাটাও স্থানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইফালে আমেৰিকাতো আমেৰিকাৰ মেইটেইছ সংগঠনে (The Association of Meiteis in the Americas) হোৱাইট হাউচৰ সমীপৰ লাফায়েট পাৰ্কত অহা 23 জুনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব ৷

উল্লেখ্য যে, বিগত 3 মে’ত জনজাতিৰ মৰ্যাদা প্ৰদানক লৈ মেইটেই আৰু কুকিৰ মাজত হোৱা সংঘাতে পৰৱৰ্তী পৰ্যায়ত লয় ভয়ংকৰ ৰূপ ৷ মেইটেইসকলে জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত এটা বন বিষয়াৰ কাৰ্যালয় জ্বলাই দিয়াৰ পাচতেই চুৰাচান্দপুৰ জিলাত হিংসা আৰম্ভ হৈছিল ৷ ইয়াৰ পাচতেই মেইটেইসকলক আক্ৰমণৰ লক্ষ্য কৰি লয় কুকি জনাজাতিৰ লোকসকলে ৷

প্ৰতিক্ৰিয়া স্বৰূপে কুকি বসতি এলেকাতো সংঘটিত হয় প্ৰতিআক্ৰমণ ৷ তেতিয়াৰে পৰা ৰাজ্যখনত যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰি আছে ৷ মণিপুৰৰ হিংসাৰ ফলত বৰ্তমানলৈকে 130ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 70 হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে ৷ 300ৰো অধিক লোক আহত হৈছে গুৰুতৰভাৱে ৷

শেহতীয়াকৈ মণিপুৰত সন্দেহজনক কুকি বিদ্ৰোহীৰ 9জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল 10 গৰাকীকৈ লোক ৷ এনে পৰিস্থিতিৰ পৰা ৰাজ্যখনত উদ্ধাৰৰ বাবে আমেৰিকাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰবাসী মণিপুৰীসকলে ৷

লগতে পঢ়ক: Manipur violence:মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মোদীৰ মৌনতাক লৈ প্ৰশ্ন মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.