ETV Bharat / bharat

INDIA MPs Meet President : প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰা উচিত; ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি জনালে খাৰ্গেয়ে

author img

By

Published : Aug 2, 2023, 3:33 PM IST

INDIA MPs Meet President
INDIA MPs Meet President

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰা উচিত আৰু হিংসাপীড়িত ৰাজ্যখনত শান্তি পুনৰ স্থাপনৰ বাবে পদক্ষেপ লোৱা উচিত । বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদ তথা নেতাসকলে বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰাৰ পিছত কংগ্ৰেছ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে কয় ।

নিউজ ডেস্ক, ২ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰা উচিত । বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ পিছত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এই কথা কয় । তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰি হিংসাপীড়িত ৰাজ্যখনত শান্তি পুনৰ প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত ।

উল্লেখ্য শেহতীয়াকৈ মণিপুৰ ভ্ৰমণ কৰা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ ২১ গৰাকী সাংসদৰ প্ৰতিনিধি দলৰ সৈতে মিত্ৰজোঁটৰ নেতাসকলে বুধবাৰে ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰি মণিপুৰত অব্যাহত থকা সংঘৰ্ষ সম্পৰ্কীয় বিষয়টোত তেওঁৰ হস্তক্ষেপ বিচাৰে । আনহাতে, ইণ্ডিয়া মিত্ৰজোঁটে ৰাষ্ট্ৰপতিক ৰাজ্যখনত অব্যাহত থকা পৰিস্থিতিৰ বিষয়েও অৱগত কৰায় । লগতে তেওঁলোকে ভিন্ন সম্প্ৰদায়ৰ দুগৰাকী মণিপুৰী মহিলাক ৰাজ্যসভালৈ মনোনীত কৰিবলৈও ৰাষ্ট্ৰপতিক আহ্বান জনায় ।

আনহাতে, বিৰোধীৰ প্ৰতিনিধি দলটোৱে মণিপুৰ সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ দাবী পুনৰ উত্থাপন কৰে । এই সন্দৰ্ভত তেওঁলোকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে । "আমি ৰাষ্ট্ৰপতিক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছোঁ । আমি ৰাষ্ট্ৰপতিক বিশেষকৈ মণিপুৰত মহিলাৰ ওপৰত হোৱা অত্যাচাৰ, পুনৰ্সংস্থাপন আৰু অন্যান্য পৰিস্থিতিৰ বিষয়ে অৱগত কৰোঁ । আমাৰ মুখ্য দাবী হৈছে যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰিব লাগে আৰু ৰাজ্যখনত শান্তি পুনৰ প্ৰতিষ্ঠাৰ দিশত পদক্ষেপ ল'ব লাগে ।" ৰাজ্যসভাত বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে কয় ।

কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয় যে মণিপুৰৰ হিংসাপীড়িত ৰাজ্যখনৰ পৰিস্থিতি 'গুৰুতৰ' আৰু জনজাতীয় সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে এই কথা বুজি পাব । ইয়াৰ উপৰি বিৰোধী সাংসদৰ প্ৰতিনিধি দলটোৱে মণিপুৰৰ পৰিস্থিতি আৰু শেহতীয়াকৈ সমস্যাগ্ৰস্ত ৰাজ্যখন ভ্ৰমণ কৰি পোৱা তেওঁলোকৰ অভিজ্ঞতাৰে ৰাষ্ট্ৰপতিৰ দৃষ্টি আকৰ্ষণ কৰে ।

লগতে পঢ়ক :SC Hearing on Article 370 : অনুচ্ছেদ ৩৭০ বাতিলৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.