ETV Bharat / bharat

Manipur Violence : সাক্ষাৎ নকৰাকৈয়ে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী; হতাশ মণিপুৰৰ বিৰোধী নেতৃবৰ্গ

author img

By

Published : Jun 20, 2023, 8:18 PM IST

Manipur Violence
Manipur Violence

মঙলবাৰে আমেৰিকা ভ্ৰমণলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কিন্তু ১০ জুনৰ পৰা সাক্ষাতৰ বাবে অপেক্ষা কৰি থকা হিংসাপীড়িত মণিপুৰৰ বিৰোধী দলসমূহৰ নেতাসকলক তেওঁ সাক্ষাৎ নকৰিলে । এই কথাত হতাশা ব্যক্ত কৰি নেতৃবৃন্দই কয় যে যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনোবাই তেওঁক মণিপুৰৰ বিষয়ে প্ৰশ্ন কৰে তেন্তে মোদীয়ে কি ক'ব ।

নিউজ ডেস্ক, ২০ জুন : মঙলবাৰে হিংসাপীড়িত মণিপুৰৰ প্ৰায় ১০ টা বিৰোধী দলে আক্ষেপ কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সাক্ষাৎ নকৰাকৈয়ে আমেৰিকালৈ ৰাওনা হোৱাত অত্যন্ত হতাশ হৈছে । তেওঁলোকে আক্ষেপ কৰে যে বিৰোধী নেতাসকলক সাক্ষাৎ নকৰাকৈয়ে বা আনকি ৩ মে'ৰ পৰা উত্তৰ-পূবৰ ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ বিষয়ে একো এটা উচ্চাৰণ নকৰাকৈয়ে প্ৰধানমন্ত্ৰী আমেৰিকালৈ ৰাওনা হৈছে ।

"প্ৰধানমন্ত্ৰীয়ে আমাৰ প্ৰতিনিধি দলক সাক্ষাৎ নকৰাত আমি অত্যন্ত হতাশ হৈছোঁ । আনকি মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত তেওঁ একো এটা শব্দও উচ্চাৰণ কৰা নাই । আমি ১০ জুনৰ পৰা প্ৰধানমন্ত্ৰীৰ পৰা সাক্ষাতৰ অনুমতি পাবলৈ ইয়াত অপেক্ষা কৰি আছিলোঁ । কিন্তু আমি কোনো সময় নাপালোঁ । সেয়েহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আমাৰ উদ্বেগ ব্যক্ত কৰি আমি আজি প্ৰধানমন্ত্ৰী কাৰ্যালয়ত এখন স্মাৰক-পত্ৰ দাখিল কৰিছোঁ । আমি প্ৰধানমন্ত্ৰীক ৩ মে'ৰ পৰা হিংসাত জ্বলি থকা সীমান্তৰ ক্ষুদ্ৰ ৰাজ্যখনত শান্তি পুনৰ স্থাপনৰ বাবে তাৎক্ষণিক পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ ।" জেডি-ইউ নেতা ডঃ নিমাইচান্দ লুৱাঙে কয় ।

উল্লেখ্য, তেওঁলোকৰ স্মাৰক-পত্ৰত কংগ্ৰেছ, জেডি-ইউ, শিৱসেনা (উদ্ধৱ থাকৰে), চিপিআই আৰু অন্যান্যকে ধৰি ১০ টা বিৰোধী দলে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰাৰ দাবী জনাইছে । তেওঁলোকৰ অভিযোগ, বৰ্তমানৰ পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী প্ৰত্যক্ষভাৱে দায়ী আৰু ৩ মে'ৰ পৰা সংঘটিত হিংসা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে ।

"মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে মুখ্যমন্ত্ৰী একমাত্ৰ দায়ী বুলি আমাৰ সকলোৰে মত । স্বাভাৱিক পৰিস্থিতিত যিকোনো মুখ্যমন্ত্ৰীয়ে সংঘৰ্ষকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ এসপ্তাহতকৈ অধিক সময় নালাগিলহেঁতেন । আটাইতকৈ বেয়া কথাটো হৈছে মুখ্যমন্ত্ৰীয়ে অলপতে নিজৰ বিফলতা স্বীকাৰ কৰিছে । তেওঁ কৈছে যে চলিত হিংসাৰ আঁৰত চোৰাংচোৱাৰ বিফলতা আছে আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি আছে ।" লুৱাঙে লগতে কয় ।

আনহাতে, মণিপুৰৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ওক্ৰাম ইবোবি সিঙৰ মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পিছতো ক্ষুদ্ৰ ৰাজ্যখনত হিংসা নিয়ন্ত্ৰণৰ বাহিৰত । ই প্ৰমাণ কৰিছে যে এই অগ্নিকুণ্ড সদৃশ পৰিস্থিত সৃষ্টিৰ আঁৰত এটা উদ্দেশ্য আছিল । "কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কোনো গোপন কাৰ্যসূচী আছে নেকি, কিয়নো তেওঁলোকে ৰাজ্যখনত হিংসা নিয়ন্ত্ৰণ কৰিবলৈ অকণমাণো সক্ষম হোৱা নাই ? আজিও অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে আৰু কালি মেইটেইৰ পাঁচটা ঘৰ আৰু নগাৰ এটা ঘৰ জ্বলাই দিয়া হৈছে । কিছুদিন পূৰ্বে আমি সকলোৱে দেখিছোঁ যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰটো ইম্ফলত জ্বলাই দিয়া হৈছে । আমি আশংকা কৰোঁ যে মেইটেই আৰু কুকিসকলৰ মাজত সংঘটিত হিংসা এতিয়া নগাসকলৰ বিৰুদ্ধে বিয়পি পৰিব পাৰে । যদি এনে হয় তেন্তে ই ৰাজ্যখনৰ বাবে বিপজ্জনক হ'ব ।" ইবোবি সিঙে কয় ।

"যদি প্ৰধানমন্ত্ৰীৰ ওচৰত ৰাজ্য এখন জ্বলি থকাৰ সময়ত বিৰোধী প্ৰতিনিধি দলক লগ কৰিবলৈ সময় নাথাকে, তাৰ পৰা এটা বাৰ্তা দিয়ে যে আমি এখন সৰু ৰাজ্য হোৱাৰ বাবে কেন্দ্ৰই আমাৰ যত্ন নলয় । যদি হাৰিয়ানা বা মধ্যপ্ৰদেশৰ দৰে এখন ৰাজ্যত এনে হ'লহেঁতেন, তেন্তে ইয়াৰ সঁহাৰি বেলেগ হ'লহেঁতেন । কেৱল বিৰোধী নেতায়েই নহয়, মণিপুৰৰ বিজেপি সাংসদসকলেও শেহতীয়া হিংসাত্মক ঘটনাক লৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ অপেক্ষা কৰি আছে । আমি ভিক্ষাৰী নহয় । আমি কিবা বিচাৰিবলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব বিচৰা নাছিলোঁ । আমি চিন্তিত যে মণিপুৰ এখন সীমান্তৱৰ্তী ৰাজ্য আৰু তাত পৰিস্থিতি একেবাৰতে নিয়ন্ত্ৰণ কৰিব লাগিব । যদি আজি মুখ্যমন্ত্ৰীক অপসাৰণ কৰা হয়, তেন্তে ২৪ ঘণ্টাৰ ভিতৰত তৃণমূল স্তৰৰ পৰিস্থিতি উন্নত হ'ব ।" প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ।

বিৰোধী নেতাসকলে লগতে আশ্চৰ্য প্ৰকাশ কৰে যে যদি আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ ওপৰত কোনো প্ৰশ্নৰ সন্মুখীন হয় তেন্তে কি হ'ব । "যদি কোনোবাই তেওঁক মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে সোধে তেন্তে প্ৰধানমন্ত্ৰীয়ে কি ক'ব ? মণিপুৰৰ জনসাধাৰণ চিন্তিত যে প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে হোৱা হিংসাৰ বিষয়ে একো কোৱা নাই ।" ইবোবি সিঙে কয় ।

লগতে পঢ়ক :PM Modi US Visit : আমেৰিকালৈ উৰা মাৰিল প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.