ETV Bharat / bharat

কৃষক সংগঠনৰ পক্ষত থাকিব পশ্চিমবংগ চৰকাৰ...

author img

By

Published : Jun 9, 2021, 8:56 PM IST

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে ৰাকেশ টিকাইত আৰু যুধবীৰ সিঙৰ নেতৃত্বত হোৱা বৈঠকত কৃষক নেতাসকলক সমৰ্থন জনোৱাৰ আশ্বাস দিয়ে । নীতিগত বিষয়বোৰ আলোচনা কৰিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে থিয় দিবলৈ ৰাজ্যসমূহক আহ্বান মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ।

Mamata assures farmer leaders
কৃষক সংগঠনৰ পক্ষত থাকিব পশ্চিমবংগ চৰকাৰ

নেশ্যনেল ডেস্ক, ৯ জুন: ৰাকেশ টিকাইত আৰু যুধবীৰ সিঙৰ নেতৃত্বত কৃষক নেতাসকলক নতুন কৃষি আইনৰ(farm law) বিৰুদ্ধে তেওঁলোকৰ আন্দোলনত সমৰ্থন জনোৱাৰ আশ্বাস পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । কৃষক নেতাসকলৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনে এখন মঞ্চ থাকিব লাগে য'ত ৰাজ্যসমূহে নীতিগত বিষয়ত কথা পাতিব পাৰে । বুলডোজিং ৰাজ্যবোৰ ফেডাৰেল কাঠামোৰ পক্ষে ভাল নহয় বুলিও তেওঁ মন্তব্য কৰে ।

তৃণমূল কংগ্ৰেছে পশ্চিম বংগৰ ভৌগোলিক সীমাৰ বাহিৰত দলটোৱে(TMC) নিজৰ অস্তিত্ব বিস্তাৰৰ বাবে কাম কৰিব বুলি ঘোষণা কৰাৰ কেইদিনমানৰ ভিতৰতে উত্তৰ ভাৰতৰ কৃষক সংগঠনসমূহৰ প্ৰতি বেনাৰ্জীৰ সমৰ্থন দেখা গৈছে ।

উল্লেখ্য যে টিকাইত আৰু সিঙৰ নেতৃত্বত ভাৰতীয় কিষাণ ইউনিয়নে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক ভোট নিদিবলৈ চলোৱা প্ৰচাৰত সমৰ্থন জনাইছিল আৰু আগন্তুক ৰাজ্যিক নিৰ্বাচনতো সেইটো সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা আছে ।

মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে বৈঠকৰ পিছতে ঘোষণা কৰে যে তেওঁৰ কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন থাকিব লগতে কেন্দ্ৰীয় চৰকাৰক উপহাস কৰি কয় যে ভাৰতৰ ৰাইজ কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়া, কৃষক আৰু উদ্যোগক সহায় কৰা চৰকাৰী নীতিৰ অপেক্ষাত আছে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কৃষক নেতাসকলে তেওঁক কৃষকৰ সমস্যাটোৰ ওপৰত আন ৰাজ্যিক নেতাসকলৰ সৈতে কথা পাতিবলৈ আৰু কৃষক সংঘৰ সৈতে আলোচনাৰ আয়োজন কৰিবলৈ অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে ৰাজ্যসমূহে নীতিগত বিষয়বোৰ আলোচনা কৰিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে থিয় দিয়াটো অতি প্ৰয়োজনীয়।

লগতে পঢ়ক:CO-WIN ত নতুন সুবিধা সংযোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.