ETV Bharat / business

থলুৱা বিক্ৰেতাৰ বাবে ভাবুকি হৈ পৰিছে 10 মিনিটৰ Grocery Apps ! - 10 Minute Grocery Apps

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 9:45 PM IST

Indian bend on 10 minute grocery apps : বৰ্তমান সময়ত পৃথিৱীখন তেনেই সৰু হৈ পৰিছে ৷ ঘৰৰ প্ৰয়োজনীয় সামগ্ৰীসমূহো ঘৰতে বহি বহিয়েই আপুনি এটা ক্লিকতে 10 মিনিটত লাভ কৰিব পাৰে ৷ কিন্তু এই এপসমূহ থলুৱা বিক্ৰেতাসকলৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে নেকি ?

Indian bend on 10 minute grocery apps
থলুৱা বিক্ৰেতাৰ বাবে ভাবুকি হৈ পৰিছে 10 মিনিটৰ Grocery Apps ! (canva)

নেশ্যনেল ডেস্ক, 11 জুন : ডিজিটেল ভাৰতৰ যুগত আজিকালি আমি বিচৰা সকলো সুবিধা এটা ক্লিকতে উপলব্ধ হয় ৷ আমি সততে আজিকালি আমাৰ ফোনত এটা বিজ্ঞাপন দেখা পাঁও 10 মিনিটত ডেলিভাৰী ৷ এই সুবিধাৰ জৰিয়তে কোনো লোকে ঘৰতেই বহি বহি 10 মিনিটৰ ভিতৰত প্ৰয়োজনীয় সকলো সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷

ছফ্টবেংক সমৰ্থিত ছুইগীৰ গ্ৰোচাৰী ৱেৰহাউছৰ কৰ্মচাৰীসকলে 10 মিনিটৰ ভিতৰত গ্ৰাহকক অৰ্ডাৰ প্ৰদান কৰে ৷ তেওঁলোকৰ গতি ছেকেণ্ড হিচাপে স্ক্ৰীণত ট্ৰেক কৰা হয় । যিমানেই গৰম, তথা বতাহ-বৰষুণ নহওক কিয় ছুইগীৰ এইসকল ডেলিভাৰী বয়ে গ্ৰোচাৰী অৰ্ডাৰসমূহ প্ৰদান কৰে ।

শেহতীয়া এক প্ৰতিবেদন অনুসৰি, এই ছুইগীৰ ডেলিভাৰী কৰ্মচাৰীসকলে পিকআপ প্ৰক্ৰিয়া 1 মিনিট 30 ছেকেণ্ডত কৰিব লাগে । গাখীৰ, কল, মাছ-মাংসৰ পৰা ফুললৈকে সকলোবোৰ সামগ্ৰী ছুইগীত তৎক্ষণাত ডেলিভাৰী কৰা হয় ৷ ই হৈছে এনে এটা ব্যৱসায়িক ধাৰণা যিয়ে বৰ্তমান সময়ত সকলো লোকৰ বজাৰ কৰাৰ ধৰণ সলনি কৰি দিছে ।

কিন্তু এই ছুইগীৰ দৰে তাৎক্ষণিক ব্যৱসায়সমূহে আমাৰ পাইকাৰী ব্যৱসায়ীসকলক বিপদত পেলোৱাৰ উপক্ৰম হৈছে । অধিকাংশ লোকেই এই 10 মিনিটৰ গ্ৰোচাৰী এপৰ প্ৰতি ইমানেই আসক্ত হৈছে যে ক্ষুদ্ৰ খুচুৰা বিক্ৰেতাসকলৰ ওপৰত ই বিপৰীত প্ৰভাৱহে পেলাইছে ৷

গোল্ডমেন সমীক্ষাৰ প্ৰতিবেদন

গোল্ডমেন সমীক্ষাই এপ্ৰিলত প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ 5 বিলিয়ন ডলাৰৰ অনলাইন গ্ৰোচাৰী বজাৰৰ 45 শতাংশ দ্ৰুত বিতৰণৰ অংশ আছিল । যিহেতু ক্ৰেতাসকলে সুবিধা আৰু তাৎক্ষণিকতাক অগ্ৰাধিকাৰ দিয়ে, ই দ্ৰুত বাণিজ্য অনলাইন গ্ৰোচাৰী বজাৰৰ 70% হ'ব, যি 2030 চনৰ ভিতৰত 60 বিলিয়ন ডলাৰ স্পৰ্শ কৰিবলৈ সাজু হৈছে বুলি অনুমান কৰা হৈছে ।

ছুইগী

ছুইগীয়ে 2014 চনত ৰেষ্টোঁৰাসমূহৰ খাদ্য বিতৰণৰ ব্যৱসায় আৰম্ভ কৰিছিল । ইয়াৰ মূল্য $10 বিলিয়ন আছিল । কিন্তু এতিয়া ছুইগীয়ে ভাৰতত 10 মিনিটৰ গ্ৰোচাৰী ব্যৱসায়ত অধিক অগ্ৰগতি লাভ কৰা দেখা গৈছে ৷ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিচত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ খুচুৰা বজাৰ হৈছে ছুইগী । গ্ৰাহকসকলে তাৎক্ষণিক ডেলিভাৰী অৰ্ডাৰত অধিক পৰিশোধ কৰিব লাগিব বুলি জনা স্বত্বেও অধিক ধন পৰিশোধ কৰি হ’লেও এই এপৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: অতিথি আপ্য়ায়নৰ বাবে আৰু চিন্তা নাই: মাত্ৰ ১০ টকা কেজিত কিনক মাছ - fish in Telugu states

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.