ETV Bharat / bharat

Kharge slams PM Modi and RSS : 'বিজেপি আৰু আৰএছএছয়ে সংবিধান সলনি কৰিব বিচাৰে'-মল্লিকাৰ্জুন খাৰ্গে

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:57 PM IST

Kharge slams PM Modi and RSS
বিজেপি আৰু আৰএছএছয়ে সংবিধান সলনি কৰিব বিচাৰে

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ আৰু বিজেপিৰ নেতাসকলৰ বাকযুদ্ধ আকৰ্ষণীয় হৈ পৰিছে । ভোটাৰক আকৰ্ষণৰ সকলো শক্তি প্ৰয়োগ কৰা হৈছে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজহুৱা সভাত পুনৰ এবাৰ বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ।

নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ : ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ প্ৰচাৰ তীব্ৰতৰ হৈছে । ইয়াৰ মাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ঘোষণা এই নিৰ্বাচনে দেশৰ ভৱিষ্যত সলনি কৰিব । খাৰ্গেৰ মতে বিজেপি আৰু আৰএছএছৰ লোকে সংবিধান সলনি কৰিব বিচাৰে । খাৰ্গেৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানিৰ হৈ যুঁজ দিছে আৰু কংগ্ৰেছে দৰিদ্ৰৰ বাবে যুঁজ দিছে । এয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্য বুলিও তেওঁ উল্লেখ কৰে ।

কংগ্ৰেছৰ চিন্তা হৈছে দৰিদ্ৰৰ সন্তান আৰু ধনীৰ সন্তান দুয়োজনকে একে শিক্ষা প্ৰদান কৰা কিন্তু বিজেপি নেতাসকলে জাতি, ধৰ্ম আৰু ধনৰ ভিত্তিত সমাজক বিভাজন কৰিব বিচাৰে । খাৰ্গেৰ মতে যদি মোদী আৰু ৰমন সিঙক পৰাজিত কৰি খেলপথাৰৰ বাহিৰলৈ পেলাই দিব লগা হয়, তেন্তে কংগ্ৰেছে পাঁচোখন ৰাজ্যতে জয়ী হ'ব লাগিব । তেতিয়াহে কংগ্ৰেছৰ প্ৰকৃত শাসন আহিব বুলিও তেওঁ দাবী কৰে ।

বিজেপিয়ে চিবিআই, ইডি আৰু আইটিক লগত লৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে বুলিও খাৰ্গেয়ে অভিযোগ কৰে । খাৰ্গেয়ে বিজেপিক প্ৰশ্ন কৰিছে যে কেৱল কংগ্ৰেছ নেতাসকলৰ ওপৰত হে কিয় অভিযান চলোৱা হয় ? কংগ্ৰেছে দৰিদ্ৰ লোকসকলক তেওঁলোকৰ অধিকাৰ দিব বিচাৰে, কিন্তু বিজেপিয়ে ৰাইজৰ সেই অধিকাৰ কাঢ়ি ল'ব বিচাৰে বুলিও তেওঁ অভিযোগ কৰে । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে লগতে কয় যে ছত্তীশগড়ত যি গতিত উন্নয়ন হৈ আছে তাক সমগ্ৰ দেশে প্ৰশংসা কৰিছে । বিজেপিৰ শাসনত, কেৱল বিজেপি নেতাৰ উন্নয়ন হৈছে বুলি তেওঁ অভিযোগ কৰে ।

মল্লিকাৰ্জুন খাৰ্গেয়ে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি কয় যে দূৰদৰ্শনে যি দেখুৱাই সেয়া তেওঁ কয় । আনহাতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে সমগ্ৰ দেশ ভ্ৰমণ কৰে আৰু সাধাৰণ লোকক সাক্ষাৎ কৰে ।

লগতে পঢ়ক :Madhya Pradesh Election 2023 : মধ্যপ্ৰদেশত পৰস্পৰক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.