ETV Bharat / bharat

Maharashtra potboiler: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ অজিত পাৱাৰৰ

author img

By

Published : Jul 2, 2023, 2:46 PM IST

Updated : Jul 2, 2023, 3:01 PM IST

দেওবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ জ্যেষ্ঠ নেতা অজিত পাৱাৰে ৷

Maharashtra potboiler: Ajit Pawar takes oath as Deputy CM
মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ অজিত পাৱাৰৰ

নিউজ ডেস্ক, 2 জুলাই: মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দৃশ্যপট সলনি ৷ দেওবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ জ্যেষ্ঠ নেতা অজিত পাৱাৰে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ উপস্থিতিত অজিত পাৱাৰে দক্ষিণ মুম্বাইৰ ৰাজ ভৱনত শপত গ্ৰহণ কৰে ৷ অজিত পাৱাৰসহ সিন্দে চৰকাৰত চামিল হয় 9 গৰাকী সতীৰ্থও ৷

ছগন ভুজবল, ধনঞ্জয় মুণ্ডে, দিলীপ ৱালছে পাটিলকে ধৰি মুঠ নজন এনচিপি নেতাই অজিত পাৱাৰৰ সৈতে সিন্দে চৰকাৰৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে ৷ অজিত পাৱাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলৰ নেতা ৷ এক বিশেষ সূত্ৰ অনুসৰি জানিব পৰা মতে ৰাজ্যখনৰ মুঠ 53 গৰাকী এনচিপি বিধায়কৰ ভিতৰত, 30 গৰাকী বিধায়কে অজিত পাৱাৰক সমৰ্থন আগবঢ়াইছে ৷

আজি দিনটোৰ আৰম্ভণিতে, অজিত পাৱাৰে মুম্বাইৰ তেওঁৰ চৰকাৰী বাসভৱনত কিছু দলৰ নেতা আৰু বিধায়কক সাক্ষাৎ কৰিছিল ৷ অৱশ্যে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ এই বৈঠকৰ বিষয়ে অৱগত নাছিল ৷

শাৰদ পাৱাৰে এই বৈঠকৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়,"মই সঠিকভাৱে নাজানো কিয় এই বৈঠকখন আহ্বান কৰা হৈছে কিন্তু এগৰাকী বিৰোধী দলৰ নেতা হোৱাৰ বাবে অজিত পাৱাৰৰ বিধায়কসকলৰ সৈতে বৈঠক আহ্বান কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে ৷ পাৱাৰে নিয়মীয়াভাৱে বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয় ৷ এই বৈঠকৰ বিষয়ে মই সবিশেষ নাজানো ৷"

অজিত পাৱাৰৰ চৰকাৰী বাসভৱন 'দেৱগিৰি'ত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থকা নেতাসকলৰ ভিতৰত এনচিপিৰ জ্যেষ্ঠ নেতা ছগন ভুজবল আৰু দলৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলেও আছিল ৷ আনহাতে ৰাজ্যিক দলৰ সভাপতি জয়ন্ত পাটিল এই সভাত উপস্থিত নাছিল ৷

লগতে পঢ়ক: Manipur CM resign controversy : ৰাইজৰ সমৰ্থন দেখিয়ে মুখ্যমন্ত্ৰীয়ে পদত্যাগ বাতিলৰ সিদ্ধান্ত লয়

Last Updated : Jul 2, 2023, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.