ETV Bharat / bharat

Maharashtra Political Crisis : কেবিনেট দপ্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শিন্দেক সাক্ষাৎ দুই উপ-মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 11, 2023, 2:22 PM IST

Maharashtra Political Crisis
Maharashtra Political Crisis

এনচিপিৰ ৯ জন বিধায়কে মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰাৰ পিচত বিজেপি আৰু শিৱসেনাৰ মাজত অসন্তুষ্টি তীব্ৰ কৰি তুলিছে । একনাথ শিন্দেৰ বহু গুণমুগ্ধ এই সিদ্ধান্তত নাৰাজ । এনচিপিক দপ্তৰ বিতৰণ সন্দৰ্ভতো দেৱেন্দ্ৰ ফাড়নাভিছ আৰু একনাথ শিন্দেৰ মাজত যথেষ্ট সংঘাত আছে । এনচিপিক বিত্ত বিভাগ দিয়াক লৈ শিৱসেনা গোটত অসন্তুষ্টি ।

নিউজ ডেস্ক, ১১ জুলাই : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ আৰু মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ মাজত কেইদিনমান পূৰ্বে হোৱা মাজনিশাৰ বৈঠকক লৈ এতিয়াও চৰ্চা চলি আছে । বৰ্তমান এই আলোচনাত অজিত পাৱাৰকো অন্তৰ্ভুক্ত কৰা হৈছে । সোমবাৰে মাজনিশা দেৱেন্দ্ৰ ফাড়নাভিছ আৰু অজিত পাৱাৰে মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ বৰ্ষাস্থিত বাসগৃহত উপস্থিত হয় । সূত্ৰমতে, তাত দেৱেন্দ্ৰ ফাড়নাভিছ, অজিত পাৱাৰ আৰু একনাথ শিন্দেৰ মাজত এক দীঘলীয়া আলোচনা হয় ।

এই বৈঠকত মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা হয় বুলি জানিব পৰা গৈছে । উল্লেখ্য, এনচিপি মহাৰাষ্ট্ৰৰ শাসনলৈ অহাৰ পিছত ৰাজ্যখনৰ ৰাজনীতিত এক ডাঙৰ ধুমুহাৰ সৃষ্টি হৈছে । ইতিমধ্যে শিৱসেনা আৰু বিজেপিৰ নেতাসকল মন্ত্ৰীপদক লৈ অসন্তুষ্ট হৈছে । শেহতীয়াভাৱে এনচিপিৰ ৯ জন বিধায়কে মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰিছে । যিয়ে বিজেপি আৰু শিৱসেনাৰ মাজত অসন্তুষ্টি তীব্ৰ কৰি তুলিছে ।

একনাথ শিন্দেৰ বহু গুণমুগ্ধ এই সিদ্ধান্তত বিচলিত হৈছে । আনহাতে, এনচিপিক দপ্তৰ বিতৰণ সন্দৰ্ভতো দেৱেন্দ্ৰ ফাড়নাভিছ আৰু একনাথ শিন্দেৰ মাজত যথেষ্ট সংঘাত আছে । এনচিপিক বিত্ত বিভাগ দিয়াক লৈ শিৱসেনা গোটত অসন্তুষ্টিৰ সৃষ্টি হোৱা বুলি চৰ্চা চলিছে ।

অজিত পাৱাৰক সাক্ষাৎ ৰামদাস আঠৱালেৰ: কেন্দ্ৰীয় সামাজিক ন্যায় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালেয়ে সোমবাৰে ৰাজ্যিক মন্ত্ৰী ছগন ভুজবলক সাক্ষাৎ কৰে । ৰামদাস আঠৱালে ব্যাখ্যা কৰে যে এনচিপিৰ অসন্তুষ্ট নেতাসকলে অজিত পাৱাৰৰ সৈতে একনাথ শিন্দেৰ নেতৃত্বত চৰকাৰত যোগদান কৰিছিল । অজিত পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত (এন ডি এ) যোগদান কৰিছে । ৰামদাস আঠৱালেয়ে ব্যাখ্যা কৰে যে ইয়াৰ বাবে বিৰোধী মহাবিকাশ আঘাড়ী জোঁট আৰু দুৰ্বল হৈ পৰিছে ।

উল্লেখ্য যে এনচিপিত অজিত পাৱাৰৰ বিদ্ৰোহে এক ডাঙৰ আলোড়নৰ সৃষ্টি কৰিছে আৰু ৰাজ্যখনত ৰাজনৈতিক জোকাৰণি সংঘটিত হৈছে । কিন্তু অজিত পাৱাৰ শাসনলৈ অহাৰ পিচত তেওঁক কোনটো বিভাগ দিব তাকে লৈ এক ডাঙৰ সমস্যা হয় । আনহাতে, এনচিপিৰ ৯ জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । কিন্তু এই মন্ত্ৰীসকলক এতিয়ালৈকে কোনো বিভাগ দিয়া হোৱা নাই । এনচিপি মন্ত্ৰীসকলক কি কি বিভাগ দিব তাকে লৈ এতিয়া মহাজোঁটৰ নেতাসকলৰ মাজত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: West Bengal Panchayat Election 2023 : ভোটগণনাৰ মাজতে কেইবাটাও স্থানত অপ্ৰীতিকৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.