ETV Bharat / bharat

মহাৰাষ্ট্ৰত Johnson & Johnson বেবী পাউদাৰৰ অনুজ্ঞাপত্ৰ বাতিল

author img

By

Published : Sep 18, 2022, 7:49 PM IST

জনছন এণ্ড জনছন প্ৰাইভেট লিমিটেডৰ জনছনছ বেবী পাউদাৰ নিৰ্মাণৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে । পুনে আৰু নাছিকৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে । কোম্পানীটোৰ উৎপাদন ইউনিটটো মুলুণ্ডত (Maharashtra's Food and Drugs Administration) ।

MAHARASHTRA FOOD DRUGS ADMINISTRATION HAS CANCELLED THE MANUFACTURING LICENSE OF JOHNSONS BABY POWDER MULUND MUMBAI
মহাৰাষ্ট্ৰত Johnson & Johnson বেবী পাউদাৰৰ অনুজ্ঞাপত্ৰ বাতিল

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ: জনছন এণ্ড জনছন প্ৰাইভেট লিমিটেডৰ (Johnson & Johnson plant) জনছনছ বেবী পাউদাৰ নিৰ্মাণৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (Maharashtra's Food and Drugs Administration) । পুনে আৰু নাছিকৰ পৰা ইয়াৰ নমুনা সংগ্ৰহ কৰা হৈছিল । কোম্পানীটোৰ উৎপাদন ইউনিটটো মুলুণ্ডত অৱস্থিত ।

ইতিমধ্যে, আমেৰিকা আৰু কানাডাত জনছন এণ্ড জনছনৰ বেবী পাউদাৰ নিষিদ্ধ কৰা হৈছে । আমেৰিকাত জনছনৰ বেবী পাউদাৰ সন্দৰ্ভত কোম্পানীটোৰ বিৰুদ্ধে ৪০ হাজাৰতকৈ অধিক গোচৰ ৰুজু হৈছে ।

  • Maharashtra Food & Drugs Administration has cancelled the manufacturing license of Johnson’s Baby Powder of Johnson’s & Johnson’s Pvt. Ltd., Mulund, Mumbai after samples of the powder drawn at Pune & Nashik were declared "Not of Standard Quality" by the govt pic.twitter.com/4iFIdNd9RI

    — ANI (@ANI) September 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ এফ ডি এ-এ নাছিক আৰু পুনে নামৰ দুখন ঠাইৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল । ইয়াৰ পিছত মুম্বাইত এই কোম্পানীটোৰ বিৰুদ্ধে তদন্ত কৰা আৰম্ভ কৰা হয় । মুম্বাইত কৰা এক নমুনা পৰীক্ষাত জানিব পৰা গৈছে যে, জনছনৰ বেবী পাউদাৰে শিশুৰ ছাল সুৰক্ষাৰ মাপকাঠী পূৰণ কৰিব পৰা নাছিল । আৰু ই শিশুৰ ছালৰ বাবেও সুৰক্ষিত নহয় বুলি কোৱা হৈছিল ৷

লগতে পঢ়ক: স্থানীয় ভাষা জনা লোককহে বেংকত নিয়োগ কৰিব লাগিব, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.