স্থানীয় ভাষা জনা লোককহে বেংকত নিয়োগ কৰিব লাগিব, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

author img

By

Published : Sep 17, 2022, 6:07 PM IST

Updated : Sep 17, 2022, 10:51 PM IST

Nirmala

মুম্বাইত ইণ্ডিয়ান বেঙ্কছ এছোচিয়েচনৰ (Indian Banks Association) ৭৫ সংখ্যক বার্ষিক অধিবেশনত শনিবাৰে সীতাৰমণে কয়, ‘‘বেঙ্কৰ কোনো কর্মচাৰীয়ে যদি আঞ্চলিক ভাষাত কথা নাপাতে আৰু হিন্দী ক'ব নোৱাৰাৰ বাবে গ্রাহকৰ দেশভক্তি সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে, মোৰ ভাব হয় সেইটো ব্যৱসায়ৰ বাবে একেবাৰেই ভাল নহয়।’’

নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ : বেঙ্ক কর্মচাৰীসকলে স্থানীয় ভাষাত কথা কোৱাটো বাঞ্ছনীয় (bank employees to speak in local language) । এনে কর্মচাৰী বেঙ্কত নিয়োগ কৰিব লাগে, যিসকলে গ্রাহকৰ সৈতে স্থানীয় ভাষাত কথা পাতিব পাৰিব । বেঙ্ক কর্মচাৰীৰ সন্মিলনত এই কথা জনালে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে (Nirmala Sitharaman at bank employees conference) । বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুযায়ী, দেশৰ ভাষা-বৈচিত্ৰ্যৰ বিষয়টো লক্ষ্য কৰি বেঙ্কৰ কাম-কাজ আঞ্চলিক ভাষাৰ ওপৰত কৰাত জোৰ দিয়াৰ কথা কয় তেওঁ ।

মুম্বাইত ইণ্ডিয়ান বেঙ্কছ এছোচিয়েচনৰ (Indian Banks Association) ৭৫ সংখ্যক বার্ষিক অধিবেশনত শনিবাৰে সীতাৰমণে কয়, ‘‘বেঙ্কৰ কোনো কর্মচাৰীয়ে যদি আঞ্চলিক ভাষাত কথা নাপাতে আৰু হিন্দী ক'ব নোৱাৰাৰ বাবে গ্রাহকৰ দেশভক্তি সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে, মোৰ ভাব হয় সেইটো ব্যৱসায়ৰ বাবে একেবাৰেই ভাল নহয় ।’’ বিত্ত মন্ত্রীয়ে লগতে কয়, ‘‘মই এই কথা কোৱাৰ কাৰণ হৈছে, এনে ধৰণৰ ঘটনা বাস্তৱত ঘটিছে ।’’ আনহাতে, বেঙ্ক বিষয়াসকলৰ উদ্দেশ্যে নির্মলা সীতাৰমণে কয়, ‘‘আপোনালোকে ইয়ালৈ ব্যৱসায় কৰিবলৈ আহিছে । নাগৰিকসকলৰ মাজত মূল্যবোধ গঢ়ি তোলাৰ বাবে নহয় ।’’

উল্লেখ্য, বেঙ্কলৈ গৈ প্রায়েই ভাষাৰ সমস্যাত পৰিবলগা হয় গ্রাহকসকলে (Finance Minister Nirmala Sitharaman) । তাৰ ফলত কামত ভুল-ভ্রান্তিও হয় । এই যুক্তিতেই বিভিন্ন মহলৰ পৰা বহু দিন ধৰি বেঙ্কৰ কাম-কাজ আঞ্চলিক ভাষাত বাধ্যতামূলক কৰাৰ দাবী উঠিছিল । শনিবাৰে বেঙ্ক বিষয়াসকলক উদ্দেশ্যি নির্মলাই কয়, ‘‘কোনো বেঙ্ক কর্মচাৰীয়ে স্থানীয় ভাষা নাজানিলে তেওঁক এনে কোনো কাম দিয়া উচিত, যাতে উক্ত কর্মচাৰীয়ে গ্রাহকসকলৰ সৈতে কথাবার্তা পাতিবলগা নহয় । বেঙ্ক কর্মচাৰী নিয়োগৰ ক্ষেত্রতো এই বিষয়টোত লক্ষ্য ৰখা উচিত। ’’

উল্লেখ্য, নির্মলা সীতাৰমণৰ এই নির্দেশক স্বাগতম জনাইছে প্রাক্তন বিত্ত মন্ত্রী পি চিদাম্বৰমে (Ex Finance Minister P Chidambaram) । তেওঁ টুইটত লিখিছে, ‘বিত্ত মন্ত্রীয়ে একেবাৰে সঁচা কথা কৈছে । বেঙ্ক কৰ্মচাৰীসকলে গ্ৰাহকৰ সৈতে স্থানীয় ভাষাতেই কথা পতা উচিত । অৱশ্যে কেৱল বেঙ্কতেই নহয়, বীমা সংস্থা, বিমান সংস্থা, টেলিফোন সংস্থা সর্বত্রেই এই নিয়ম কার্যকৰী কৰা উচিত ।’

লগতে পঢ়ক :জন্মদিন উপলক্ষে মোদীয়ে উপহাৰ পোৱা ১২০০ স্মাৰকৰ ই-নিলাম

Last Updated :Sep 17, 2022, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.