ETV Bharat / bharat

MAHA politcal drama : ৰেডিচন ব্লুৰ কোঠাত মহাৰাষ্ট্ৰ চৰকাৰৰ ভৱিষ্যৎ পৰিকল্পনা !

author img

By

Published : Jun 22, 2022, 10:24 AM IST

ৰেডিশ্বন ব্লুত তিনি দিন ৰখা হ’ব মহাৰাষ্ট্ৰৰ একনাথ চিন্দেসহ ৪০ জন বিধায়কক(MAHA MLAs to stay in guwahati for three days) ৷ শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ চিন্দেয়ে ইতিমধ্যে মহাৰাষ্ট্ৰৰ ৰাজ্যপাললৈ পত্ৰ লিখিছে (Eknath Shinde wrote letter to MAHA governor)। ৰাজ্যপালৰ পৰা সঁহাৰি পালে একনাথ চিন্দেয়ে অকলে মহাৰাষ্ট্ৰলৈ গৈ ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ।

MAHA politcal drama
MAHA politcal drama

গুৱাহাটী, 22 জুন : শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ চিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ 40 গৰাকী বিধায়কক লৈ গুৱাহাটীৰ ৰেডিশ্বন ব্লুত আৰম্ভ কৰিছে ৰাজনীতিৰ অংক (Maharashtra political crisis)। অহা তিনি দিনলৈ বিধায়ককসকলক ৰেডিশ্বন ব্লুত ৰখা হ’ব বুলি জানিব পৰা গৈছে (Rebel Sena MLAs moved to Guwahati) । শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ চিন্দেয়ে ইতিমধ্যে মহাৰাষ্ট্ৰৰ ৰাজ্যপাললৈ পত্ৰ লিখিছে (Eknath Shinde wrote letter to MAHA governor)। ৰাজ্যপালৰ পৰা সঁহাৰি পালে একনাথ চিন্দেয়ে অকলে মহাৰাষ্ট্ৰলৈ গৈ ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ বিধানসভাত 288 আসন আছে । চৰকাৰ গঠনৰ বাবে লাগে 145 খন আসন । বৰ্তমান শিৱসেনাৰ 55, NCP ৰ 53 আৰু কংগ্ৰেছৰ 44 গৰাকী বিধায়ক আছে । কিন্তু শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ চিন্দেৰ নেতৃত্বত শিৱসেনাৰ 34 গৰাকী বিধায়ক গুৱাহাটীত উপস্থিত হোৱাক লৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অংক ওলোটা হৈ পৰিছে (MAHA politcal drama)৷ এই 34 জনৰ সৈতে আছে অন্য 7 জন বিধায়কো । মহাৰাষ্ট্ৰ বিধানসভাত বিজেপিৰ 106 জন বিধায়ক আছে ।

মহাৰাষ্ট্ৰত একনাথ চিন্দেৰ বিদ্ৰোহৰ পাছত উদ্ধৱ থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী চৰকাৰ সংকটৰ গৰাহত পৰিছে (Agadhi coalition in crisis in Maharashtra)। চিন্দেৰ সমৰ্থনত কেইবাগৰাকীও বিধায়ক আছে । অবিজেপি শাসিত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ খেল অসমত হোৱাক লৈ বিশেষ চৰ্চা চলিছে । নিশাই বৰঝাৰ বিমানবন্দৰত আটাইকেইজন উপস্থিত হোৱাৰ কথা আছিল যদিও পুৱা গুৱাহাটীত উপস্থিত চিন্দে সহিতে 40 জন বিধায়ক (Eknath Shinde in Guwahati)।

MAHA politcal drama
ৰেডিচন ব্লুৰ কোঠাত মহাৰাষ্ট্ৰ চৰকাৰৰ ভৱিষ্যৎ পৰিকল্পনা !

বৰঝাৰ বিমানবন্দৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰে ASTCৰ বিশেষ বাছৰে ৰেডিছন ব্লুলৈ লৈ যোৱা হয় বিধায়কসকলক । ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক হিমাংশু শেখৰ বৈশ্যই বিধায়ক সকল অহাৰ পূৰ্বেই নিয়ন্ত্ৰণ কৰিছিল যাতায়ত ব্যৱস্থা । বিমানবন্দৰতে বিধায়কৰ দলটোক আদৰণী জনাই বিজেপি বিধায়ক সুশান্ত বৰগোঁহাই আৰু সাংসদ পল্লৱলোচন দাসে । বৰ্তমান হোটেলত বিধায়কৰ দলটোৰ লগতে আছে বিজেপিৰ এই দুই নেতা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধায়কৰ দলটোৰ লগত এখন বৈঠকত মিলিত হ’ব বুলিও বাৰ্তা পোৱা গৈছে ৷

লগতে পঢ়ক : Maharashtra political crisis: শিৱসেনাৰ বিসম্বাদী বিধায়কসকল কোন কোন জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.