ETV Bharat / bharat

বালিৰ বিশ্ব বিখ্যাত উলুৱতু মন্দিৰ পৰিদৰ্শন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

author img

By

Published : Oct 6, 2022, 5:20 PM IST

সম্প্ৰতি ইণ্ডোনেছিয়া ভ্ৰমণত ব্যস্ত লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla in Indonesia) ৷ বুধবাৰে বিজয়দশমী উপলক্ষে বালিৰ বিশ্ব বিখ্যাত উলুৱতু মন্দিৰ পৰিদৰ্শন কৰে তেওঁ (Uluwatu Temple in Bali) ।

ls-speaker-om-birla-in-indonesia-visited-uluwatu-temple
বালিৰ বিশ্ব বিখ্যাত উলুৱতু মন্দিৰ পৰিদৰ্শন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: লোকসভাৰ অধ্যক্ষ ওম বিৰলা সম্প্ৰতি ইণ্ডোনেছিয়া ভ্ৰমণত ব্যস্ত (Om Birla in Indonesia) ৷ এই ভ্ৰমণকালত বৃহস্পতিবাৰে লোকসভাৰ অধ্যক্ষগৰাকীয়ে জাকাৰ্টাত অনুষ্ঠিত হোৱা পি-২০ সন্মিলনত (P20 Summit in Indonesia) অংশগ্ৰহণ কৰি জি-২০ দেশৰ সাংসদসকলৰ সংগঠন 'সংস্কাৰৰ বাবে ক্ষমতাপ্ৰাপ্ত সংসদ'ৰ বিষয়বস্তুৰ ওপৰত আলোচনাত মিলিত হয় (G20 Parliamentary Speakers Summit 2022) ৷

ls-speaker-om-birla-in-indonesia-visited-uluwatu-temple
সম্প্ৰতি ইণ্ডোনেছিয়া ভ্ৰমণত ব্যস্ত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

এই সন্মিলনতে লোকসভাৰ অধ্যক্ষগৰাকীয়ে ‘উদীয়মান সমস্যা: খাদ্য আৰু শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বান' বিষয়ৰ ওপৰত এখন আলোচনাত অংশগ্ৰহণ কৰে ৷ ইফালে, বুধবাৰে বিজয়দশমী উপলক্ষে অধ্যক্ষগৰাকীয়ে বালিৰ বিশ্ব বিখ্যাত উলুৱতু মন্দিৰ পৰিদৰ্শন কৰে (Uluwatu Temple in Bali) । বিখ্যাত উলুৱতু মন্দিৰটো বালিৰ ৯ টা মুখ্য দিশীয় মন্দিৰৰ এটা বুলি জনা যায় ৷

  • Felt blessed at Uluwatu Temple, which is one of Bali's nine key directional temples. Having an exceptional architecture, this majestically beautiful centre of spirituality is sited at a stunning location nestled between hovering clouds and waves washing the cliffs. pic.twitter.com/g4FZSxGWg0

    — Om Birla (@ombirlakota) October 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ আৰু অ'এছডি অধ্যক্ষ ৰাজীৱ দত্তই লোকসভাৰ অধ্যক্ষগৰাকীৰ এই ভ্ৰমণত সংগ দিয়ে ৷ ইয়াৰোপৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে গৰুড় বিষ্ণু কেংকনা সাংস্কৃতিক উদ্যানো পৰিদৰ্শন কৰি ভাৰতীয় মূলৰ লোকসকলৰ মাজত বিয়পি থকা ভাৰতীয় সংস্কৃতিক লৈ গৌৰৱবোধ কৰে ৷

  • Mesmerizing experience at Garuda Vishnu Kenkana Cultural Park, Bali. The colossal architectural marvel called Garuda Vishnu Kenkana Statue is a spectacular engineering feat. Proud to observe that India’s cultural excellence is aesthetically manifested in this part of the world. pic.twitter.com/DH8zoZYwW4

    — Om Birla (@ombirlakota) October 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এই ভ্ৰমণতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ২০২৩ চনত ভাৰতত অনুষ্ঠিত হ'বলগীয়া নৱম পি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জি-২০ দেশৰ ৰাষ্ট্ৰপতিসকলক আমন্ত্ৰণ জনায় ।

লগতে পঢ়ক: আয়োজকৰ মাজত কাজিয়া : দশেৰাত নজ্বলিল ৰাৱণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.