ETV Bharat / bharat

আয়োজকৰ মাজত কাজিয়া : দশেৰাত নজ্বলিল ৰাৱণ

author img

By

Published : Oct 6, 2022, 4:08 PM IST

পূজাৰ আনন্দোল্লাস মাজত বুধবাৰে বিজয়া দশমীৰ দিনা দেশজুৰি পালন কৰা হ’ল ৰাৱণ দাহনৰ পৰ্ব (Dussehra Ravan Dahan 2022) ৷ উত্তৰাখণ্ডৰ আলমেৰাৰ 150 বছৰ গৰকা দশেৰা উৎসৱত নজ্বলিল ৰাৱণ (Ravana effigy did not burn in Almora ) ৷

ravana-effigy-did-not-burn-for-first-time-in-history-of-almora
আয়োজকৰ মাজত যুদ্ধ: দশেৰাত নজ্বলিল ৰাৱণ

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : পূজাৰ আনন্দোল্লাস মাজতে বুধবাৰে বিজয়া দশমীৰ দিনা দেশজুৰি পালন কৰা হ’ল ৰাৱণ দাহনৰ পৰ্ব (Dussehra Ravan Dahan 2022) ৷ প্ৰায় 150 বছৰ ধৰি দশেৰা উৎসৱ পালন কৰি অহা সাংস্কৃতিক চহৰ আলমোৰাত এইবাৰ নজ্বলিল ৰাৱণ (Ravana effigy did not burn in Almora ) ৷

ঘটনা অনুসৰি, আলমোৰাৰ ৰাৱণৰ পুত্তলিকা প্ৰস্তুত কৰা সমিতিৰ ধনঞ্জয় নামৰ লোকজনক এজন যুৱকে দুৰ্ব্যৱহাৰ কৰিছিল ৷ ইয়াৰ পিছতেই ৰাৱণৰ পুত্তলিকা প্ৰস্তুত কৰা সমিতিয়ে দশেৰা উৎসৱ সমিতিক পুত্তলিকা দাহনৰ ঠাইখিনিৰ পৰা যুৱকজনক আঁতৰাবলৈ আহ্বান জনায় ৷ পিছে এইক্ষেত্ৰত দশেৰা উৎসৱ সমিতিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযাগ উত্থাপন কৰে ধনঞ্জয় নামৰ লোকজনে ৷

দশেৰা উৎসৱ সমিতিৰ এনে কাণ্ডত ৰাৱণৰ পুত্তলিকা প্ৰস্তুত কৰা সমিতি ক্ষোভিত হয় ৷ ফলত দুয়োপক্ষৰ মাজত বিবাদৰ সৃষ্টি হয় ৷ পৰৱৰ্তীসময়ত এই বিবাদে জটিলতাৰ ৰূপ লয় ৷ পৰিণতিত ৰাৱণৰ পুত্তলিকা প্ৰস্তুত কৰা সমিতিয়ে ৰাৱণৰ পুত্তলিকা দাহ (Effigy of Ravana) কৰিবলৈ অস্বীকাৰ কৰে (Ravana effigy did not burn) ৷

দশেৰা সমিতিৰ সভাপতি অজিত কাৰ্কীয়ে যিসকল লোকৰ বাবে দশেৰাত ৰাৱণৰ পুত্তলিকা দাহ কৰিব পৰা নগ’ল, সেইসকলক আগন্তুক বছৰত পুত্তলিকা বনোৱাত নিষেধাজ্ঞা আৰোপ কৰা হ'ব বুলি জনায় ৷ উল্লেখ্য যে, উত্তৰাখণ্ডৰ আলমেৰাৰ 150 বছৰ গৰকা এই দশেৰা উৎসৱ সমগ্ৰ দেশতে বিখ্যাত (Almora Dussehra news) ৷

লগতে পঢ়ক: বিজয়া দশমীত কমলপুৰত জ্বলিল ৰাৱণৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.