ETV Bharat / bharat

Deepotsav in Ayodhya : বিশ্ব অভিলেখৰ লক্ষ্যৰে অযোধ্যাত দীপোৎসৱৰ বিশাল আয়োজন

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 1:07 PM IST

২১ লাখ চাকি জ্বলাই বিশ্ব অভিলেখ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে । দূৰদৰ্শনত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব । অযোধ্যাৰ বিভিন্ন স্থানত এলইডি স্থাপন কৰি তাতো পোনপটীয়া সম্প্ৰচাৰ দেখুওৱা হ'ব ।

Deepotsav in Ayodhya
অযোধ্যাত দীপোৎসৱ বিশাল আয়োজন

নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ : বিগত ৬ বছৰ ধৰি ধৰ্মনগৰী আযোধ্যাত দীপোৎসৱ উদযাপন কৰি থকা হৈছে । এইবাৰো অযোধ্যাত সপ্তম বাৰ্ষিক দীপোৎসৱৰ বিশাল প্ৰস্তুতি চলিছে । এই উৎসৱত ২১ লাখতকৈও অধিক চাকি জ্বলাই নতুন বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলিছে । দূৰদৰ্শন চেনেলত অযোধ্যাত ৪ দিনীয়াকৈ আয়োজিত হ'বলগীয়া এই বিশাল অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰো কৰা হ'ব । একে সময়তে, দীপোৎসৱ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ অযোধ্যাৰ প্ৰতিটো পথ আৰু চাৰিআলিত দেখা যাব । যাৰ বাবে, জিলা প্ৰশাসনে এনে ২৪ টা স্থান চিনাক্ত কৰিছে য'ত মানুহৰ চলাচল অধিক হয় । তাত দেৱালবোৰত এলইডি স্থাপন কৰি দীপোৎসৱৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱা হ'ব ।

উল্লেখ্য যে সপ্তম দীপোৎসৱ উপলক্ষে ৰাজ্য চৰকাৰে ৪ দিনীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিব । ৭ নৱেম্বৰৰ পৰা ৰাম কথা উদ্যান আৰু ৰাম কি পেইড়ি চৌহদত ভজন সন্ধিয়া, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব । বিভিন্ন দেশৰ ৰামলীলা মঞ্চস্থ কৰা হ'ব আৰু লোক সংগীতৰ কাৰ্যসূচী আয়োজন কৰা হ'ব । একেদৰে ১১ নৱেম্বৰত পুৱা ৯ বজাত এক বিশাল শোভাযাত্ৰা উলিওৱা হ'ব । আবেলি ৪ বজাত ৰাম কথা উদ্যানত ভগৱান ৰামৰ ৰাজ্যাভিষেকৰ আয়োজন কৰা হ'ব আৰু সূৰ্যাস্তৰ পাছত ৰাম কি পেইড়ি কমপ্লেক্সত ২১ লাখ চাকি জ্বলোৱা হ'ব ।

আয়োজক সমিতিয়ে ইতিমধ্যে সমগ্ৰ চহৰখনত ব্যাপক প্ৰস্তুতি চলাইছে । ৰে'ল ষ্টেচন, বাছ আস্থান বা অযোধ্যাত প্ৰৱেশ কৰা যিকোনো পথ, উপপথ সকলোতে বিশাল আটকধুনীয়া গেট নিৰ্মাণ কৰা হৈছে । ইয়াৰ উপৰিও, চহৰখনৰ মুখ্য পথবোৰৰ দুয়োফালে বিভিন্ন ৰঙীন লাইটেৰে আলোকিত কৰা হৈছে । চহৰখনলৈ যোৱা মুখ্য প্ৰৱেশ পথ ৰামপথৰ দুয়োফালে নিৰ্মাণ কৰা ঘৰবোৰত এটা ৰং লগোৱা হৈছে । শংখ, চক্ৰ, গদা, তীৰ, ধনু, তিলক আৰু হনুমানৰ প্ৰতিচ্ছবিও অংকন কৰা হৈছে । অনুষ্ঠানত অত্যাধিক ভিৰৰ আশংকা কৰি লোকসকলে যাতে যিকোনো স্থানৰ পৰাই দীপোৎসৱ উপভোগ কৰিব পাৰে তাৰ বাবে ঠায়ে ঠায়ে এলইডি লগোৱা হৈছে ।

লগতে পঢ়ক :Mizoram Assembly polls 2023 : মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে আৰম্ভ নিৰ্বাচনী প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.