ETV Bharat / bharat

Mizoram Assembly polls 2023 : মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে আৰম্ভ নিৰ্বাচনী প্ৰস্তুতি

author img

By ANI

Published : Nov 6, 2023, 8:41 AM IST

মিজোৰাম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব অহা 7 নৱেম্বৰত ৷ এই নিৰ্বাচনৰ বাবে লংটলাই জিলাৰ নিৰ্দিষ্ট ভোটকেন্দ্ৰলৈ ভোটগ্ৰহণ কৰ্মী প্ৰেৰণৰ কাম দেওবাৰৰ পৰা আৰম্ভ হৈছে । চৰকাৰী লংটলাই মহাবিদ্যালয়ৰ 86 টা ভোটকেন্দ্ৰৰ বাবে ভোটগ্ৰহণ বিষয়া প্ৰেৰণৰ কাম আৰম্ভ হয় । ইতিমধ্যে সমাপ্ত হৈছে নিৰ্বাচনী প্ৰচাৰৰ ৷

Mizoram Assembly polls 2023
মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে আৰম্ভ নিৰ্বাচনী প্ৰস্তুতি

নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ: অহা 7 নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰাম বিধানসভা নিৰ্বাচন ৷ এই নিৰ্বাচনৰ বাবে লংটলাই জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ কৰ্মী প্ৰেৰণৰ কাম দেওবাৰৰ পৰা আৰম্ভ হৈছে । দেওবাৰৰ পৰা চৰকাৰী লংটলাই মহাবিদ্যালয়ৰ 86 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ বিষয়া প্ৰেৰণৰ কাম আৰম্ভ হয় । ​ভোটগ্ৰহণৰ দিনা কেইবাঘণ্টা পূৰ্বৰে পৰা সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে এই বিষয়াসকলক ।

লংটলাই জিলাত 181 টা ভোটকেন্দ্ৰ আছে, ইয়াৰে 70 টা ভোটকেন্দ্ৰ 36 টুইচাং বিধানসভা সমষ্টিৰ ভিতৰত, 69 টা ভোটকেন্দ্ৰ 37 লাউংটলাই পশ্চিমত আৰু 42 টা ভোটকেন্দ্ৰ 38 লোৱাংটলাই পূৱ বিধানসভা সমষ্টিৰ ভিতৰত । বাকী 95 টা ভোটকেন্দ্ৰৰ ভোটগ্ৰহণ বিষয়াকো অহা 6 নৱেম্বৰৰ পুৱা প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ।

মিজোৰামৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি সমগ্ৰ ৰাজ্যৰ 1276 টা ভোটকেন্দ্ৰৰ ভিতৰত 30 টা ভোটকেন্দ্ৰৰ স্থান কিছু জটিল বুলি চিনাক্ত কৰা হৈছে । মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভোটকেন্দ্ৰসমূহত প্ৰায় 5000 ভোটগ্ৰহণকাৰীক নিয়োগ কৰা হ’ব ।

এই নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰায় 50 টা বাহিনী নিয়োগ কৰা হ’ব বুলিও মিজোৰামৰ মুখ্য কাৰ্যবাহী বিষয়াই জানিবলৈ দিয়ে ৷ আনহাতে, মিজোৰাম বিধানসভাৰ সাধাৰণ নিৰ্বাচন 2023 সুচাৰুৰূপে চলাবৰ বাবে চলি থকা প্ৰস্তুতিৰ অংশ হিচাপে পি. ৩৯-ছাইহা (ST) আৰু 40-পালক (ST) বিধানসভা সমষ্টিৰ নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক প্ৰদ্যুমনাই পি-2 ভোটগ্ৰহণ বিষয়াক ফ্লেগ অফ কৰে ।

আগন্তুক মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে তৃতীয় আৰু চূড়ান্ত ভোটগ্ৰহণকাৰী দলসমূহৰ ৰেণ্ডমাইজেচন দেওবাৰে হ্নাহথিয়ালত থকা উপায়ুক্তৰ কাৰ্যালয় অনুষ্ঠিত হয় । এই কচৰৎৰ উদ্দেশ্য হৈছে এক মুক্ত আৰু নিকা নিৰ্বাচনক প্ৰসাৰ কৰা য’ত দক্ষিণ টুইপুই বিধানসভা সমষ্টিৰ ভিতৰৰ 27 টা ভোটকেন্দ্ৰৰ বাবে ভোটগ্ৰহণকাৰী দলসমূহক কম্পিউটাৰ চফটৱেৰ ব্যৱহাৰ কৰি নিজ নিজ কৰ্তব্যস্থান নিৰ্ধাৰণ কৰা হৈছিল ।

দেওবাৰে ৰেণ্ডমাইজেচন প্ৰক্ৰিয়াত 29 নং দক্ষিণ টুইপুই বিধান সভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক মহম্মদ কাইজাৰ আব্দুলহকৰ উপৰিও হ্নাহথিয়াল জিলা নিৰ্বাচনী বিষয়া চুৱাউহ্নুনা, ৰিটাৰ্নিং বিষয়া লালভেনহিমা, সহকাৰী ৰিটাৰ্নিং বিষয়া নেং থিয়ানলালা আৰু নিৰ্বাচন বিষয়া লালবিয়াকফেলা উপস্থিত থাকে । দেওবাৰে সন্ধিয়া মিজোৰামত ৰাজ্যৰ 40 খন বিধানসভাৰ আসনত 7 নৱেম্বৰৰ দিনা অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে ।

চিইঅ’ মিজোৰামৰ ৱেবছাইট অনুসৰি মিজোৰামত মুঠ নিৰ্বাচকৰ সংখ্যা 8,51,895 জন । ইয়াৰে 4,12,969 জন পুৰুষ; 4,38,925 জন মহিলা আৰু এজন তৃতীয় লিংগ । মিজোৰামত মুঠ 4,973 জন সেৱা ভোটাৰ আছে । 18-19 বছৰ বয়সৰ অৰ্থাৎ প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকৰ সংখ্যা 50,611 জন । মিজোৰামত ভোটাৰৰ লিংগ অনুপাত 1063 জন । নিৰ্বাচনী জনসংখ্যাৰ অনুপাত 63.27 । মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 1276 টা, ইয়াৰে 525 টা চহৰ অঞ্চলত আৰু 751 টা গ্ৰাম্য অঞ্চলত পৰে ।

2018 চনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এম এন এফে 40 খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিছিল, এম এন এফে 28 খন আৰু কংগ্ৰেছে 5 খন আসন লাভ কৰিছিল । বিজেপিয়ে 39 খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখন আসন লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা জেডপিএমৰ প্ৰাৰ্থীয়ে 6 খন আসন লাভ কৰে ।

লগতে পঢ়ক: Actor Ravi Sarma: বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিলে সেই ক্ষমাৰ কোনো মূল্য নাই; ৰবি শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.