ETV Bharat / bharat

ডেৰাডুনত ক্ল’ৰিন চিলিণ্ডাৰত লিকেজ: উশাহ লোৱাত অসুবিধা স্থানীয় লোকৰ

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 1:02 PM IST

Chlorine cylinder leakage
ডেৰাডুনত ক্ল’ৰিন চিলিণ্ডাৰত লিকেজ

Chlorine cylinder leakage: ডেৰাডুনৰ প্ৰেম নগৰ থানাৰ ঝাঞ্জৰা অঞ্চলত ক্ল’ৰিন চিলিণ্ডাৰত লিকেজ হোৱাৰ বাবে মানুহৰ উশাহ-নিশাহ ল’বলৈ অসুবিধা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে NDRF, SDRF আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

নিউজ ডেস্ক, ৯ জানুৱাৰী: উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত পোহৰলৈ আহিছে ক্ল’ৰিন চিলিণ্ডাৰত লিকেজ হোৱাৰ ঘটনা । জানিব পৰা মতে, প্ৰেমনগৰ আৰক্ষী থানাৰ ঝাঞ্জৰা অঞ্চলৰ এখন খেলপথাৰত সোমবাৰে নিশা ক্ল’ৰিন চিলিণ্ডাৰত লিকেজ হৈছিল । যাৰ বাবে অঞ্চলটোৰ স্থানীয় লোকৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয় । স্থানীয় ৰাইজে লগে লগে আৰক্ষী-প্ৰশাসনৰ লোকক এই বিষয়ে অৱগত কৰে ৷

লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ স্থানীয় লোকক ঘৰৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে । ইফালে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় ​​সিঙো সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লয় ।

  • Uttarakhand: On receiving information about people facing difficulty in breathing due to leakage in the chlorine cylinder kept in the empty plot in the Jhanjra area of ​​Prem Nagar police station in Dehradun, Police, NDRF, SDRF and Fire team reached the spot and are taking action… pic.twitter.com/RsS8F4yCyu

    — ANI UP/Uttarakhand (@ANINewsUP) January 9, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দলক নিৰ্দেশনা দিয়ে ৷ অজয় ​​সিঙে ক্ল’ৰিন গেছ চিলিণ্ডাৰ কোনে আৰু কি কাৰণত সেই স্থানত ৰাখিছিল তাৰ তদন্ত চলি থকাৰ কথা জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে, মানুহক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে । নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

  • #WATCH | Uttarakhand: On receiving information about people facing difficulty in breathing due to leakage in the chlorine cylinder kept in the empty plot in the Jhanjra area of ​​Prem Nagar police station in Dehradun, Police, NDRF, SDRF and Fire team reached the spot and are… pic.twitter.com/Xq7n71Ot3n

    — ANI UP/Uttarakhand (@ANINewsUP) January 9, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

বিশেষজ্ঞসকলে কয় যে ক্ল’ৰিন গেছ বৰ বিপদজনক নহয় । কিন্তু ইয়াৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে । লগতে এই গেছৰ নিৰ্গমণে নিশ্চিতভাবে চকুত জ্বলা-পোৰা আৰু বমিৰ দৰে সমস্যাৰ সৃষ্টি কৰে । প্ৰেমনগৰ থানাৰ ঝাঞ্জৰা অঞ্চলত ক্ল’ৰিন চিলিণ্ডাৰ নিৰ্গমণ হোৱাৰ পাচত অঞ্চলটোৰ ৰাইজৰ মাজত আলোড়নৰ সৃষ্টি হৈছিল । বৰ্তমানলৈ এই ঘটনাত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই যদিও গেছ নিৰ্গত হোৱাৰ বাবে অঞ্চলটোৰ ৰাইজ ভীতিগ্ৰস্ত হয় ।

লগতে পঢ়ক: ঋষিকেশত পথ দুৰ্ঘটনাত মৃত্যু বন বিষয়াসহ তিনিজনৰ; দুজন সন্ধানহীন; আহত 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.