ETV Bharat / bharat

উন্নত হৈছে জম্মু-কাশ্মীৰৰ আইন শৃংখলা পৰিস্থিতি: IG CRPF

author img

By

Published : Aug 5, 2021, 1:06 PM IST

ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ আই জি চাৰু সিনহাই কয় যে অনুচ্ছেদ ৩৭০ বাতিলৰ দুবছৰ পাছত অঞ্চলটোত আইন শৃংখলা পৰিস্থিতি বহু খিনি উন্নত হৈছে । চিআৰপিএফে অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলক জীৱিকা প্ৰদানৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লৈছে ।

Law and order improved since abrogation of article 370
জম্মু কাশ্মীৰৰ আইন শৃংখলা পৰিস্থিতি উন্নত হৈছে

নেশ্যনেল ডেস্ক,৫ আগষ্ট : 'জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত অঞ্চলটোত আইন শৃংখলা পৰিস্থিতি যথেষ্ট পৰিমাণে উন্নত হৈছে ।' এই মন্তব্য কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ আই জি (IG CRPF) চাৰু সিনহাৰ । ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত এই মন্তব্য কৰে সিনহাই ।

বিষয়াগৰাকীৰ মতে এই অঞ্চলত কাম কৰাটো দেশৰ বাকী অংশতকৈ কিছু পৃথক । তথাপিও অনুচ্ছেদ ৩৭০ (Article 370) বাতিলৰ দুবছৰ পাছত অঞ্চলটোত আইন শৃংখলা পৰিস্থিতি বহু খিনি উন্নত হৈছে । ১৯৯৬ বেট্চৰ আইপিএছ বিষয়াগৰাকীৰ মতে অঞ্চলটোত সন্ত্ৰাসবাদৰ (militancy) উপৰিও আন বিভিন্ন সমস্যা আছে আৰু সেইবোৰো পৃথকে পৃথকে সমাধান কৰাৰ চেষ্টা কৰা হৈছে ।

তেওঁ লগতে কয় যে যোৱা দুবছৰত মুখ্যতঃ সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰা হৈছে আৰু এটা নতুন ৰণনীতি গ্ৰহণ কৰি ইয়াক অধিক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰি থকা হৈছে । তদুপৰি, যোৱা দুবছৰত নিৰাপত্তা বাহিনীৰ ওপৰত শিলাবৰ্ষণৰ দৰে ঘটনা যথেষ্ট হ্ৰাস পাইছে বুলি দাবী কৰে সিনহাই ।

তেওঁৰ মতে এই দুবছৰত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ এক ইতিবাচক পদক্ষেপ হিচাপে গণ্য কৰা উচিত । লগতে ইয়াৰ অন্তৰালত অঞ্চলটোৰ উন্নয়ন আৰু বিকাশ সম্ভৱ হোৱাৰ পথ মুকলি হৈছে বুলিও বিষয়াগৰাকীয়ে দাবী কৰে । সিনহাই লগতে কয় যে চিআৰপিএফে অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলক জীৱিকা প্ৰদানৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লৈছে । কিয়নো তেওঁৰ মতে অঞ্চলটোত শান্তি-শৃংখলা প্ৰতিষ্ঠাৰ বাবে যুৱক-যুৱতীসকলক নিযুক্তি দিয়াটো অতি প্ৰয়োজন ।

লগতে পঢ়ক:ভূমি বিবাদক লৈ বিহাৰৰ নালন্দাত গুলীয়াগুলি: নিহত ৪ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.