ETV Bharat / bharat

ভূমি বিবাদক লৈ বিহাৰৰ নালন্দাত গুলীয়াগুলি: নিহত ৪ জন

author img

By

Published : Aug 5, 2021, 10:39 AM IST

চাবিলাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লোধিপুৰ গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত হোৱা গুলীয়াগুলিত ৪ জন লোকে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় আৰু দুগৰাকী লোক আহত হয় ।

Bihar
ভূমি বিবাদকলৈ বিহাৰৰ নালন্দাত গুলীয়াগুলি

নেশ্যনেল ডেস্ক,৫ আগষ্ট : বিহাৰত লোমহৰ্ষক ঘটনা । ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত এক সংঘৰ্ষত মৃ্ত্যু চাৰিজনকৈ লোকৰ । ঘটনাটো সংঘটিত হৈছে বিহাৰৰ নালন্দা জিলাত ।

চাবিলাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লোধিপুৰ গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰথমে দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । কিন্তু এই কাজিয়াই পিছলৈ হিংসাৰ ৰূপ লয় । এটা সময়ত দুয়োটা ফৈদৰ লোকে ইটোৱে সিটোৰ ফালে গুলীচালনা (Cross firing) কৰে । দুয়োটা পক্ষৰ মাজত হোৱা এই গুলীয়াগুলিত ৪ জন লোকে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় আৰু দুগৰাকী লোক আহত হয় ।

নালন্দা জিলাৰ আৰক্ষী অধীক্ষক (Nalanda SP) শ্ৰী হৰি প্ৰসাথ এছয়ে জনোৱা মতে সম্প্ৰতি গাঁওখনত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে । যাৰ বাবে তাত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে ।

জিলা আৰক্ষীয়ে ইতিমধ্যে কঠোৰভাৱে ঘটনাটো দমন কৰিবলৈ সক্ষম হৈছে । লগতে সমগ্ৰ ঘটনাৰ তদন্তও অব্যাহত ৰাখিছে আৰক্ষীয়ে । অৱশ্যে এতিয়ালৈ ঘটনা সম্পৰ্কীয় সবিশেষ তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ।

এই ঘটনাই এতিয়া সমগ্ৰ বিহাৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । লক্ষণীয়ভাৱে ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি সম্পৰ্কত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Chief minister Nitish Kumar) এক বৈঠক আহ্বান কৰাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে । ইফালে ৰাজ্যখনত ভূমি বিবাদৰ ঘটনাবোৰ প্ৰায়ে সংঘটিত হৈ আহিছে । যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমি আৰু সম্পত্তি বিবাদ সমাধানৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :এণ্টিলিয়া কাণ্ড:অভিযোগ নামা দাখিলৰ বাবে আৰু ৩০ দিনৰ সময় লাগে NIAক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.