ETV Bharat / bharat

নব্বৈৰ দশকৰ আৰম্ভণিতে ৪৬ হাজাৰৰো অধিক কাশ্মীৰী পৰিয়ালে ত্যাগ কৰিছিল কাশ্মীৰ উপত্যকা

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 6:11 PM IST

কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে মঙলবাৰে লোকসভাৰ সদনৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি প্ৰায় 46 হাজাৰ কাশ্মীৰী পৰিয়ালক পুনঃসংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰই ৷ নব্বৈৰ দশকৰ আৰম্ভণিতে ৪৬ হাজাৰৰো অধিক কাশ্মীৰী পৰিয়ালে নিৰাপত্তাজনিত কাৰণত ত্যাগ কৰিছিল কাশ্মীৰ উপত্যকা ৷

Kashmiri migrants
Kashmiri migrants

নিউজ ডেস্ক, 12 নৱেম্বৰ: গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে মঙলবাৰে লোকসভাত সদনৰ মজিয়াত কয় যে ৪৬,৬৩১ টা কাশ্মীৰী প্ৰব্ৰজিত পৰিয়ালৰ নাম সাহায্য সংস্থা (প্ৰব্ৰজন)ত পঞ্জীয়ন কৰা হৈছে, আনহাতে আন কেইবাটাও কাশ্মীৰী প্ৰব্ৰজনকাৰী পৰিয়ালে দেশৰ অন্যান্য অঞ্চললৈ প্ৰব্ৰজন কৰিছে ।

১,৫৭,৯৬৭ গৰাকী সদস্যৰ ৪৬,৬৩১টা কাশ্মীৰী প্ৰব্ৰজিত পৰিয়ালৰ নাম সাহায্য সংস্থা (প্ৰব্ৰজনকাৰী), জম্মু আৰু কাশ্মীৰত পঞ্জীয়নভুক্ত হোৱাৰ বিপৰীতে আন কেইবাটাও কাশ্মীৰী প্ৰব্ৰজিত পৰিয়ালে ১৯৯০ চনৰ আৰম্ভণিতে নিৰাপত্তাজনিত কাৰণত দেশৰ অন্যান্য অঞ্চললৈ প্ৰব্ৰজন কৰিছিল ৷ চৰকাৰে মঙলবাৰে লোকসভাত অৱগত কৰে ।

শিৱসেনাৰ সাংসদ কালাবেন মোহনভাই ডেলকাৰে কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ পুনৰ সংস্থাপনৰ বাবে যোৱা পাঁচ বছৰ আৰু চলিত বছৰৰ ভিতৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ দি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিত্যানন্দ ৰায়ে লিখিত উত্তৰত এই তথ্য সদৰী কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰী ৰায়ে প্ৰদান কৰা তথ্য অনুসৰি চৰকাৰী সংস্থাপন দিয়া ৫,৬৭৫ গৰাকী কাশ্মীৰী প্ৰব্ৰজনকাৰীকে ধৰি কাশ্মীৰী প্ৰব্ৰজনকাৰীসকলক পুনৰ কাশ্মীৰ উপত্যকাত সংস্থাপনৰ বাবে চৰকাৰে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে ।

"জম্মু-কাশ্মীৰ চৰকাৰে ২০২১ চনৰ আগষ্ট মাহত এটা অনলাইন পৰ্টেল মুকলি কৰিছিল, য'ত কাশ্মীৰী প্ৰব্ৰজনকাৰীয়ে বেদখল, উপাধি সলনি, মিউটেচন আৰু দুৰ্দশাগ্ৰস্ত বিক্ৰীৰ সন্দৰ্ভত অনলাইন অভিযোগ দাখিল কৰিব পাৰে । আজিলৈকে ২৯২৪ টা কানাল আৰু ১৯.৫৫ টা মাৰ্লা ভূমি উদ্ধাৰ কৰা হৈছে ৷" তেওঁ কয় ৷

আন কিছুমান ব্যৱস্থাৰ ভিতৰত ৰেচন কাৰ্ড নথকা কাশ্মীৰী প্ৰব্ৰজিত পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা, ডমিচাইল চাৰ্টিফিকেট প্ৰদানৰ বাবে পঞ্জীয়ন কৰা কাশ্মীৰী প্ৰব্ৰজিত পৰিয়ালক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা, কাশ্মীৰী প্ৰব্ৰজনকাৰী পৰিয়ালৰ বাবে লাডলী বেটি, বিবাহ সাহায্য আৰু অন্যান্য সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা বৃদ্ধি কৰা আদি ৷

"পঞ্জীয়ন আৰু প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে অনলাইন সেৱা আৰম্ভ কৰা হৈছে । এতিয়ালৈকে ১৬০৮৫৬ খন ডমিচিয়েল চাৰ্টিফিকেট, ২০৩৫ খন ৰেচিডেণ্ট অৱ বেকৱাৰ্ড এৰিয়া (আৰ বি এ) চাৰ্টিফিকেট, ৯০২ খন ই ডব্লিউ এছ চাৰ্টিফিকেট, আৰু ৩১৬৭২ খন প্ৰব্ৰজনকাৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে ৷" মন্ত্ৰীগৰাকীয়ে লগতে কয় ।

কেইবাবছৰ ধৰি একেৰাহে চৰকাৰসমূহে কাশ্মীৰী পণ্ডিতসকলক উভতি অহাত সহায় কৰিব পৰা কোনো সফল পুনৰ্বাসন নীতি প্ৰদান কৰাত ব্যৰ্থ হৈছে ৷ কাৰণ নব্বৈৰ দশকৰ শেষৰ ফালে সন্ত্ৰাসবাদীয়ে অঞ্চলটোক আগুৰি ধৰাত নিজৰ প্ৰাণৰ ভয়ত তেওঁলোকে পলায়ন কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক: অবৈধ প্ৰব্ৰজনকাৰীৰ সঠিক তথ্য সংগ্ৰহ সম্ভৱ নহয়; নাগৰিকত্ব আইন সন্দৰ্ভত কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.