ETV Bharat / bharat

কৰ্ণাটকত আত্মৰক্ষাৰ বাবে হত্যাৰ অভিযুক্তলৈ গুলীচালনা আৰক্ষীৰ

author img

By

Published : Nov 2, 2020, 5:41 PM IST

কৰ্ণাটক
আত্মৰক্ষাৰ বাবে হত্যাৰ অভিযুক্তলৈ আৰক্ষীৰ গুলীচালনা

কৰ্ণাটকত আৰক্ষীক আক্ৰমণ চাৰি হত্যাকাণ্ডৰ অভিযুক্তৰ ৷ আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলীচালনা কৰাৰ ফলত আঘাতপ্ৰাপ্ত হয় অভিযুক্ত কেইজন ৷

নেশ্যনেল ডেস্ক, 2 নৱেম্বৰ : কৰ্ণাটকৰ আনেকাল তালুকৰ মুত্তানাল্লুৰৰ ওচৰত এক হত্যাকাণ্ডৰ চাৰি অভিযুক্তই আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় ৷ আনহাতে, আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও গুলীচালনা কৰিবলগা হয় ৷

তথ্য অনুসৰি, এজন 23 বৰ্ষীয় লোকৰ হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত চাৰি লোকক আটক কৰাৰ উদ্দেশ্য উপস্থিত হৈছিল আৰক্ষী ৷ কিন্তু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাত আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলগা হয় ৷ ফলত আঘাতপ্ৰাপ্ত হয় গোপী, গংহা, বাসৱ আৰু অনন্ত নামৰ অভিযুক্তকেইজন ৷

অভিযুক্ত চাৰিজনে চাৰিজন কনিষ্টবলক আক্ৰমণ কৰাত আনেকালৰ উপ আৰক্ষী অধীক্ষক মহাদেৱ, ইন্সপেক্টৰ কৃষ্ণা, সতীশ আৰু সৰতাজপুৰৰ চাব ইন্সপেক্টৰ হৰিশে অভিযুক্তকেইজনৰ ভৰিত গুলীয়ায় ৷

ইয়াৰ পাচত আৰক্ষীয়ে চাৰিজনকে আটক কৰে ৷ আঘাতপ্ৰাপ্ত কনিষ্টবল আৰু অভিযুক্তকেইজনে বৰ্তমান আন্নেকাল হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আছে ৷ উল্লেখ্য যে, 30 অক্টোবৰৰ দিনা আত্তিবেলেৰ ওচৰত 23 বৰ্ষীয় বিনুথক হত্যা কৰা হৈছিল ৷

লগতে পঢ়ক : কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.