ETV Bharat / international

কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

author img

By

Published : Nov 2, 2020, 3:39 PM IST

সমগ্ৰ বিশ্বত কৰ’ণাত আক্ৰান্ত হৈছে 4,68,10,375 গৰাকী ব্যক্তি আৰু ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 12,05,206 গৰাকীয়ে ৷ ভাইৰাছবিধে সমগ্ৰ বিশ্বৰ অৰ্থ ব্যৱস্থাত ভয়ংকৰ ক্ষতি কৰিছে ৷ লগতে সলনি কৰিছে সমগ্ৰ বিশ্বৰ জন সাধাৰণৰ জীৱন প্ৰণালী ৷

Global COVID-19 tracker
কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

হায়দৰাবাদ,2 নৱেম্বৰ : কৰ’ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে অচলাৱস্থাৰ ৷ এই মহামাৰীত সমগ্ৰ বিশ্বত আক্ৰান্ত হৈছে 4,68,10,375 গৰাকী ব্যক্তি আৰু ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 12,05,206 গৰাকীয়ে ৷ কিন্তু 3,37,54,231 গৰাকী আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য় লাভ কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 94,73,911 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে এইপৰ্যন্ত মৃত্যুবৰণ কৰিছে 2,36,471 গৰাকীয়ে ৷ শীতৰ আগমনৰ লগে লগে বৰ্তমান দেশখনত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ আশংকা অধিক হোৱাৰ সম্ভাৱনা আছে ৷

Global COVID-19 tracker
কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

ইফালে ভাৰতবৰ্ষ আক্ৰান্ত দেশৰ তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে ৷ দেশখনত বৰ্তমান 82,29,322 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 1,22,642 গৰাকীয়ে মৃত্যুবৰণ কৰে ৷ ভাইৰাছবিধে সমগ্ৰ বিশ্বৰ অৰ্থ ব্যৱস্থাত ভয়ংকৰ ক্ষতি কৰিছে ৷ লগতে সলনি কৰিছে সমগ্ৰ বিশ্বৰ জন সাধাৰণৰ জীৱন প্ৰণালী ৷

লগতে চাওকঃ 18 নৱেম্বৰত ইমৰাণ খানে উদ্বোধন কৰিব মেগা চিপেক চিটী প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.