ETV Bharat / bharat

75 বছৰ গৰকিলে যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ে

author img

By

Published : Aug 16, 2022, 8:59 PM IST

Jorhat Agriculture University celebrates 75th anniversary
75 বছৰ গৰকিলে যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ে

মঙলবাৰে 75 বছৰ গৰকিলে যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ে ( Jorhat Agriculture University celebrates 75th anniversary)৷ মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে দেশৰ ভূতপূৰ্ব মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ ৷

যোৰহাট, 16 আগষ্ট: "এই ঠাইখনৰ বহুত মহত্ব আছে ৷ 75 বছৰৰ আগতে কোনোবাই ভাবি উলিয়াইছিল যে কৃষিৰ ওপৰত বিজ্ঞানসন্মত অধ্যয়ণ হ’ব লাগে ৷ কিয়নো অসম এখন কৃষিভিত্তিক ৰাজ্য" ৷ যোৰহাটস্থিত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে দেশৰ ভূতপূৰ্ব মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে (Former Chief Justice of India and Rajya Sabha MP Ranjan Gogoi) ৷

মঙলবাৰে 75 বছৰ গৰকিলে যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ে ( Jorhat Agriculture University celebrates 75th anniversary)৷ মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে দেশৰ ভূতপূৰ্ব মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান ।

75 বছৰ গৰকিলে যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ে

বন্তি প্ৰজ্বলন আৰু মহাবিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীতেই দুখন গ্ৰন্থ উন্মোচন কৰাৰ লগতে এটা ৱেব পেজো মুকলি কৰা হয় । মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভনি উপলক্ষে আজি পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয় । এই বিশেষ দিনটোৰ উপলক্ষে বিয়লি ফুটবল খেল আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

উল্লেখ্য যে মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ বাবে মহাবিদ্যালয়খনে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি বছৰজোৰা কাৰ্যসূচীত দুখন আন্ত:ৰাষ্ট্ৰীয় আলোচনা চক্ৰ, কৃষি তথ্য প্ৰযুক্তি প্ৰদৰ্শনী আৰু মেলা, ৰাজ্যিক ভিত্তিত তৰ্ক প্ৰতিযোগিতা, একাংক নাট প্ৰতিযোগিতা, টেবুল টেনিচ প্ৰতিযোগিতা, ভলীবল প্ৰতিযোগিতা, মহাবিদ্যালয়ৰ ফটো গেলেৰী, মহাৰজত জয়ন্তী স্মাৰক ভৱন নিৰ্মাণ, খ্যাতিসম্পন্ন ব্যক্তিৰ বিভিন্ন বক্তৃতা অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ আদি অনুষ্ঠিত হ’ব বুলি মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে জানিবলৈ দিছে ।

লগতে পঢ়ক: গুৱাহাটীস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যালয়ত স্বাধীনতা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.