ETV Bharat / bharat

মধ্যপ্ৰদেশৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা আউট কমল নাথ; ইন জিতু পাটোৱাৰী

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 2:22 PM IST

মধ্যপ্ৰদেশৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত অ’ বি চিৰ নেতা জিতু পাটোৱাৰী (Jitu Patwari) ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ(former chief minister Kamal Nath) স্থানত জিতু পাটোৱাৰীক দিয়া হয় (MP Congress President) দলটোৰ দায়িত্ব ৷

jitu patwari mp congress president
মধ্যপ্ৰদেশৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা আউট কমল নাথ ইন অ’ বি চিৰ নেতা জিতু পাটোৱাৰী

নিউজ ডেস্ক, 17 ডিচেম্বৰ : ‘23ৰ মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰায়জৰ পাচতে গা-লৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ৷ বিধানসভা নিৰ্বাচনত কৰা ভুল লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ ভুল কৰিব বিচৰা নাই কংগ্ৰেছ শীৰ্ষ নেতৃত্বই ৷ সেয়ে মধ্যপ্ৰদেশৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰোৱা হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথক ৷ বিপৰীতে ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰিলে অ’ বি চিৰ নেতা জিতু পাটোৱাৰীয়ে ৷

ইফালে মধ্যপ্ৰদেশত 50 শতাংশৰো অধিক অ' বি চিৰ ভোটাৰ আছে ৷ সেয়ে লোকসভা নিৰ্বাচনলৈ কেইটামান মাহ থকাৰ পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথক সভাপতি পদৰ পৰা আঁতৰাই অ’ বি চি নেতা জিতু পাটোৱাৰীক সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৷

ইফালে পাটোৱাৰীক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তিৰ দিয়াৰ পিছত কমল নাথৰ ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা-কল্পনা চলিছে ৷ 77 বছৰীয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী নাথে পাঁচ বছৰতকৈও অধিক সময় মধ্যপ্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল ৷

উল্লেখ্য যে, প্ৰাক্তন কংগ্ৰেছ নেতা নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিদ্ৰোহৰ পিছত 2020 চনত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লগা হৈছিল নাথে ৷ আনহাতে প্ৰায় দুটা দশক ধৰি মধ্যপ্ৰদেশত শাসনত থকা স্বত্বেও শেহতীয়া নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ে চিন্তাত পেলাইছে কংগ্ৰেছৰ শীৰ্ষ মহলক ৷

মধ্যপ্ৰেদশৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত জিতু পাটোৱাৰী, বিৰোধী দলৰ নেতা উমং সিংগাৰ আৰু বিৰোধী দলৰ উপ-নেতাৰ পদত হেমন্ত কাটাৰেৰ নিযুক্তিৰে ৰাজ্যখনত কংগ্ৰেৰ দলীয় নেতাৰ ব্যাপক পৰিৱৰ্ত দেখা গৈছে ৷ এই পৰিৱৰ্তনে আগন্তুক সময়ত কংগ্ৰেছৰ বাবে আশীৰ্বাদ হ’ব নে অভিশাপ হ’ব সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে সংসদীয় সমষ্টিলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; সষ্টম আৰক্ষী প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.