ETV Bharat / bharat

JEE Main 2023 April FAQ : ড্ৰপ কৰা প্ৰশ্নৰ বোনাচ নম্বৰৰ ক্ষেত্ৰত NTAৰ নতুন নীতি

author img

By

Published : Feb 20, 2023, 6:08 PM IST

JEE Main 2023 April FAQ
ড্ৰপ কৰা প্ৰশ্নৰ বোনাচ নম্বৰৰ ক্ষেত্ৰত NTAৰ নতুন নীতি

শেহতীয়া অধিসূচনা অনুসৰি JEE Main ২০২৩ জানুৱাৰীৰ বাবে বোনাচ নম্বৰবোৰ ডিফল্টভাৱে শাখা A-ত প্ৰদান কৰা হ'ব আৰু কেৱল চেষ্টা কৰিলেহে শাখা B-ত এই বোনাচ নম্বৰ প্ৰদান কৰা হ'ব (JEE Main 2023 April FAQ)। অৱশ্যে বোনাচ নম্বৰ প্ৰদানৰ নীতি বা চৰ্ত সম্পৰ্কে কোনো উল্লেখ কৰা হোৱা নাই ।

নেশ্যনেল ডেস্ক,২০ ফেব্ৰুৱাৰী : কাৰিকৰী প্ৰৱেশ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । ড্ৰ'প কৰা বা বাদ দিয়া প্ৰশ্নৰ বাবে বোনাচ নম্বৰত পৃথক মাপকাঠি থাকিব (JEE main 2023 April exam bonus marks)। শেহতীয়াকৈ JEE Main 2023 April FAQs ত প্ৰকাশ কৰিছে এই তথ্য । সংশোধন অনুসৰি, পৰীক্ষাৰ A শাখাত যদি পৰীক্ষাৰ্থীয়ে প্ৰশ্নটো বাদ দিছে তাৰ বাবদ সকলো প্ৰাৰ্থীয়ে বোনাচ নম্বৰ পাব । কিন্তু B শাখাত পৰীক্ষাৰ্থীয়ে প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিব লাগিব । তেতিয়াহে তেওঁক বোনাচ নম্বৰ দিয়া হ'ব ।

আই.আই.টি. ৰ লগতে এন.আই.টি.ৰ বাবে দেশৰ আটাইতকৈ কঠিন অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা চমুকৈ এনটিএয়ে প্ৰকাশ কৰিছে এই বিশেষ নিৰ্দেশাৱলী (NTA FAQs on JEE Main bonus marks)। লগে লগে বিষয়টোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি শিক্ষাবিদ দেৱ শৰ্মাই কয় যে, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ২০২৩ চনৰ এপ্ৰিল অধিৱেশনৰ পৰা নতুন নীতি প্ৰৱৰ্তন কৰিছে ।

"নতুন আঁচনি অনুসৰি, যদি কাকতৰ শাখা A-ত কোনো প্ৰশ্ন বাদ দিয়া হয় তেন্তে সকলো পৰীক্ষাৰ্থীয়ে বোনাচ নম্বৰ পাব । কিন্তু প্ৰশ্ন কাকতখনৰ B শাখাত, কেৱল প্ৰশ্নটো চেষ্টা কৰা প্ৰাৰ্থীসকলক হে বোনাচ নম্বৰ দিয়া হ'ব । প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিলেও বা নকৰিলেও শাখা A-ত প্ৰতিজন শিক্ষাৰ্থীক চাৰিটা বোনাচ নম্বৰ প্ৰদান কৰা হ'ব ।

দেৱ শৰ্মাই লগতে কয় যে, JEE Main ২০২৩ জানুৱাৰীৰ বাবে এনটিএৰ দ্বাৰা জাৰী কৰা এই এফএকিউবোৰত বোনাচ নম্বৰ প্ৰদানৰ বিষয়ে কোনো স্পষ্ট উল্লেখ নাই । তেওঁ কয় যে, এনটিএয়ে ২০২৩ চনৰ জানুৱাৰীত JEE Mainৰ প্ৰাৰ্থীসকলৰ বাবে স্ক'ৰকাৰ্ড মুকলি কৰিছে । অৱশ্যে বাদ দিয়া প্ৰশ্নটোৰ বাবে নম্বৰ আৱণ্টন কৰাৰ নীতি বা চৰ্ত কি আছিল সেয়া এনটিএ-ৰ দ্বাৰা এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাটোৱে (National Testing Agency) এইটো কেনেকৈ কৰিছে সেয়া প্ৰকাশ কৰা নাই । এইটোৱে প্ৰাৰ্থীসকলৰ প্ৰতি পৰীক্ষা সংস্থাৰ উদাসীনতা আৰু সংবেদনশীলতা প্ৰদৰ্শন কৰিছে । তেওঁ উল্লেখ কৰা মতে জানুৱাৰী পৰীক্ষাত, পাঁচটা প্ৰশ্ন বাদ দিয়া হৈছিল ৷ তাৰে চাৰিটা প্ৰশ্ন গণিতৰ আৰু এটা ৰসায়ন বিজ্ঞানৰ আছিল । আনহাতে পদাৰ্থ বিজ্ঞানত কোনো প্ৰশ্ন বাদ দিয়া হোৱা নাছিল ।

লগতে পঢ়ক :YSRTP president arrested : ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ সভানেত্ৰী ৱাই এছ শৰ্মিলাক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.