ETV Bharat / bharat

পুলৱামা আক্ৰমণৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ

author img

By

Published : Oct 26, 2021, 10:41 AM IST

Amit Shah pays tribute to pulwama attack jawans
পুলৱামা আক্ৰমণৰ ৪০ গৰাকী শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ

মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০১৯ চনত পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী চিআৰপিএফ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনায় । পুলৱামাত বীৰ জোৱানৰ স্মাৰকত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাৰ স্মাৰকত উপস্থিত হয় । ২০১৯ চনত পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী চিআৰপিএফ জোৱানলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জনায় । ৰাজ্যপাল মনোজ সিনহায়েও বীৰ জোৱানৰ ত্যাগক সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰে ।

সোমবাৰে অমিত শ্বাহে চিআৰপিএফ শিবিৰ পৰিদৰ্শন কৰাৰ অন্তত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ লেথপোৰাত নিৰাপত্তা বাহিনীৰ সৈতে মত বিনিময় কৰে । ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামা জিলাত চিআৰপিএফৰ কনভয়ৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীয়ে আকস্মিকভাৱে আক্ৰমণ কৰিছিল ।

২,৫০০ গৰাকী জোৱান কঢ়িয়াই নিয়া প্ৰায় ৭৮ খন বাছে জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে যাত্ৰা কৰিছিল । সেই সময়তে পুলৱামাত আদিল আহমেদ দাৰ নামৰ এজন ২২ বছৰীয়া আত্মঘাতী বোমাৰুৱে এখন বিস্ফোৰক ভৰ্তি বাহনেৰে চিআৰপিএফ জোৱান থকা বাছত আক্ৰমণ কৰে । এই আক্ৰমণ সংঘটিত হোৱাৰ কেইদিনমান পাচতে ভাৰতে পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ বালাকোটস্থিত প্ৰশিক্ষণ শিবিৰত এয়াৰ ষ্ট্ৰাইক কৰে ।

উল্লেখ্য যে, পুলৱামাৰ আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী জোৱানৰ নাম সম্বলিত স্মাৰক ২০২০ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাৰ লেথপোৰাস্থিত চিআৰপিএফৰ প্ৰশিক্ষণ কেন্দ্ৰত স্থাপন কৰা হৈছিল । এই স্মাৰকত ৪০ জন বীৰ জোৱানৰ নাম আৰু তেওঁলোকৰ ফটো লগাই থোৱা হৈছে । লগতে চিআৰপিএফৰ মূলমন্ত্ৰ- "সেৱা আৰু নিষ্ঠা" স্মাৰকত লিখা থোৱা আছে । মঙলবাৰে এই জোৱানকেইগৰাকীৰ দেশপ্ৰেমক স্মৰণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ভাৰতত নিতৌ হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে ক'ভিড-১৯ ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.