ETV Bharat / bharat

ক'ভিড-19 ভেকচিন লোৱা যাত্ৰীক 10 শতাংশ মাচুল ৰেহাই ইণ্ডিগ'ৰ

author img

By

Published : Jun 23, 2021, 2:15 PM IST

IndiGo offers 10 discount to vaccinated passengers
ক'ভিড-19 ভেকছিন লোৱা যাত্ৰীক 10 শতাংশ মাচুল ৰেহাই ইণ্ডিগ'ৰ

চলিত কৰ'ণা প্ৰতিষেধক (Covid Vaccine) টিকাকৰণ অভিযানত উদগনি দি এয়াৰলাইন ইণ্ডিগ' "Air line Indigo'ই কৰ'ণা প্ৰতিষেধক টিকাকৰণ গ্ৰহণ কৰা ইণ্ডিগ'ৰ IndiGo যাত্ৰীসকলক টিকটত 10% বিশেষ ৰেহাই প্ৰদান কৰিছে।

নেশ্যনেল ডেস্ক,23 জুন : ক'ভিড মহামাৰীয়ে সমগ্ৰ দেশ তথা ৰাজ্যতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইফালে কৰ'ণা ৰোগ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে প্ৰায় সকলো ৰাজ্যতে আংশিক লকডাউনৰ( Lockdown) লগতে জাৰি কৰিছে ক'ভিড "Covid-19 SOP" ৷ ইফালে প্ৰতিখন ৰাজ্যতে সোমবাৰৰ পৰা 18 বছৰৰ উৰ্ধৰ সকলো লোকক কভিড টিকাকৰণৰ (Covid Vaccine) ব্যৱস্থা কৰিছে চৰকাৰ তথা স্বাস্থ্য বিভাগে ৷

সমান্তৰালকৈ ক'ভিড পৰিস্থিতিত সকলো ব্যৱস্থাৰ লগতে এয়াৰলাইন (Air line) অৰ্থাৎ বায়ু পথৰ বিভাগটোতে ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ ইফালে ইণ্ডিগ বিমানযোগে যাতায়াত কৰা যাত্ৰী সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে এয়াৰলাইন ইণ্ডিগ' (IndiGo) কৰ্তৃপক্ষই এটা বিবৃতিত প্ৰকাশ কৰিছে এক তথ্য ৷ এয়াৰলাইন ইণ্ডিগ’ৱে (IndiGo) প্ৰকাশ কৰা বিবৃতি অনুসৰি, ইণ্ডিগোৱে বুধবাৰৰ পৰা কমেও এটা পালি ক'ভিড-19 ভেকচিন গ্ৰহণ কৰা সকলো যাত্ৰীক 10 শতাংশ মাচুল ৰেহাই প্ৰদান কৰিব ।

এয়াৰলাইনৰ শীৰ্ষ বিষয়াই বিবৃতি যোগে প্ৰকাশ কৰিছে যে, ৰেহাই আধাৰ মাচুলৰ ওপৰত আগবঢ়োৱা হ'ব আৰু এই ৰেহাই কেৱল সীমিত শ্ৰেণীৰ লোকেহে উপলব্ধ হ'ব।

বিবৃতিটোত কোৱা হৈছে, "এই ৰেহাই কেৱল 18 বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে উপলব্ধ যিসকল লোক যাতায়াতৰ বাবে টিকট বুকিংৰ সময়ত ভাৰততে উপস্থিত আছে আৰু কমেও এটা পালি কভিড-19 ভেকচিন (Covid Vaccine) গ্ৰহণ কৰিছে।" টিকট বুকিংৰ সময়ত ৰেহাই লাভ কৰা যাত্ৰীসকলে বিমানবন্দৰৰ চেক-ইন কাউণ্টাৰৰ লগতে বৰ্ডিং গেটত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰী কৰা কভিড-১৯ টিকাকৰণৰ বৈধ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, বিবৃতিটোত কোৱা হৈছে ।

দেশৰ সৰ্ববৃহৎ এয়াৰলাইন হোৱাৰ বাবে, ৰাষ্ট্ৰীয় টীকাকৰণ অভিযানৰ উমৈহতীয়া লক্ষ্য প্ৰাপ্ত কৰিবলৈ অধিকসংখ্যক লোকক উৎসাহিত কৰি অভিযানত অৱদান আগবঢ়োৱাটো আমাৰ দায়িত্ব বুলি মন্তব্য কৰে ইণ্ডিগ'ৰ মুখ্য ৰণনীতি আৰু ৰাজহ বিষয়া সঞ্জয় কুমাৰে ।

লগতে পঢ়ক-প্ৰধান মন্ত্ৰীক ধন্যবাদ জনাবলৈ দিয়া UGC ৰ আদেশক সমালোচনা NSUIৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.